1পাছে তেওঁ বৰ মাতেৰে কোৱা এই বাক্য মোৰ কাণত পৰিল, যে, নগৰখনৰ দণ্ড দিব লগীয়াবিলাকক চপোৱা; প্ৰতিজনে হাতত বিনাশক অস্ত্ৰ লৈ আহক।
2তাতে মই দেখিলোঁ, উত্তৰ দিশৰ ওপৰ বাট-চৰাৰ বাটেদি নিজ নিজ হাতত গদা লৈ ছয় জন মানুহ আহিল; তেওঁবিলাকৰ মাজত শণ সূতাৰ বস্ত্ৰ পিন্ধা, আৰু কঁকালত লিখকৰ মৈলাম থকা এজন পুৰুষ আছিল। তেওঁবিলাক সোমাই পিতলৰ যজ্ঞ-বেদিৰ কাষত থিয় হ’ল।
3এনেতে, যি কৰূব কেইজনৰ ওপৰত ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আছিল, সেই গৌৰৱ সেই কৰূব কেইজনৰ পৰা উঠি গৃহটিৰ দুৱাৰডলিলৈ গ’ল। পাছে শণ সূতাৰ বস্ত্ৰ পিন্ধা, আৰু কঁকালত মৈলাম থকা সেই পুৰুষজনক যিহোৱাই মাতি কলে,
4পাছে মই শুনাকৈ তেওঁ আনকেইজনক মাতি কলে, তোমালোকে এইজনৰ পাছে পাছে নগৰৰ মাজেদি গৈ, তাৰ মাজত কৰা সকলো ঘিণলগীয়া কাৰ্য্যৰ নিমিত্তে হুমুনিয়াহ পেলোৱা আৰু চিঞৰি কন্দা মানুহৰ কপালত চিন দিয়া।
5পাছে মই শুনাকৈ তেওঁ আনকেইজনক কলে, তোমালোকে এই জনৰ পাছে পাছে নগৰৰ মাজেদি গৈ, প্ৰহাৰ কৰা, কৃপাদৃষ্টি কি দয়াও নকৰিবা;
6বুঢ়া, ডেকা, যুৱতী, শিশু আৰু তিৰোতা আদি সকলোকে নিঃশেষে বধ কৰা; কিন্তু চিন থকা কোনো মানুহৰ ওচৰলৈ নাযাবা; আৰু মোৰ পবিত্ৰস্থানৰ পৰা আৰম্ভ কৰা। তেতিয়া তেওঁবিলাকে গৃহৰ সন্মূখত থকা সেই বৃদ্ধ কেইজনৰ পৰা আৰম্ভ কৰিলে।
7পাছে তেওঁ তেওঁবিলাককক কলে, গৃহটি অশুচি কৰা, চোতাল কেইখন হত লোকেৰে পূৰ কৰা তোমালোক ওলাই যোৱা। তাতে তেওঁবিলাকে ওলাই গৈ নগৰৰ মাজত প্ৰহাৰ কৰিলে।
8তেওঁবিলাকে প্ৰহাৰ কৰোঁতে মই অৱশিষ্ট থাকিলত,উবুৰি হৈ পৰি চিঞৰি কান্দি কলোঁ, হায় হায় প্ৰভূ যিহোৱা, তুমি যিৰূচালেমৰ ওপৰত তোমাৰ ক্ৰোধ বৰষাই ইস্ৰায়েলৰ আটাই অৱশিষ্ট ভাগ বিনষ্ট কৰিবা নে?
9তেতিয়া তেওঁ মোক কলে, ইস্ৰায়েল আৰু যিহূদা বংশৰ অপৰাধ অতিশয় বৰ, আৰু দেশ তেজেৰে পৰিপূৰ্ণ, আৰু নগৰখন অন্যায় বিচাৰেৰে ভৰা; কিয়নো তেওঁবিলাকে কয়, যিহোৱাই পৃথিৱী ত্যাগ কৰিলে, যিহোৱাই দেখা নাপায়।
10মই হ’লে কৃপাদৃষ্টি কি দয়াও নকৰিম; কিন্তু তেওঁবিলাকৰ কাৰ্য্যৰ ফল তেওঁবিলাকৰ মূৰত ফলিওৱাম।
11পাছে চোৱা, শণ সূতাৰ বস্ত্ৰ পিন্ধা, আৰু কঁকালত মৈলাম থকা সেই পুৰুষজনে, তুমি মোক হুকুম দিয়ামতে মই কৰিলোঁ, এই বুলি বাৰ্ত্তা দিলেহি।