Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Job 21 >> 

1তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি কলে,

2তোমালোকে মন দি মোৰ কথা শুনা; এয়েই তোমালোকৰ শান্ত্বনা হওক।

3অলপ সহন কৰা, ময়েই কওঁ; মিই কোৱাৰ পাছেও তুমি বিদ্ৰূপ কৰি থাকা।

4মোৰ বেজাৰৰ কথা জানো মানুহৰ আগত মই নো কিয় অধৈৰ্য্য নহম ?

5তোমালোকে মোলৈ চাই আচৰিত মানিবা, আৰু মুখত হাত দিবা।

6মনত পৰিলেই মই বিহ্বল হওঁ, আৰু ত্ৰাসতে মোৰ শৰীৰ কঁপে।

7দুষ্টবোৰ কিয় জীয়াই থাকে ? কিয় বৃদ্ধ হয়, আৰু ক্ষমতাশালীও হয়?

8সিহঁতৰ বংশ সিহঁতৰ সন্মুখত সিহঁতৰ লগত থাকে; সিহঁতৰ সন্তান-সন্ততিবোৰ সিহঁতৰ চকুৰ আগত থিৰে থাকে।

9সিহঁতৰ ঘৰবোৰ ভয় নোপোৱাকৈ শান্তিৰে থাকে, আৰু সিহঁতৰ ওপৰত ঈশ্বৰৰ দণ্ডৰ আঘাতো নপৰে।

10সিহঁতৰ ভতৰাই সংগম কৰিলে সেয়ে নিষ্ফল নহয়; সিহঁতৰ গাই জগে, বিনচ নকৰে।

11সিহঁতে নিজ নিজ শিশুবোৰক মেৰৰ জাকৰ দৰে বাহিৰলৈ উলিয়াই দিয়ে; আৰু সিহঁতৰ সন্তানবোৰে নাচ্বাগ কৰে।

12সিহঁতে কঞ্জৰী আৰুবীণা বজাই গান কৰে, আৰু বাঁহীৰ শব্দত উল্লেস কৰে।

13সিহঁতে সুখেৰে নিজ নিজ দিন কটায়; পাছে এক নিমিষতে চিয়োললৈ নামি যায়।

14তথাপি সিহঁতে ঈশ্বৰক কয়, “ তুমি আমাৰ পৰা দূৰ হোৱা; কিয়নো আমি তোমাৰ পথ জানিব নোখোজোঁ।

15সৰ্ব্বশক্তিমান জনা নো কোন, যে, আমি তেওঁৰ সেৱা কৰিম ? আৰু তেওঁৰ আগত প্ৰাৰ্থনা কৰিলে বা আমাৰ কি লাভ?

16চোৱা, সিহঁতৰ মঙ্গল সিহঁতৰ হাতৰ দ্বাৰাই নহয়; দুষ্টবোৰৰ মন্ত্ৰণা মোৰ পৰা দূৰ।

17দুষ্টবোৰৰ প্ৰদীপ নো কিমানবাৰ নুমুউৱা হয়? কিমানবাৰ নো সিহঁতৰ বিপদ সিহঁতলৈ ঘটে? কিমানবাৰ নো ঈশ্বৰে নিজ ক্ৰোধত ক্লেশ বিলাই দিয়ে?

18কিমানবাৰ সিহঁত বতাহৰ আগত খেৰৰ নিচিনা, আৰু ধুমুহাই উড়াই নিয়া ঘুলাৰ নিচিনা হয় ?

19তোমালোকে কোৱা, “ ঈশ্বৰে তাৰ সন্তানবোৰলৈ তাৰ অধৰ্ম্ম সাঁচি থয়”। সিয়েই ভোগ কৰিবৰ নিমিত্তে তেওঁ তাকেই প্ৰতিফল দিয়ক।

20তাৰ নিজ চকুৱেই তাৰ সৰ্ব্বনাশ চাওক, আৰু সৰ্ব্বশক্তিমান জনাৰ ক্ৰোধ সিয়েই পান কৰক।

21কিয়নো, তাৰ মাহ কেইটা ওৰ পৰিলে, সি মৰাৰ পাছত, তাৰ ভাবি-বংশৰ লগত তাৰ কি সম্পৰ্ক?

22যি জনাই উৰ্দ্ধবাসীবিলাকৰো বিচাৰ কৰে, এনে জনা ঈশ্বৰকেই কোনোবাই জ্ঞান শিক্ষা দিব পাৰে নে?

23সকলো ভাবে শান্তিৰে আৰু নিশ্চিন্তে থাকি, কোনোৱে সম্পূৰ্ণ বলত মৰে।

24তাৰ গাখীৰৰ পাত্ৰবোৰ গাখীৰেৰে পৰিপূৰ্ণ, আৰু তাৰ হাড়বোৰৰ মগজু ৰসযুক্ত।

25আন কোনোৱৈ মনত তিতা লাগি মৰে; সি কেতিয়াও মঙ্গলৰ আস্বাদ নাপায়।

26সিহঁত দুয়ো একেলগে ধুলিত শোৱে, আৰু পোকে সিহঁত দুয়োকো ঢাকে।

27চোৱা, মই তোমালোকৰ মনৰ ভব জানিছোঁ; আৰু মোৰ বিৰুদ্ধে অন্যায়কৈ যিবোৰ মন্ত্ৰণা কৰিছা, সেইবোৰকো মই জানিছোঁ।

28কিয়নো তোমালোকে কৈছা, “সেই ডাঙৰীয়াৰ ঘৰ ক’ত? আৰু সেই দুৰ্জনবোৰে বাস কৰা তম্বুটো ক’ত?

29তোমালোকে পথিকবিলাকক সোধা নাই নে?

30দুষ্টই বিপদৰ দিনত ৰক্ষা পায়, আৰু ক্ৰোধৰ দিনত তাক আঁতৰাই নিয়া হয়, এই বুলি তেওঁলোকে কোৱা বিবৰণ তোমালোকে নাজানা নে?

31তাৰ আচৰণৰ কথা তাৰ মুখৰ আগত কোনে ক’ব ? আৰু তাৰ কৰ্ম্মৰ প্ৰতিফল তাক কোনে দিব?

32তথাপি তাক মৈদামলৈ নিয়া হব, আৰু লোকে তাৰ মৈদামত পৰ দি থাকিব।

33আৰু উপত্যকাৰ চপৰাবোৰ তালৈ লঘু যেন বোধ হব; যেনেকৈ তাৰ আগেয়ে অলেখ মানুহ গৈছিল, তেনেকৈ তাৰ পাছতো সকলো মানুহ যাব।

34তেন্তে তোমালোকে কেনে অনৰ্থক শান্ত্বনা দিছা! তোমালোকৰ উত্তৰবোৰ কেৱল মিছাহে।


  Share Facebook  |  Share Twitter

 <<  Job 21 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran