Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  1 Samuel 6 >> 

1যিহোৱাৰ নিয়ম-চন্দুক ফিলিষ্টীয়া সকলৰ দেশত সাত মাহলৈকে আছিল।

2ফিলিষ্টীয়া সকলে পুৰোহিত আৰু মঙ্গল চোৱা সকলক মাতি আনি ক’লে, “আমি যিহোৱাৰ নিয়ম-চন্দুকৰ বিষয়ে কি কৰিম? কওকচোন, আমি ইয়াক নিজৰ দেশলৈ কেনেকৈ পঠাম?”

3তেওঁলোকে ক’লে, “তোমালোকে বিনা উপহাৰেৰে ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক নপঠাবা, কিন্তু যি কোনো উপায়ে দোষাৰ্থক উপহাৰ তেওঁৰ তালৈ পঠাই দিয়া, তেতিয়াহে তোমালোক সুস্থ হ’বা, আৰু তেওঁৰ হাত তোমালোকৰ পৰা কিয় দূৰ হোৱা নাই, তেতিয়াহে তোমালোকে বুজিবা।”

4তেওঁলোকে সুধিলে, “অমি তেওঁলৈ কি দোষাৰ্থক উপহাৰ পঠাম?” তেওঁলোকে উত্তৰ দি ক’লে, “তোমালোকে পাঁচটা সোণৰ বিহ ফোঁহোৰা আকৃতিৰে সজা আৰু সোণৰ পাচোঁটা নিগনি দি পঠোৱা; পাঁচ নম্বৰটো ফিলিষ্টীয়াসকলৰ পাঁচ জন অধিপতিক বুজায়৷ কাৰণ, তোমালোক আৰু তোমালোকৰ অধিপতিসকল সেই একেই প্লেগ মহামাৰীত আক্ৰান্ত।

5এই হেতুকে তোমালোকে তোমালোকৰ বিহ ফোঁহোৰাৰ আৰু দেশ বিনষ্ট কৰা নিগনি আকৃতিৰে মুৰ্ত্তি নিৰ্ম্মাণ কৰা, আৰু ইস্ৰায়েলৰ ঈশ্বৰক গৌৰৱান্বিত কৰা৷ তেওঁ তোমালোকৰ পৰা আৰু তোমালোকৰ দেৱতাসকলৰ পৰা আৰু তোমালোকৰ দেশৰ পৰাও হয়তো নিজৰ ক্ৰোধ তেওঁ দূৰ কৰিব।

6মিচৰীয়া লোক আৰু ফৰৌণ ৰজাই যেনেকৈ তেওঁলোকৰ মন কঠিন কৰিছিল তেনেকৈ তোমালোকে কিয় মন কঠিন কৰিবা? তেওঁলোকৰ মাজত যেতিয়া তেওঁ অদ্ভুত কাৰ্য্য কৰিছিল, তেতিয়া জানো তেওঁলোকক এৰি দিয়া নাছিল? তাৰ পাছত তেওঁলোক গুছি গ’ল৷

7এই হেতুকে এতিয়া কাঠ লৈ এখন নতুন ৰথ সাজা আৰু কান্ধত যুৱলি নুলোৱা দুজনী খীৰঁতী গাই গৰু আনি ৰথত লগোৱা আৰু সিহঁতৰ পোৱালি সিহঁতৰ পৰা আঁতৰাই ঘৰলৈ লৈ যাবা।

8তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক সেই ৰথৰ ওপৰত তুলি দিবা; আৰু যি সোণৰ বস্তুবোৰ দোষাৰ্থক উপহাৰৰ অৰ্থে প্ৰস্তুত কৰিছিলা, সেইবোৰ এটা বাকচত ভৰাই নিয়ম-চন্দুকৰ কাষত থৈ পঠিয়াই দিবা আৰু সেই নিয়ম-চন্দুকক নিজ বাটে যাব দিবা।

9তাৰ পাছত লক্ষ্য কৰিবা, সেই ৰথ যদি নিজে বৈৎচেমচ নগৰলৈ যায়, তেতিয়া যিহোৱাই যে এনে মহামাৰী ঘটালে সেই বিষয়ে বুজিবা; আৰু যদি নাযায়, তেন্তে আমাক প্ৰহাৰ কৰা জন তেওঁ নহয় বুলি আমি জানিম; কিন্তু ইয়াৰ পৰিৱৰ্ত্তে ঘটনাক্ৰমেহে আমালৈ এই সকলো ঘটিল।”

10তাৰ পাছত লোকসকলে তেওঁলোকক যি দৰে কৈছিল, সেইদৰেই কৰিলে; খীৰঁতী গাই গৰু আনি ৰথত লগালে, আৰু সিহঁতৰ পোৱালি দুটাক ঘৰত বান্ধি থ’লে।

11পাছত সিহঁতে যিহোৱাৰ নিয়ম-চন্দুক, সোণৰ নিগনি আৰু বিহ ফোহোৰোৰ আকৃতিৰে সজা বস্তুবোৰ বাকচত ভৰাই ৰথৰ ওপৰত তুলি দিলে।

12তাৰ পাছত সেই গৰু দুজনীয়ে বৈৎচেমচৰ দিশে হেম্বেলিয়াই হেম্বেলিয়াই গ’ল; সিহঁতে সোঁ-হাতে কি বাওঁ-হাতে নুঘূৰিলে; আৰু ফিলিষ্টীয়াসলকৰ অধিপতিসকলে বৈৎচেমচৰ সীমালৈকে সিহঁতৰ পাছে পাছে গ’ল।

13সেই সময়ত বৈৎচেমচ নিবাসীসকলে উপত্যকাত ঘেহুঁধান দাই থাকোঁতে, ওপৰলৈ মুৰ-দাঙি চাই নিয়ম-চন্দুকটো দেখি তেওঁলোকে আনন্দ কৰিলে।

14ৰথখন বৈৎচেমচ নিবাসী যিহোচোৱাৰ পথাৰ পালে আৰু যি ঠাইত ডাঙৰ শিল এটা আছিল, সেই ঠাইতে ৰ’লহি৷ তাৰ পাছত তেওঁলোকে ৰথৰ কাঠ ফালি, গৰু দুজনীক হোমৰ অৰ্থে যিহোৱাৰ উদ্দেশ্য উৎসৰ্গ কৰিলে।

15লেবীয়াসকলে যিহোৱাৰ নিয়ম-চন্দুক আৰু তাৰ লগত সোণৰ বস্তু থকা বাকচটো নমালে আৰু সেই ডাঙৰ শিলটোৰ ওপৰত ৰাখিলে। বৈৎচেমচৰ লোকসকলে সেইদিনাই যিহোৱাৰ উদ্দেশ্যে হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে।

16ফিলিষ্টীয়াসকলৰ পাঁচজন অধিপতিয়ে এই সকলো দেখিলে আৰু সেই দিনাই ইক্ৰোণলৈ উভটি গ’ল।

17যিহোৱাৰ উদ্দেশ্যে ফিলিষ্টীয়াসকলে দোষাৰ্থক উপহাৰ ৰূপে পঠোৱা বিহফোঁহোৰাৰ আকৃতিৰে সজা সোণৰ বস্তুবোৰ, অচদোদৰ অৰ্থে এটা, ঘচাৰ অৰ্থে এটা, অস্কিলোনৰ অৰ্থে এটা, গাতৰ অৰ্থে এটা আৰু ইক্ৰোণৰ অৰ্থে এটা আছিল৷

18আৰু গড়েৰে আবৃত হোৱা নগৰ হওক বা গাওঁ হওক, পাঁচজন অধিপতিৰ অধীনত ফিলিষ্টীয়াসকলৰ যিমান নগৰ আছিল, সিমান সোণৰ নিগনি আছিল; এই কথা যিহোৱাৰ চন্দুক যিহৰ ওপৰত ৰখা হৈছিল, সেই মহা-শিল ইয়াৰ সাক্ষী হৈ ৰ’ল; বৈৎ-চেমচীয়া যিহোচুৱাৰ পথাৰত সেই শিল আজিলৈকে আছে।

19তেওঁ বৈৎ-চেমচৰ লোকসকলৰ মাজৰ কিছুমানক আঘাত কৰিলে; কাৰণ তেওঁলোকে যিহোৱাৰ নিয়ম-চন্দুকলৈ চাইছিল; সেয়ে তেওঁ সত্তৰজন মানুহক বধ কৰিছিল৷ যিহোৱাই কৰা মহা-প্ৰহাৰ দেখি তেওঁলোকে বিলাপ কৰিলে।

20বৈৎ-চেমচৰ লোকসকলে ক’লে, “এই পবিত্ৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত কোনে থিয় হ’ব পাৰিব? আৰু তেওঁ আমাৰ পৰা কাৰ ওচৰলৈ যাব?”

21তেওঁলোকে কিৰিয়ৎ-যিয়াৰীম-নিবাসী লোকসকললৈ দূত পঠাই ক’লে, “ফিলিষ্টীয়াসকলে যিহোৱাৰ নিয়ম-চন্দুক ওভোটাই আনিলে; তোমালোকে নামি আহি এই নিয়ম-চন্দুক তোমালোকৰ ওচৰলৈ লৈ যোৱা।


  Share Facebook  |  Share Twitter

 <<  1 Samuel 6 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran