Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  1 Timothy 6 >> 

1ঈশ্বৰৰ নাম আৰু শিক্ষা যেন নিন্দিত নহয়, সেই বাবে ‘দাসত্বৰ যুৱলিৰ’ অধীন হোৱা দাস সকলে নিজ নিজ প্ৰভুক সম্পূৰ্ণ সমাদৰেৰে যোগ্য জ্ঞান কৰক।

2আৰু যি সকল দাস প্রভুৰ বিশ্বাসী, তেওঁলোক পৰস্পৰ ভাই। সেই বাবে দাস সকলে তেখেত সকলক অসন্মান কৰা উচিত নহয়। বৰং তেওঁলোকে অধিক ভাল ভাবেৰে সেৱা কার্য কৰা উচিত, যিহেতু যি সকলে সেৱা লাভ কৰিছে, তেওঁলোকো বিশ্বাসী আৰু প্রিয়। এইবোৰ কথা শিকোৱা আৰু ঘোষণা কৰা।

3কোনোৱে যদি ভিন্ন শিক্ষা দিয়ে আৰু নিৰাময় সত্য বাক্য, যি বাক্য আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ; সেই বাক্য গ্ৰহন নকৰে, তেওঁ আচলতে ঐশ্বৰীক শিক্ষা গ্ৰহণ নকৰে আৰু ঈশ্বৰভক্তিৰ অনুৰূপ শিক্ষাত মান্তি নহয়৷

4তেওঁ অহংকাৰী আৰু একোকে নাজানে। তেওঁ বাগযুদ্ধৰ যোগেদি অনৰ্থক বাদ-বিবাদ কৰে; এইবোৰৰ পৰাই হিংসা, বিবাদ, নিন্দা, দুষ্ট-ধাৰণাৰ উৎপন্ন হয়৷

5এনে মন-ভ্রষ্ট আৰু সত্যহীন মানুহবোৰৰ পৰাই দ্বন্দ্ব-কাজিয়া উৎপন্ন হয়। তেওঁলোকে সত্যৰ পৰা আতৰি যায় আৰু ঈশ্বৰভক্তিক জাগতিক লাভৰ উপায় বুলি ভাৱে।

6কিন্তু যি কৰিবা, আচলতে সন্তুষ্ট মনেৰে কৰিবা; কিয়নো ঈশ্বৰভক্তিতে সকলো লাভ বিলীন হৈ থাকে।

7কিয়নো আমি এই জগতলৈ একোকে অনা নাই আৰু ইয়াৰ পৰা একো লৈ যাবও নোৱাৰোঁ৷

8সেই বাবে আমি অন্ন-বস্ত্ৰতে সন্তুষ্ট হ’ব লাগে৷

9কিন্তু যি সকলে ধনৱন্ত হ’বলৈ ইচ্ছা কৰে, তেওঁলোকে পৰীক্ষা আৰু ফান্দত পৰে আৰু নানা ধৰণৰ মূৰ্খ আৰু হানিজনক অভিলাষত পৰি যি যি কৰে সেইবোৰে তেওঁলোকক ধ্বংস আৰু বিনাশলৈ লৈ যায়।

10ধনক প্ৰেম কৰাই সকলো মন্দ পথৰ মূল৷ তালৈ আকাংক্ষা কৰি, কোনো কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ যাতনা ৰূপ শলাৰে নিজকেই খোচ মাৰে।

11কিন্তু, হে ঈশ্বৰৰ লোক, তুমি এই সকলোৰে পৰা পলোৱা৷ ধাৰ্মিকতা, ঈশ্বৰভক্তি, বিশ্বাস, প্ৰেম, ধৈৰ্য, মৃদুভাৱ, এইবোৰক পাবলৈ চেষ্টা কৰা।

12বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা৷ যি অনন্ত জীৱনৰ বাবে তুমি আমন্ত্ৰিত হ’লা আৰু অনেক সাক্ষীৰ আগত যি উত্তম বিশ্বাস স্বীকাৰ কৰিলা, তাক তুমি ধাৰণ কৰি থাকা৷

13সকলোৰে জীৱন দিওঁতা ঈশ্বৰৰ সাক্ষাতে আৰু যি জনে পন্তীয় পীলাতৰ আগত সেই উত্তম স্বীকাৰৰূপে সাক্ষ্য দিছিল, সেই খ্ৰীষ্ট যীচুৰ সাক্ষাতেও, মই তোমাক এই আজ্ঞা দিছোঁ যে,

14আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আবিৰ্ভাৱ নোহোৱালৈকে, এই আদেশ নিষ্কলঙ্ক আৰু নিৰ্দোষীকৈ ৰাখিবা৷

15সেই পৰমধন্য ঈশ্বৰ, যি জন একমাত্র পৰাক্রমী, ৰাজত্ব কৰা ৰজা আৰু শাসন কৰা প্রভু, তেৱেঁই সঠিক সময়ত তেওঁক আবির্ভাৱ কৰাব।

16তেৱেই একমাত্ৰ মৃত্যু নোহোৱা আৰু অগম্য দীপ্তি-নিবাসী৷ কোনো মানুহে কেতিয়াও তেওঁক দেখা নাই আৰু দেখা পাবও নোৱাৰে৷ তেওঁৰেই সমাদৰ আৰু অনন্ত পৰাক্ৰম হওক। আমেন।

17যি সকল এই জগতত ধনৱন্ত, তেওঁলোকক এই আজ্ঞা দিয়া যে, তেওঁলোক উচ্চমনা নহওক আৰু তেওঁলোকে অনিশ্চিত ধন-সম্পদত ভাৰসা নকৰক৷ যি জনা ঈশ্বৰে ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে আমাক দিছে, সেইজনা ঈশ্বৰত ভাৰসা কৰক৷

18তেওঁলোকক ভাল কর্ম কৰিবলৈ; ভাল কর্মবোৰত ধনী হৈ উদাৰ আৰু ভগাই ল’বলৈকো ইচ্ছুক হ’বলৈ কোৱা উচিত।

19আৰু সেইৰূপে প্ৰকৃত জীৱন-ধাৰণ কৰি পৰকালৰ বাবে নিজৰ অৰ্থে তেওঁলোকে উত্তম ভিত্তিমূল স্বৰূপ ধন সাঁচক।

20হে তীমথিয়, তোমাক যি গতাই দিয়া হ’ল, তাক পহৰা দি সুৰক্ষিত কৰি ৰাখিবা৷ তথাকথিত মিথ্যা জ্ঞানৰ অসাৰ কথা-বতৰা আৰু তর্ক-বিতর্কৰ মাজলৈ নাযাবা

21কোনো কোনোৱে সেই ধৰণৰ জ্ঞান প্রকট কৰি স্বীকাৰ কৰা বিশ্বাসৰ পথৰ পৰা এফলীয়া হৈ গ’ল৷ ঈশ্বৰৰ অনুগ্রহ তোমালোক সকলোৰে লগত থাকক।


  Share Facebook  |  Share Twitter

 <<  1 Timothy 6 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran