Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Isaiah 34 >> 

1হে জাতিসমূহ ওচৰলৈ আহা আৰু শুনা, হে লোকসমূহ মনোযোগ দিয়া! পৃথিবী আৰু ইয়াক পৰিপূর্ণ কৰা সকলোৱে, জগত আৰু তাৰ পৰা উৎপন্ন হোৱা সকলোৱে অৱশ্যে শুনক।

2কাৰণ সকলো জাতিৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ আছে, আৰু তেওঁলোকৰ সকলো সৈন্যৰ বিৰুদ্ধে তেওঁ অগ্নিশর্মা; তেওঁ তেওঁলোকক সম্পূর্ণ ভাবে ধ্বংস কৰিব, বধ কৰিবলৈ তেওঁ তেওঁলোকক প্রাণীহত্যা কাৰীৰ হাতত শোধাই দিব।

3তেওঁলোকৰ নিহত সকলক কবৰ নিদিয়াকৈ থ’ব; তেওঁলোকৰ মৰা শৱবোৰৰ পৰা চাৰিও ফালে দুৰ্গন্ধ হ’ব, তেওঁলোকৰ তেজেৰে পৰ্ব্বতবোৰ ভিজিব।

4আকাশৰ সকলো তৰাবোৰ অদৃশ্য হৈ যাব, আৰু নুৰিওৱা পুথিৰ দৰে আকাশক নুৰিওৱা হ’ব; আৰু তাৰ সকলো তৰা অদৃশ্য হ’ব, দ্ৰাক্ষালতাৰ পৰা পাত লেৰেলি সৰি পৰাৰ দৰে, আৰু বেচিকৈ পকা ডিমৰু যি দৰে ডিমৰু গছৰ পৰা সৰি পৰে,

5কাৰণ যেতিয়া মোৰ তৰোৱালে স্বৰ্গত পূর্ণ হোৱাকৈ তেজ পান কৰিব; চোৱা, এইটো এতিয়া ইদোমৰ ওপৰলৈ আহিব, সেই লোকসকললৈ মই ধ্বংস কৰিবলৈ পঠিয়াম।

6যিহোৱাৰ তৰোৱাল তেজেৰে টোপাটোপে পৰা, আৰু চর্বিৰে আবৃত, ভেৰা আৰু ছাগলীবোৰৰ তেজেৰে টোপাটোপে পৰা, মতা ভেৰা ছাগলীৰ মুত্রাশয়ৰ চর্বিৰে আবৃত। কাৰণ যিহোৱাই বস্ৰাত বলিদান কৰিছে আৰু ইদোম দেশত মহাহত্যা হৈছে।

7তেওঁলোকৰ সৈতে ষাড় গৰুও হত্যা কৰা হ’ব আৰু কম বয়সীয়া ষাড় গৰুৰ সৈতে বুঢ়া গৰুও। তেওঁলোকৰ দেশ তেজেৰে মাতাল হ’ব, আৰু তেওঁলোকৰ ধুলি চর্বিৰে চর্বিযুক্ত হ’ব।

8কাৰণ এইয়ে যিহোৱাৰ প্ৰতিশোধ লোৱা দিন হ’ব, চিয়োনৰ অৰ্থে পোনৰ প্ৰতিফল দিয়া বছৰ হ’ব।

9ইদোমৰ নৈবোৰ আলকাতৰালৈ পৰিণত হ’ব, তাইৰ ধূলিবোৰ গন্ধক হ’ব, আৰু তাইৰ দেশ প্ৰজ্বলিত আলকাতৰা হ’ব।

10সেয়ে দিনে ৰাতিয়ে জ্বলিব; চিৰকাললৈ ইয়াৰ ধোঁৱা উঠিব; পুৰুষানুক্ৰমে ই অনুর্বৰ হৈ থাকিব; কোনেও তাৰ মাজেদি চিৰকাললৈকে নাযাব।

11কিন্তু বনৰীয়া চৰাই আৰু পশু তাত বাস কৰিব, ফেঁচা আৰু ঢোঁৰা কাউৰীয়ে তাত বাহ সাজিব। তেওঁ তাৰ ওপৰত ধ্বংসৰ পৰিমাণ-জৰী আৰু ওলোম সূতা বিস্তাৰ কৰিব।

12তাইৰ প্ৰধানলোকসকলৰ ৰাজ্যত বুলি কবলৈ একো নথাকিব, আৰু তাইৰ ৰাজকুমাৰ সকলৰ কাকো নাথাকিব।

13তাইৰ ৰাজপ্রসাদবোৰ কাঁইটে ছাটি ধৰিব, চোৰাত গছ আৰু কাইটীয়া জাৰণি তাইৰ দুর্গ হ’ব। এইয়া শিয়ালৰ বসতি স্থান আৰু উট পক্ষীৰ কাৰণে ঠাই হ’ব।

14বনৰীয়া জন্তু আৰু হাইঈনাই তাত লগ হ’ব, আৰু বনৰীয়া ছাগলীয়ে ইটোৱে সিটোৰ বাবে চিঞৰিব। সেই ঠাইত নিশাচৰ জন্তুৱে নিবাস কৰিব, আৰু নিজৰ বাবে বিশ্ৰামৰ ঠাই বিচাৰি পাব।

15ফেঁচাই বাহ সাজি, কণী উমনি দি পোৱালী জগাব, আৰু পোৱালবোৰক সুৰক্ষা দিব। হয় সেই ঠাইত প্রতিজনী শেন চৰাইয়ে নিজৰ সঙ্গীৰ সৈতে গোট খাব।

16যিহোৱাৰ নুৰিয়া পুথিত একাদিক্রমে বিচাৰা; ইয়াৰ এটাৰো অভাব নহ’ব। সঙ্গী বাবে কাৰো অভাৱ নহ’ব, কাৰণ যিহোৱাই নিজৰ মুখেৰে এই আদেশ দিলে, আৰু তেওঁৰ আত্মাই সিহঁতক গোটালে।

17তেওঁ সিহঁতৰ বাবে চিঠি খেলালে, আৰু সিহঁতৰ বাবে তেওঁ নিজৰ হাতেৰে পৰিমান জৰীৰ দ্বাৰাই তাক ভাগ বাটি দিলে। সিহঁতে তাক সদাকালৰ বাবে অধিকাৰ কৰিব, পুৰুষানুক্ৰমে তাত বাস কৰিব।



 <<  Isaiah 34 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran