Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  1 Chronicles 6 >> 

1লেবীৰ পুত্র গেৰ্চোন, কহাৎ, আৰু মৰাৰী।

2কহাতৰ পুত্র অম্ৰম, যিচহৰ, হিব্ৰোণ আৰু উজ্জীয়েল।

3অম্ৰমৰ পুত্র হাৰোণ, মোচি, আৰু তেওঁৰ ছোৱালী মিৰিয়ম। হাৰোণৰ পুত্র নাদব, অবীহূ, ইলীয়াজৰ, আৰু ঈথামৰ।

4ইলীয়াজৰৰ পুত্র পীনহচ, পীনহচৰ পুত্র অবীচুৱা।

5অবীচুৱাৰ পুত্র বুক্কী, বুক্কীৰ পুতেক উজ্জী।

6উজ্জীৰ পুত্র জৰহীয়া, জৰহীয়াৰ পুত্র মৰায়োৎ।

7মৰায়োতৰ পুত্র অমৰিয়া, অমৰিয়াৰ পুত্র অহীটুব।

8অহীটুবৰ পুত্র চাদোক, চাদোকৰ পুত্র অহীমাচ।

9অহীমাচৰ পুত্র অজৰিয়া, অজৰিয়াৰ পুত্র যোহানন।

10যোহাননৰ পুত্র অজৰিয়া, অজৰিয়াই যিৰূচালেমত চলোমনে নিৰ্মাণ কৰা মন্দিৰত কাম কৰিছিল।

11অজৰিয়াৰ পুত্র অমৰিয়া, অমৰিয়াৰ পুত্র অহীটুব।

12অহীটুবৰ পুত্র চাদোক, চাদোকৰ পুত্র চল্লুম।

13চল্লুমৰ পুত্র হিল্কিয়া, হিল্কিয়াৰ পুত্র অজৰিয়া;

14অজৰিয়াৰ পুত্র চৰায়া, চৰায়াৰ পুত্র যিহোচাদক।

15যি সময়ত যিহোৱাই নবূখদনেচৰৰ দ্বাৰাই যিহূদা আৰু যিৰূচালেমক বন্দী কৰিছিল, সেই সময়ত যহোচাদককো বন্দী কৰি নিয়া হৈছিল।

16লেবীৰ পুত্র গেৰ্চোম, কহাৎ, আৰু মৰাৰী।

17গেৰ্চোমৰ পুত্রসকলৰ নাম লিবনী আৰু চিমিয়ী।

18কহাতৰ পুত্র অম্ৰম, যিচহৰ, হিব্ৰোণ, আৰু উজ্জীয়েল।

19মৰাৰীৰ পুত্র মহলী আৰু মুচী। এওঁলোক পিতৃ-বংশ অনুসাৰে লেবীয়া গোষ্ঠীৰ লোক আছিল।

20গেৰ্চোমৰ বংশধৰ লিবনী। লিবনীৰ পুত্ৰ যহৎ। যহতৰ পুত্র জিম্মা।

21জিম্মাৰ পুত্র যোৱাহ। যোৱাহৰ পুত্র ইদ্দো। ইদ্দোৰ পুত্র জেৰহ। জেৰহৰ পুত্র যিয়থৰয়।

22কতাহৰ বংশধৰ তেওঁৰ পুত্র অম্মীনাদব। অম্মীনাদবৰ পুত্র কোৰহ। কোৰহৰ পুত্র অচীৰ।

23অচীৰৰ পুত্র ইলকানা। ইলকানাৰ পুত্র অবিয়াচফ। অবিয়াচফৰ পুত্র অচীৰ।

24অচীৰৰ পুত্র তহৎ। তহতৰ পুত্র উৰীয়েল। উৰীয়েলৰ পুত্র উজ্জীয়া। উজ্জীয়াৰ পুত্র চৌল।

25ইলকানাৰ পুত্র অমাচয়, অহীমোৎ আৰু ইলকানা।

26দ্ৱিতীয় ইলকানাৰ পুত্র চফয়। চফয়ৰ পুত্র নহৎ।

27নহতৰ পুত্র ইলীয়াব। ইলীয়াবৰ পুত্র যিৰোহম। যিৰোহমৰ পুত্র ইলকানা।

28চমূৱেলৰ প্ৰথম পুত্র যোৱেল, দ্বিতীয় পুত্র অবিয়া।

29মৰাৰীৰ পুত্র মহলী। মহলীৰ পুত্র লিবনী। লিবনীৰ পুত্র চিমিয়ী।

30চিমিয়ীৰ পুত্র উজ্জা। উজ্জাৰ পুত্র চিমিয়া। চিমিয়াৰ পুত্র হগিয়া। হগিয়াৰ পুত্র অচায়া।

31নিয়ম-চন্দুক জিৰণিৰ ঠাইলৈ অহাৰ পাছত, দায়ূদে যি লোকসকলক যিহোৱাৰ গৃহত সঙ্গীতৰ দ্ৱায়িত্ৱ দিছিল, তেওঁলোকৰ নাম তলত উল্লেখ কৰা হ’ল।

32চলোমনে যিৰূচালেমত যিহোৱাৰ গৃহ নিৰ্ম্মাণ নকৰালৈকে তেওঁলোকে উপাসনা গৃহৰ সন্মুখত, সভা বহা তম্বুৰ সন্মুখত গানৰ দ্বাৰাই যিহোৱাৰ সেৱা কৰিছিল। তেওঁলোকলৈ দিয়া নিৰ্দেশ অনুযায়ী তেওঁলোকে নিজৰ কাৰ্য্য সম্পন্ন কৰিছিল।

33এওঁলোকেই সেই সকল যি নিজৰ সন্তানসকলৰ সৈতে পৰিচৰ্য্যা কৰিছিল। কহাতৰ গোষ্ঠীৰ পৰা সংগীতজ্ঞ হেমন আহিছিল। ইয়াত তেওঁৰ পূৰ্বপূৰুষৰ নাম উল্লেখ কৰা হ’ল: হেমন আছিল যোৱেলৰ পুত্ৰ। যোৱেল আছিল চমূৱেলৰ পুত্র।

34চমূৱেল আছিল ইলকানাৰ পুত্ৰ। ইলকানা আছিল যিৰিহমৰ পুত্র। যিৰিহম আছিল ইলীয়েলৰ পুত্র। ইলীয়েল আছিল তোহৰ পুত্র।

35তোহ আচিল চূফৰ পুত্র। চূফ আছিল ইলকানাৰ পুত্র। মহতৰ পুত্র ইলকানা। ইলকানা আছিল মহৎ অমাচয়ৰ পুত্র। অমাচয় আছিল ইলকানাৰ পুত্র।

36ইলকানা আছিল যোৱেলৰ পুত্র। যোৱেল আছিল অজৰিয়াৰ পুত্র। অজৰিয়া আছিল চফনিয়াৰ পুত্র।

37চফনিয়া আছিল তহতৰ পুত্র। তহৎ আছিল অচীৰৰ পুত্র। অচীৰ আছিল অবিয়াচফৰ পুত্র। অবিয়াচফ আছিল কোৰহৰ পুত্র।

38কোৰহ আছিল যিচহৰৰ পুত্র। যিচহ আছিল কহাতৰ পুত্র। কহাৎ আছিল লেবীৰ পুত্র। লেবী আছিল ইস্ৰায়েলৰ পুত্র।

39হেমনৰ লগৰীয়া আচফ। তেওঁ হেমনৰ সোঁহাতে থিয় হৈছিল। আচফ আছিল বেৰেখিয়াৰ পুত্র। বেৰেখিয়া আছিল চিমিয়াৰ পুত্র।

40চিমিয়া আছিল মীখায়েলৰ পুত্র। মীখায়েল আছিল বাচেয়াৰ পুত্র। বাচেয়া আছিল মল্কিয়াৰ পুত্র।

41মল্কিয়া আছিল ইৎনীৰ পুত্র। ইৎনি আছিল জেৰহৰ পুত্র। জেৰহ আছিল অদায়াৰ পুত্র।

42অদায়া আছিল এথনৰ পুত্র। এথন আছিল জিম্মাৰ পুত্র। জিম্ম আছিল তিমিয়ীৰ পুত্র।

43চিমিয়া আছিল যহতৰ পুত্র। জহৎ আছিল গেৰ্চোমৰ পুত্র। গের্চোম আছিল লেবীৰ পুত্র।

44মৰাৰীৰ সন্তানসকল হেমনৰ সহকৰ্মী আছিল, আৰু তেওঁলোক তেওঁৰ বাওঁহাতে থিয় হৈছিল। তেওঁলোক কীচীৰ পুত্ৰ এথনকো অন্তৰ্ভুক্ত কৰিছিল। কীচী আছিল অব্দীৰ পুত্ৰ। অব্দী আছিল মল্লূকৰ পুত্র।

45মল্লূক আছিল হচবিয়াৰ পুত্র। হচবিয়া আছিল অমচিয়াৰ পুত্র। অমচিয়া আছিল হিল্কিয়াৰ পুত্র।

46হিল্কিয়া আছিল অমচীৰ পুত্র। অমচী আছিল বানীৰ পুত্র। বানী আছিল চেমৰৰ পুত্র।

47চেমৰ আছিল মহলীৰ পুত্র। মহলী আছিল মূচীৰ পুত্র। মূচী আছিল মৰাৰীৰ পুত্র। মৰাৰী আছিল লেবীৰ পুত্র।

48তেওঁলোকৰ সহকৰ্মী লেবীয়া লোকসকলক ঈশ্বৰৰ গৃহৰ পবিত্র স্থানৰ সকলো কাৰ্য্যৰ বাবে নিযুক্ত কৰা হৈছিল।

49হাৰোণ আৰু তেওঁৰ পুত্রসকলে একেলগে মহা-পবিত্ৰস্থানৰ সকলো কাৰ্য্য কৰিছিল। ইস্ৰায়েলক প্ৰায়শ্চিত কৰিবলৈ যজ্ঞ-বেদিৰ ওপৰত হোম-বলি দিছিল, আৰু ধূপ-বেদিৰ ওপৰত ধূপ জ্বলাইছিল। এই সকলো ঈশ্বৰৰ দাস মোচিৰ আজ্ঞা অনুসাৰে তেওঁলোকে কৰিছিল।।

50হাৰোণৰ বংশধৰ সকলক তলত দিয়াৰ দৰে বিবেচনা কৰা হৈছিল: হাৰোণৰ পুত্র আছিল ইলীয়েজৰ। ইলীয়াজৰৰ পুত্র আছিল পীনহচ। পীনহচৰ পুত্র আছিল অবীচূৱা।

51অবীচূৱাৰ পুত্র আছিল বুক্কী। বুক্কীৰ পুত্র আছিল উজ্জী। উজ্জীৰ পুত্র আছিল জৰহিয়া।

52জৰহিয়াৰ পুত্র আছিল মৰায়োৎ। মৰায়োতৰ পুত্র আছিল অমৰিয়া। অমৰিয়াৰ পুত্র আছিল অহীটুব।

53অহীচুবৰ পুত্র আছিল চদোক। চদোকৰ পুত্র আছিল অহীমাচ।

54তলত উল্লেখিত ঠাইসমূহ হাৰোণৰ বংশধৰ সকললৈ নিৰ্ধাৰণ কৰা হৈছিল। কহাতীয়া গোষ্টীসকলৰ বাবে। (চিঠি খেলৰ যোগেদি তেওঁলোকৰ বাবে প্ৰথম ঠাই নিৰ্ধাৰণ কৰা):

55তেওঁলোকক যিহূদা দেশৰ হিব্ৰোণ আৰু তাৰ চাৰিওফালৰ চৰণীয়া ঠাই দিয়া হ’ল।

56কিন্তু সেই নগৰৰ পথাৰ আৰু চাৰিওফালৰ গাওঁবোৰ যিফুন্নিৰ পুত্ৰ কালেবক দিয়া হ’ল।

57হাৰোণৰ বংশধৰসকলক হিব্ৰোণ দিয়া হৈছিল- যিখন এখন আশ্রয়নগৰ আছিল, চৰণীয়া ঠায়ে সৈতে লিবনা, যত্তীৰ, আৰু ইষ্টমোৱা,

58চৰণীয়া ঠায়ে সৈতে হীলেন, আৰু চৰণীয়া ঠায়ে সৈতে দবীৰ দিয়া হ’ল।

59হাৰোণৰ বংশধৰ সকলক চৰণীয়া ঠায়ে সৈতে আচন আৰু চৰণীয়া ঠায়ে সৈতে বৈৎচেমচো দিয়া হ’ল।

60বিন্যামীন জাতিৰ পৰা তেওঁলোকক চৰণীয়া ঠায়ে সৈতে গেবা, চৰণীয়া ঠায়ে সৈতে অল্লেমৎ, আৰু চৰণীয়া ঠায়ে সৈতে অনাথোৎ দিয়া হ’ল। কহাতীয়া গোষ্ঠীৰ লোকসকলে সৰ্ব্বমুঠ তেৰখন নগৰ পাইছিল।

61কহাতৰ অৱশিষ্ট বংশধৰ সকলক মনচিৰ আধা জাতিৰ পৰা চিঠি খেলাই দহখন নগৰ দিয়া হ’ল।

62গেৰ্চোমৰ বংশধৰসকলক তেওঁলোকৰ বিভিন্ন গোষ্ঠী অনুসাৰে ইচাখৰ গোষ্ঠীৰ, আচেৰ গোষ্ঠীৰ, নপ্তালী গোষ্ঠীৰ, আৰু বাচানত থকা মনচিৰ গোষ্ঠীৰ পৰা তেৰখন নগৰ দিয়া হ’ল।

63মৰাৰীৰ বংশধৰ সকলক বিভিন্ন গোষ্ঠী অনুসাৰে ৰূবেণ জাতিৰ, গাদ জাতিৰ, আৰু জবূলূন জাতিৰ পৰা, চিঠি খেলাই বাৰখন নগৰ দিয়া হ’ল।

64এইদৰে ইস্ৰায়েলৰ লোকসকলে লেবীয়াসকলক চৰণীয়া ঠায়ে সৈতে এইবোৰ নগৰ দিলে।

65তেওঁলোকে যিহূদা, চিমিয়োন, বিন্যামীনৰ লোকসকলৰ জাতিৰ পৰা, চিঠি খেলাই ওপৰত লিখা নগৰবোৰ তেওঁলোকক দিলে।

66কিছুমান কহাত গোষ্ঠীৰ লোকসকলক ইফ্ৰয়িম জাতিৰ পৰা নগৰবোৰ দিয়া হ’ল।

67তেওঁলোকক চিখিম, (এখন আশ্ৰয়-নগৰ) চৰণীয়া ঠায়ে সৈতে ইফ্ৰয়িমৰ পৰ্বতীয়া দেশ, চৰণীয়া ঠায়ে সৈতে গেজৰ,

68চৰণীয়া ঠায়ে সৈতে যকমিয়াম, চৰণীয়া ঠায়ে সৈতে বৈৎহোৰোণ,

69চৰণীয়া ঠায়ে সৈতে অলায়োন, আৰু চৰণীয়া ঠায়ে সৈতে গৎ-ৰিম্মোন দিয়া হ’ল।

70কহাতৰ অৱশিষ্ট গোষ্ঠীৰ লোকসকলৰ বাবে মনচিৰ আধা জাতিৰ পৰা চৰণীয়া ঠায়ে সৈতে অনেৰ, আৰু চৰণীয়া ঠায়ে সৈতে বিলিয়ম দিয়া হ’ল।

71গেৰচোমৰ বংশধৰ সকলক মনচিৰ গোষ্ঠীৰ আধা জাতিৰ পৰা, চৰণীয়া ঠায়ে সৈতে বাচানত থকা গোলন, আৰু চৰণীয়া ঠায়ে সৈতে অষ্টাৰোৎ দিয়া হ’ল।

72ইচাখৰ জাতিৰ পৰা গেৰ্চোম বংশধৰ লোকসকলে চৰণীয়া ঠায়ে সৈতে কেদচ, চৰণীয়া ঠায়ে সৈতে দাবৰৎ,

73চৰণীয়া ঠায়ে সৈতে ৰামোৎ, আৰু চৰণীয়া ঠায়ে সৈতে আনেম পাইছিল।

74আচেৰ জাতিৰ পৰা তেওঁলোক চৰণীয়া ঠায়ে সৈতে মিচাল, চৰণীয়া ঠায়ে সৈতে অব্দোন

75চৰণীয়া ঠায়ে সৈতে হূকোক, আৰু চৰণীয়া ঠায়ে সৈতে ৰহোব পাইছিল।

76নপ্তালী জাতিৰ পৰা তেওঁলোকে চৰণীয়া ঠায়ে সৈতে গালীলত থকা কেদচ, চৰণীয়া ঠায়ে সৈতে হম্মোন, আৰু চৰণীয়া ঠায়ে সৈতে কিৰিয়াথয়িম পাইছিল।।

77লেবীয়াসকলৰ অৱশিষ্ট, মৰাৰীৰ বংশধৰ সকলক জবূলূন জাতিৰ পৰা চৰণীয়া ঠায়ে সাতে ৰিম্মোন, আৰু চৰণীয়া ঠায়ে সাতে তাবোৰ দিয়া হ’ল।

78-79 তেওঁলোকক ৰূবেণ জাতিৰ পৰা যিৰীহোত থকা যৰ্দ্দন নদীৰ আন দিশৰ পূব পাৰত থকা চৰণীয়া ঠায়েৰে সৈতে মৰুভূমিত থকা বেচৰ, চৰণীয়া ঠায়ে সৈতে যহচা, চৰণীয়া ঠায়ে সৈতে কদেমোৎ, আৰু চৰণীয়া ঠায়ে সৈতে মেফাৎ দিয়া হ’ল।

80গাদ জাতিৰ পৰা চৰণীয়া ঠায়ে সৈতে গিলিয়দত থকা ৰামোৎ, চৰণীয়া ঠায়ে সৈতে মহনয়িক,

81চৰণীয়া ঠায়ে সৈতে হিচবোন, আৰু চৰণীয়া ঠায়ে সৈতে যাজেৰ দিয়া হ’ল।


  Share Facebook  |  Share Twitter

 <<  1 Chronicles 6 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran