Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Proverbs 9 >> 

1প্ৰজ্ঞাই নিজৰ গৃহ নিৰ্মাণ কৰিলে; তেওঁ শিলৰ পৰা সাতটা স্তম্ভ কাটিলে।

2তেওঁ ৰাতিৰ আহাৰৰ বাবে নিজৰ পশু আৰু দ্রাক্ষাৰস যুগুত কৰিলে; আৰু তেওঁ নিজৰ মেজ সজালে।

3তেওঁ নিজৰ দাসীসকলক বাহিৰলৈ পঠাই নগৰৰ ওখ ঠাইৰ পৰা নিমন্ত্ৰণ কৰিলে।

4“যিসকল অশিক্ষিত, তেওঁলোক ইয়ালৈ আহক!” যিসকল জ্ঞান শূন্য তেওঁলোকক তেওঁ ক’লে,

5“আহাঁ, মোৰ আহাৰ ভোজন কৰা, আৰু মই মিহলাই থোৱা দ্ৰাক্ষাৰস পান কৰা।

6শিক্ষাবিহীন পথ এৰি জীৱন ধাৰণ কৰা, সুবিবেচনাৰ পথত চলা।

7যিজনে নিন্দক লোকক শিক্ষা দিয়ে, তেওঁ অপমান পায়, আৰু যিজনে দুষ্টক অনুযোগ কৰে, তেওঁ মনত আঘাত পায়।

8তুমি নিন্দক লোকক অনুযোগ নকৰিবা, কৰিলে তেওঁ তোমাক ঘিণ কৰিব; জ্ঞানী লোকক অনুযোগ কৰা, তেওঁ তোমাক প্ৰেম কৰিব।

9জ্ঞানী লোকক শিক্ষা দিয়া, তেওঁ অধিক জ্ঞানী হ’ব; ধাৰ্ম্মিক লোকক শিক্ষা দিয়া, তেওঁ শিক্ষাত বৃদ্ধি পাব।

10যিহোৱালৈ ভয় ৰখাই প্ৰজ্ঞাৰ আৰম্ভণ, আৰু পবিত্ৰজনাক জনাই সুবিবেচনা।

11কিয়নো মোৰ দ্বাৰাই তোমাৰ আয়ুস বৃদ্ধি হ’ব, আৰু তোমাৰ জীৱনৰ বছৰবোৰ বাঢ়ি যাব।

12তুমি যদি জ্ঞানী, তেনেহ’লে তোমাৰ বাবেই তুমি জ্ঞানী, কিন্তু যদি তুমি নিন্দক, তেনেহ’লে তুমি অকলেই তাৰ ভাৰ ব’বা।”

13অজ্ঞানী মহিলা কোলাহলপূৰ্ণ- তেওঁ অশিক্ষিত, আৰু তেওঁ একো নাজানে।

14তেওঁ নিজৰ ঘৰৰ দুৱাৰত , আৰু নগৰৰ উচ্চ স্থানত বহে।

15যিসকলে সেই পথেৰে যায়, তেওঁলোকক মাতে; সেই লোকসকল নিজ পথত গৈ থাকিলেও তেওঁ মাতে,

16“যিসকলে শিক্ষা পোৱা নাই, তেওঁলোক ইয়ালৈ আহক!” যিসকল জ্ঞানশূন্য, তেওঁলোকক তেওঁ কয়,

17“চুৰ কৰা পানী মিঠা, আৰু গুপুতে খোৱা আহাৰ অতি সুস্বাদু।”

18কিন্তু মৃত্যু যে তাত আছে, আৰু তেওঁৰ অতিথি সকল যে চিয়োলৰ গভীৰ ঠাইত আছে, সেই কথা তেওঁ নাজানে।


  Share Facebook  |  Share Twitter

 <<  Proverbs 9 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran