1এদিন আকৌ ঈশ্বৰৰ সন্তনবিলাক যিহোৱাৰ সম্মুখত থিয় হবলৈ উপস্থিত হলত, তেওঁবিলাকৰ মাজত চয়তানো যিহোৱাৰ আগত থিয় হবলৈ উপস্থিত হল।
2তাতে যিহোৱাই চয়তানক সুধিলে, তুমি ক’ৰ পৰা আহিলা ? চয়তানে যিহোৱাক উত্তৰ দি কলে, মই পৃথিৱী ভ্ৰমণ কৰি, আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলো।
3তেতিয়া যিহোৱাই চয়তানক সুধিলে, মোৰ দাস ইয়োবলৈ তুমি মন কৰা নাই নে ? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই; যদিও তুমি অকাৰণে তেওঁৰ সৰ্ব্বনাশ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মোৰ প্ৰবৃত্তি জন্মালা, তথাপি তেওঁ এতিয়াও নিজ সিদ্ধতা ৰক্ষা কৰি আছে।
4তাতে চয়তানে উত্তৰ কৰি যিহোৱাক কলে, ছালৰ অৰ্থে ছাল, এনে কি প্ৰাণৰ অৰ্থে মানুহে সৰ্ব্বস্ব দিব।
5কিন্তু আপুনি আৰু এবাৰ হাত মেলি তেওঁৰ অস্থি আৰু মাংস স্পৰ্শ কৰক; তাতে তেওঁ অৱশ্যে আপোনাৰ সাক্ষাতেই আপোনাক বিদায় দিব।
6তেতিয়া যিহোৱাই চয়তানক কলে, চোৱা, তেওঁ তোমাৰ হাতত আছে; কেৱল তেওঁৰ প্ৰাণৰ বিষয়ে সাৱধান হবা।
7পাচে চয়তানে যিবোৱাৰ আগৰ পৰা ওলাই গৈ ইয়োবক আঘাত কৰি, তেওঁৰ মূৰৰ তালুৰ পৰা ভৰিৰ তলুৱালৈকে বিষম খহু উৎপন্ন কৰিলে।
8তাতে তেওঁ ছাইৰ মাজত বহি এডোখৰ খোলা লৈ গা চুঁচিবলৈ ধৰিলে;
9পাছে তেওঁৰ তিৰোতাই তেওঁক কলে, আপুনি এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি থাকিব নে ? ঈশ্বৰক বিদায় দি প্ৰাণত্যাগ কৰক।
10তাতে তেওঁ তাইক কলে, তুমি এজনী অজ্ঞানী তিৰোতাৰ দৰে কথা কৈছা। আমি ঈশ্বৰৰ পৰা মঙ্গলহে গ্ৰহণ কৰিম নে ? অমঙ্গলকো জানো গ্ৰহণ নকৰিম? এই সকলোতো ইয়োবে নিজ ওঁঠেৰে পাপ নকৰিলে।
11পাছে ইয়োবলৈ ঘটা এইবোৰ আপদৰ কথা তেওঁৰ তিনি জন বন্ধুৰ কাণত পৰিলত, তেওঁবিলাক অৰ্থাৎ তৈমনীয়া ইলীফজ, চপহীয়া বিল্দাদ আৰু নামাথী চোফৰে নিজ নিজ ঠাইৰ পৰা আহি এক পৰামৰ্শ হৈ, তেওঁৰ লগত শোক, আৰু তেওঁক শান্তনা কৰিবৰ নিমিত্তে তেওঁৰ ওচৰলৈ আহিবলৈ থিৰ কৰিলে।
12পাছে তেওঁবিলাকে দুৰৈৰ পৰা চকু তুলি চাই, তেওঁক দেখি চিনিব নোৱাৰিলে। তাতে তেওঁবিলাকে বৰকৈ চিঞঁৰি কান্দিবলৈ ধৰিলে, আৰু নিজ নিজ চোলা ফালি, নিজ নিজ মূৰৰ ওপৰলৈ আকাশৰ ফাললৈ ধুলি ছটিয়ালে।
13আৰু তেওঁবিলাকে সাত দিন সাত ৰাতি তেওঁৰ লগত মাটিতে বহি থাকিল, তেওঁক কোনেও কথা এষাৰকে নকলে; কাৰণ তেওঁবিলাকে তেওঁৰ দুখ অতি অধিক দেখিলে।