Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  1 Samuel 8 >> 

1চমূৱেল বৃদ্ধ হোৱাৰ পাছত, তেওঁৰ পুত্ৰ সকলক ইস্ৰায়েলৰ ওপৰত তেওঁ বিচাৰকৰ্ত্তা নিযুক্ত কৰিলে।

2তেওঁৰ প্ৰথম পুত্ৰৰ নাম যোৱেল, দ্বিতীয় পুত্ৰৰ নাম অবিয়া আছিল; তেওঁলোকে বেৰ-চেবাত বিচাৰ কৰিছিল।

3তেওঁৰ পুত্ৰসকল পিতৃৰ পথত চলা নাছিল, কিন্তু অসৎ পথত চলিছিল। তেওঁলোকে ভেটী খাই অন্যায় বিচাৰ কৰিছিল৷

4সেই কাৰণে ইস্ৰায়েলৰ বৃদ্ধলোকসকলে চমূৱেলক ল’গ ধৰিবলৈ ৰামালৈ আহিল৷

5তেওঁলোকে চমূৱেলক ক’লে, “চাওক, আপুনি বৃদ্ধ হৈছে, আৰু আপোনাৰ পুত্ৰসকল আপোনাৰ পথত চলা নাই, সেয়েহে অন্যান্য দেশৰ দৰে আমাৰো বিচাৰ কৰিবলৈ আপুনি আমাৰ ওপৰত এজন ৰজা নিযুক্ত কৰি দিয়ক।”

6যি সময়ত তেওঁলোকে কৈছিল, “আমাৰ বিচাৰ কৰিবলৈ আমাক এজন ৰজা দিয়ক” সেই সময়ত চমূৱেলে অসন্তুষ্ট হৈ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে৷

7যিহোৱাই চমূৱেলক ক’লে, “এইলোক সকলে তোমাৰ আগত যি যি কথা কৈছে, সেই সকলো কথা শুনা; কিয়নো সিহঁতে যে তোমাক অগ্ৰাহ্য কৰিলে, এনে নহয়, কিন্তু মই যেন সিহঁতৰ ওপৰত ৰাজত্ব নকৰোঁ, এই আশয়েৰে মোকেই অগ্ৰাহ্য কৰিলে।

8মই মিছৰৰ পৰা সিহঁতক বাহিৰ কৰি অনা দিনৰে পৰা আজিলৈকে সিহঁতে মোলৈ যেনেকৈ ব্যৱহাৰ কৰি আহিছে, অৰ্থাৎ মোক ত্যাগ কৰি অন্যান্য দেৱতাবোৰক পূজা কৰি আহিছে, তেনেকৈ তোমালৈকো একে ব্যৱহাৰ কৰিছে।

9সেয়েহে, এতিয়া সিহঁতৰ কথা শুনা; কিন্তু নম্ৰভাৱে সিহঁতক সাৱধান কৰা আৰু সিহঁতৰ ওপৰত যি ৰজাই ৰাজত্ব কৰিব, সেই ৰজাৰ নিয়ম প্ৰণালী সিহঁতক বুজাই দিয়া।”

10তাৰ পাছত যি লোকসকলে চমূৱেলক ৰজা খুজিছিল, তেওঁলোকৰ আগত তেওঁ যিহোৱাৰ সেই সকলো কথা জনালে।

11আৰু ক’লে, “তোমালোকৰ ওপৰত যি ৰজাই ৰাজত্ব কৰিব তেওঁৰ নিয়ম প্ৰণালী এইদৰে হ’ব; তোমালোকৰ পুত্ৰ সকলক নিজৰ ৰথ আৰু ঘোঁৰাৰ ওপৰত নিযুক্ত কৰিব, আৰু সিহঁত তেওঁৰ ৰথৰ আগে আগে দৌৰি যাব;

12আৰু তেওঁ সিহঁতক নিজৰ সহস্ৰপতি (এক হাজাৰ সৈন্যৰ ওপৰত সেনাপতি) পঞ্চাশপতি (পঞ্চাশ জন সৈন্যৰ ওপৰত সেনাপতি) পাতিব; আৰু নিজৰ মাটিত হাল বাবলৈ, শস্য দাবলৈ, আৰু যুদ্ধৰ অস্ত্ৰ ও ৰথৰ সঁজুলি গঢ়াবলৈ নিযুক্ত কৰি ল’ব।

13তেওঁ আপোনালোকৰ জীয়ৰী সকলকো সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰিবলৈ, ৰান্ধিবলৈ, আৰু চুলাত সেকি খাদ্য বনাবলৈ ব্যৱহাৰ কৰিব।

14তেওঁ উত্তম শস্যক্ষেত্ৰ, দ্ৰাক্ষাবাৰী, আৰু জলফাই গছৰ বাগিছাবোৰ তোমালোকৰ পৰা লৈ নিজ দাস সকলক দিব।

15তোমালোকৰ শস্যৰ আৰু দ্ৰাক্ষাবাৰীৰ ফলৰ দহ ভাগৰ এভাগ লৈ নিজৰ কৰ্মচাৰী আৰু দাস সকলক দিব।

16তেওঁ তোমালোকৰ পুৰুষ আৰু মহিলা দাস সকলক ল’ব আৰু সকলোতকৈ উত্তম ডেকা পুৰুষসকলক আৰু গাধবোৰকো লৈ নিজৰ কামত লগাব।

17তেওঁ তোমালোকৰ ভেড়া আৰু ছাগলীবোৰৰ দহ ভাগৰ এভাগ ল’ব; আৰু তোমালোক তেওঁৰ বন্দী হ’বা।

18সেই দিনা তোমালোকে নিজে মনোনীত কৰি লোৱা ৰজাৰ কাৰনে কান্দিবা; কিন্তু যিহোৱাই সেইদিনা তোমালোকক উত্তৰ নিদিব।”

19কিন্তু লোকসকলে চমূৱেলৰ কথা নামানিলে; তেওঁলোকে তেওঁক ক’লে, “নহয় নহয়! আমাৰ ওপৰত এজন ৰজা হবই লাগিব।

20আমি আন জাতিৰ দৰে হ’বলৈ, আমাৰ বিচাৰ কৰিবলৈ আৰু আমাৰ আগে আগে গৈ আমাৰ পক্ষে যুদ্ধ কৰিবলৈ, আমাক এজন ৰজা লাগে।”

21তাৰ পাছত চমূৱেলে লোকসকলৰ সকলো কথা শুনি পুনৰ সেই কথা যিহোৱাক জনালে।

22যিহোৱাই চমূৱেলক ক’লে, “তুমি লোকসকলৰ কথা শুনা আৰু তেওঁলোকৰ ওপৰত এজন ৰজা পাতি দিয়া।” তাৰ পাছত চমূৱেলে ইস্ৰায়েলৰ লোকসকলক ক’লে, “প্ৰত্যেক জনে নিজৰ নিজৰ নগৰলৈ যাবই লাগিব।”


  Share Facebook  |  Share Twitter

 <<  1 Samuel 8 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran