Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 47 >> 

1পাছে তেওঁ মোক গৃহটিৰ দুৱাৰমুখলৈ ওলোটাই নিলে; আৰু চোৱা, গৃহটিৰ দুৱাৰ ডলিৰ তলৰ পৰা জলসমূহ ওলাই পূৱ দিশলৈ বৈ গৈছিল কিয়নো গৃটিৰ আগফাল পূৱদিশে আছিল; আৰু বেদিটোৰ দক্ষিণে গৃহটিৰ সোঁ কাষৰ তলৰ পৰা সেই জলসমূহ নামি গৈছিল।

2পাছে তেওঁ মোক বাট-চৰাটোৰ বাটেদি উত্তৰফলে ওলিয়াই নিলে, আৰু মোক ঘূৰাই আহিবৰ বাটেদি, পূৱফালে মুখ কৰা বাট-চৰাটোলৈ যোৱা পথেদি বাহিৰ বাট-চৰাটোলৈ নিলে, আৰু চোৱা, সোঁ ফালে জলসমূহ ওলাই বৈ গৈছিল।

3পাছে পুৰুষজনে হাতত ৰছী এডাল লৈ পূৱফাললৈ আগ বাঢ়ি গৈ এক হাজাৰ হাত জুখিলে, আৰু মোক জল সমূহৰ মাজেদি নিলে; সেয়ে খাৰ-গঁঠিয়া পানী।

4আকৌ তেওঁ এক হাজাৰ হাত জুখিলে, আৰু জলসমূহৰ মাজেদি মোক নিলে; সেয়ে একাঁঠুৱা পানী। পুনৰায় তেওঁ এক হাজাৰ হাত জুখিলে, আৰু মোক জলসমূহৰ মাজেদি নিলে; সেয়ে একাঁকলীয়া পানী।

5পাছে তেওঁ আকৌ এক হাজাৰ হাত জুখিলে, সেয়ে মই পাৰ হৈ যাব নোৱাৰা এখন নদী; কিয়নো জল সমূহ বাঢ়িল, সাঁতোৰিব লগা জলসমূহ হ’ল, পাৰ হৈ যাব নোৱাৰা এখন নদী হ’ল।

6তেওঁ মোক কলে, হে মনুষ্য সন্তান, তুমি ইয়াক দেখিছা নে? এইবুলি তেওঁ মোক পুনৰায় নদীখনৰ দাঁতিলৈ লৈ গ’ল।

7মই উলটিলত, চোৱা, নদীখনৰ পাৰত ইপাৰে সিপাৰে অনেক অনেক গছ আছে।

8পাছে তেওঁ মোক কলে, এই জলসমূহ পূৱ অঞ্চললৈ ওলাই গৈছে; এয়ে অৰাবাৰ মাজেদি নামি যাব, তাৰ পাছত সমূদ্ৰলৈ যাব; এই জন সমূহ সমূদ্ৰত সোমালে তাৰ পানী উত্তম হৈ যাব।

9আৰু এই মহানদীখন যোৱা সকলো ঠাইৰ অসংখ্য জীৱজন্তু জীব আৰু বহুসংখ্যক মাছ হ’ব; কিয়নো এই জলসমূহ সমূদ্ৰলৈ গ’লে তাৰ জলসমূহ উত্তম হৈ যাব; আৰু নদীখন যোৱা সকলো ঠাই সকলো প্ৰাণী জীব।

10তাৰ পাৰত মাছমৰীয়াবিলাক থিয় হ’ব, আৰু অয়িন-গদীৰ পৰা অয়িন-ইগ্লয়িমলৈকে জাল মেলি দিয়া ঠাই হ’ব; সিহঁতৰ মাছ মহাসমূদ্ৰৰ মাছৰ নিচিনাকৈ নানা বিধৰ অসংখ্য মাছ হ’ব।

11কিন্তু তাৰ বোকা ঠাই আৰু দল-দলনিবোৰ উত্তম নহ’ব; সেইবোৰ লোণীয়া ঠাই হ’ব।

12আৰু নদীখনৰ কাষত, তাৰ পাৰত ইফালে সিফালে সকলোবিধৰ খোৱা গুটিৰ গছ হ’ব, সেইবোৰৰ পাত জঁয় নপৰিব আৰু গুটি নুঢুকাব; জলসমূহ ধৰ্ম্মধামৰ পৰা ওলোৱাৰ কাৰণে সেইবোৰত মাহে মাহে নতুন নতুন গুটি ধৰিব; আৰু সেইবোৰৰ গুটি আহাৰৰ নিমিত্তে, আৰু সেইবোৰৰ পাত সুস্থ কৰিবৰ নিমিত্তে হ’ব।

13প্ৰভূ যিহোৱাই এই কথা কৈছে, যি সীমাৰ ভিতৰত তোমালোকে ইস্ৰায়েলৰ বাৰ ফৈদ অনুসাৰে আধিপত্যৰ নিমিত্তে দেশ ভাগ বাঁটবা, সেই সীমা এই; যোচেফে দুভাগ পাব।

14আৰু মই তোমালোকৰ পূৰ্ব্ব-পুৰুষবিলাকক দিবলৈ যি দেশৰ বিষয়ে হাত দাঙি শপত কৰিছিলোঁ, সেই দেশ তোমালোকে সমানে আধিপত্যস্বৰূপে ল’বা; সেই দেশ আধিপত্যস্বৰূপে তোমালোকৰ হ’ব।

15আৰু দেশৰ সীমা এই হ’ব। উত্তৰফালে মহাসমূদ্ৰৰ পৰা হিতলোনৰ বাটেদি চদাদৰ প্ৰৱেশ স্থানৰ ফাললৈ।

16হমাৎ, বেৰোথা, দম্মেচকৰ আৰু হমাতৰ সীমাৰ মাজত থকা চিব্ৰয়িম, আৰু হাওৰাণৰ সীমাত থকা হাচেৰ-হত্তীকোণ।

17এইদৰে সীমাটো সমূদ্ৰৰ পৰা দম্মেচকৰ সীমাত থকা হচৰ-ঐনোনলৈকে যাব, আৰু উত্তৰ ফালে উত্তৰদিশে হমাতৰ সীমা।

18এয়ে উত্তৰ ফাল। আৰু পূৱফাল হাওৰাণ, দম্মেচক,ও গিলিয়দ, এই কেইটাৰে আৰু ইস্ৰায়েল দেশৰে মাজত থকা যৰ্দ্দন হ’ব; উত্তৰ সীমাৰ পৰা পূৱ সমূদ্ৰলৈকে তোমালোকে জুখিবা।

19এয়ে পূৱ ফাল। আৰু দক্ষিণদিশে দক্ষিণ ফাল, তামৰৰ পৰা মৰীবোৎ-কাদেচৰ জলসমূহেদি, মিচৰ জুৰিয়েদি মহাসমূদ্ৰলৈকে হ’ব। এয়ে দক্ষিণ দিশৰ দক্ষিণ ফাল।

20আৰু দক্ষিণ সীমাৰে পৰা হমাতৰ প্ৰৱেশস্থানৰ সন্মূখলৈকে পশ্চিমফাল মহাসাগৰ হ’ব।

21এয়ে পশ্চিমফাল। এইদৰে ইস্ৰায়েলৰ ফৈদ অনুসাৰে তোমালোকে এইদেশ তোমালোকৰ নিমিত্তে ভাগ বাঁটিবা।

22তোমালোকে নিজৰ নিজৰ নিমিত্তে, আৰু বিদেশী লোকবিলাকে তোমালোকৰ মাজত প্ৰবাস কৰি তোমালোকৰ মাজত সন্তান উৎপন্ন কৰিব, সিহঁতৰ নিমিত্তেও তাক আধিপত্যৰ অৰ্থে চিঠী-খেলেৰে বাগ বাঁটিবা; আৰু সিহঁত ইস্ৰায়েলেৰে সন্তানবিলাকৰ মাজত তোমালোকৰ বিবেচনাত স্বজাতীয় যেন হ’ব; সিহঁতে ইস্ৰায়েলৰ ফৈদবিলাকৰ মাজত তোমালোকৰ লগত আধিপত্য পাব।

23আৰু প্ৰভূ যিহোৱাই কৈছে, যি ফৈদৰ মাজত বিদেশীয়ে বাস কৰিব, তাতেই তোমালোকে তাৰ আধিপত্য দিবা।



 <<  Ezekiel 47 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran