Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Joel 3 >> 

1কিয়নো চোৱা, সেইবাৰ দিনত আৰু সেই সময়ত, যেতিয়া মই যিহূদাৰ আৰু যিৰূচালেমৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম,

2তেতিয়া মই আটাই জাতিক গোটাই যিহোচাফট [ যিহোৱাৰ বিচাৰ ] উপত্যকালৈ নমাই আনিম; আৰু মোৰ প্ৰজা ও আধিপত্য যি ইস্ৰায়েলক সিহঁতে জাতিবিলাকৰ মাজত ছিন্ন-ভিন্ন কৰিলে, আৰু মোৰ দেশ ভাগ বাঁটি ললে, মই সেই ইস্ৰায়েলৰ অৰ্থে তাত সিহঁতে সৈতে প্ৰতিবাদ কৰিম;

3সিহঁতে মোৰ প্ৰজাবিলাকৰ নিমিত্তে চিঠী-খেলালে, ল’ৰা দি বেশ্যা ললে, আৰু পান কৰিবৰ অভিপ্ৰায়েৰে ছোৱালী দি দ্ৰাক্ষাৰস কিনিলে।

4আৰু হে তুৰ, চীদোন, আৰু পলেষ্টীয়াবিলাকৰ আটাই অঞ্চল, মোৰ আগত তোমালোক কি ? তোমালোকে মোৰ ওপৰত প্ৰতিকাৰ সাধিব খুজিছা নে ? যদি তোমালোকে মোৰ ওপৰত প্ৰতিকাৰ সাধা, তেন্তে মই বেগেৰে অতি শীঘ্ৰে, তোমালোকে সধা প্ৰতিকাৰৰ প্ৰতিফল তোমালোকৰ মূৰৰ ওপৰত দিম।

5কিয়নো তোমালোকে মোৰ ৰূপ আৰু সোণ নিলা, আৰু তোমালোকৰ মন্দিৰবোৰলৈ মোৰ উত্তম উত্তম মনোহৰ বস্তুলৈ গলা;

6তোমালোকে যিহূদাৰ আৰু যিৰূচালেমৰ সন্তানবিলাকক তেওঁবিলাকৰ সীমাৰ পৰা দূৰ কৰিবৰ নিমিত্তে যাবনৰ সন্তানবিলাকৰ গুৰিত তেওঁবিলাকক বেচিলা।

7কিন্তু চোৱা যি ঠাইত তোমালোকে তেওঁবিলাকক বেচিলা, সেই ঠাইৰ পৰা মই তেওঁবিলাকক সাৰ পোওৱাই উদ্ধাৰ কৰিম, আৰু তোমালোকে সধা প্ৰতিকাৰৰ প্ৰতিফল মই তোমালোকৰ মূৰৰ ওপৰত দিম।

8আৰু তোমালোকৰ পো-জীবোৰক যিহূদাৰ সন্তানবিলাকৰ হাতত বেচিম, আৰু তেওঁবিলাকে সিহঁতক দূৰত থকা জাতি চিবায়ীয়া লোকবিলাকৰ গুৰিত বেচিব; কিয়নো যিহোৱাই ইয়াক কলে।

9তোমালোকে জাতিবিলাকৰ মাজত এই কথা ঘোষণা কৰা, যুদ্ধ আৰম্ভ কৰা, বীৰবিলাকক জগোৱা, আটাই ৰণুৱা আহি উপস্থিত হওক।

10তোমালোকে তোমালোকৰ নাঙলৰ ফাল পিটি তৰোৱাল, আৰু তোমালোকৰ কলম দিয়া কটাৰী পিটি তৰোৱাল, আৰু তোমালোকৰ কলম দিয়া কটাৰী পিটি যাঠী গঢ়োৱা; মই বীৰ, এই বুলি দুৰ্ব্বল জনে কওক।

11হে চাৰিওফালৰ আটাই জাতি, বেগেৰে আহি গোট খোৱা; হে যিহোৱা, তোমাৰ বীৰবিলাকক ইয়ালৈ নমাই আনা।

12জাতিবিলাক জাগি উঠক, সিহঁত যিহোচাফট উপত্যকালৈ আহক; কিয়নো মই সেই ঠাইতে চাৰিওফালে থকা জাতিবিলাকৰ বিচাৰ কৰিবলৈ বহিম।

13তোমালোকে কাচি লগোৱা; কিয়নো শস্য পকিল; আহাঁ গচকা, কিয়নো দ্ৰাক্ষাকুণ্ড পৰিপূৰ্ণ আছে, আৰু ৰসৰ আধাৰবোৰ উপচি পৰিছে; কাৰণ সিহঁতৰ দুষ্টতা অধিক।

14দণ্ডাজ্ঞা-সিদ্ধিৰ উপত্যকাত লোক জুমে জুমে আছে; কিয়নো দণ্ডাজ্ঞা-সিদ্ধিৰ উপত্যকাত দণ্ড দিব লগা যিহোৱাৰ দিন ওচৰ।

15সূৰ্য্য আৰু চন্দ্ৰ অন্ধকাৰ হৈছে, আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়ে।

16আৰু যিহোৱাই চিয়োনৰ পৰা গৰ্জ্জন কৰিব, যিৰূচালেমৰ পৰা নিজৰ মাত শুনাব, আকাশ-মণ্ডল আৰু পৃথিবী কঁপিব; কিন্তু যিহোৱা নিজ প্ৰজাবিলাকৰ আশ্ৰয় আৰু ইস্ৰায়েলৰ সন্তানবিলাকৰ কোঁঠস্বৰূপ হব।

17তাতে, মই যে মোৰ পবিত্ৰ পৰ্ব্বত চিয়োনত বাস কৰোঁতা তোমালোকৰ ঈশ্বৰ যিহোৱা, তাক তোমালোকে জানিবা; তেতিয়া যিৰূচালেম পবিত্ৰ হব, বিদেশীবোৰে তাৰ মাজেদি আৰু অহা-যোৱা নকৰিব।

18সেই দিনা পৰ্ব্বতবোৰৰ পৰা নতুন দ্ৰাক্ষাৰস টোপা-টোপে পৰিব, ওখ পৰ্ব্বতবোৰৰ পৰা গাখীৰৰ সূঁতী বৈ যাব, যিহূদাৰ আটাই জুৰিবোৰৰ পানী বব, আৰু যিহোৱাৰ গৃহৰ পৰা এটা ভুমুক ওলাই চিৰ্টীমৰ উপত্যকাত পানী দিব।

19যিহূদাৰ সন্তানবিলাকক কৰা অত্যাচাৰৰ নিমিত্তে মিচৰ ধ্বংসস্থান হব, আৰু ইদোম ধ্বংস-অৰণ্য হব, কিয়নো সিহঁতে নিজৰ দেশতে নিৰ্দ্দোষীৰ ৰক্তপাত কৰিলে।

20কিন্তু যিহূদী চিৰকাললৈকে, আৰু যিৰূচালেম পুৰুষানুক্ৰমে থাকিব।

21আৰু মই তেওঁবিলাকৰ যি ৰক্তপাতৰ প্ৰতিকাৰ সধা নাই, সেই ৰক্তপাতৰ প্ৰতিকাৰ সাধিম; কিয়নো যিহোৱাই চিয়োনত বাস কৰিছে।



 <<  Joel 3 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran