Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 30 >> 

1পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

2হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোকে হাহাকাৰ কৰি কোৱা, হায়, হায়, সেয়ে কেনে দিন!

3কিয়নো সেই দিন ওচৰ, এনে কি, যিহোৱাৰ দিন, মেঘে ঢকা দিন ওচৰ; সেয়ে জাতিবিলাকৰ কাল হ’ব।

4তৰোৱাল মিচৰৰ ওপৰত পৰিব; আৰু যেতিয়া মিচৰত হত লোকবোৰ পতিত হ’ব, তাৰ লোকসমূহক নিয়া হ’ব, আৰু তাৰ ভিত্তিমূলবোৰ ভঙা হ’ব তেতিয়া কূচত যাতনা হ’ব।

5কূচ, পূট, লূদ, মিহলি থকা আটাই লোকবিলাক কূব আৰু নিয়মটি পতা দেশৰ লোকবিলাক সিহঁতৰ লগত তৰোৱালৰ দ্বাৰাই পতিত হ’ব।

6যিহোৱাই এই কথা কৈছে, যিবিলাক মিচৰৰ স্তম্ভস্বৰূপ সিবিলাকো পতিত হ’ব আৰু তাৰ পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ’ব; মিগ্দোলৰ পৰা চিবেনিলৈকে তাৰ লোকবিলাক তৰোৱালৰ দ্বাৰাই পতিত হ’ব, ইয়াক প্ৰভূ য়িহোৱাই কৈছে।

7আৰু ধ্বংস কৰা দেশবোৰৰ মাজত সিহঁতো ধ্বংস অৱস্থা পোৱা লোক হ’ব, আৰু তাৰ নগৰবোৰ উচ্ছন্ন হোৱা নগৰবোৰৰ মাজৰ উচ্ছন্ন নগৰ হ’ব।

8মই যেতিয়া মিচৰত জুই লগাম, আৰু তাৰ আটাই সাহাৰ্য্যকাৰীবোৰ নষ্ট হ’ব তেতিয়া, মই যে যিহোৱা, তাক সিহঁতে জানিব।

9সেই দিনা নিশ্চিন্তে থকা কূচীয়াহঁতক ভয় লগাবলৈ দূতবিলাকে মোৰ আগৰ পৰা জাহাজেৰে ওলাই যাব, আৰু মিচৰৰ দিনৰ নিচিনাকৈ সিহঁতৰ মাজত যাতনা হ’ব; কিয়নো চোৱা, সেয়ে আহিছে।

10প্ৰভূ যিহোৱাই এইদৰে কৈছে, মই বাবিলৰ ৰজা নবুখদনেচৰৰ হাতৰ দ্বাৰাই মিচৰৰ লোকসমূহক লুপ্ত কৰিম।

11তেওঁক আৰু তেৱেঁ সৈতে তেওঁৰ প্ৰজাবিলাকক, জাতিবিলাকৰ ভয়ানক লোকক দেশ বিনষ্ট কৰিবৰ অৰ্থে অনা হ’ব; আৰু সিহঁতে মিচৰৰ বিৰুদ্ধে নিজ নিজ তৰোৱাল ফাকৰপৰা উলিয়াই হত লোকেৰে দেশ পৰিপূৰ্ণ কৰিব।

12মই নদীবোৰ শুকান ঠাই কৰিম, আৰু দেশ দুষ্টবোৰৰ হাতত বেচিম; মই বিদেশী লোকৰ হাতৰ দ্বাৰাই দেশ আৰু তাত থকা সকলোকে উচ্ছন্ন কৰিম ইয়াক মই যিহোৱাই কলোঁ।

13প্ৰভূ যিহোৱাই এই কথা কৈছে, মই মুৰ্ত্তিবোৰো নষ্ট কৰিম, আৰু নোফৰ পৰা প্ৰতিমাবোৰ লুপ্ত কৰিম; আৰু মিচৰ দেশৰ পৰা অধিপতি আৰু নোলাব; মই মিচৰ দেশত ভয় জন্মাম।

14ইয়াত মই পথ্ৰোচক ধ্বংস কৰিম, চোৱনত জুই লগাম, আৰু নো নগৰক দণ্ড দিম।

15আৰু মই মিচৰৰ দুৰ্গ চীনৰ ওপৰত মোৰ ক্ৰোধ বৰষাম আৰু নো নগৰৰ লোকসমূহক উচ্ছন্ন কৰিম।

16আৰু মই মিচৰত জুই লগাম, চীনে যাতনাত ধৰফৰ কৰিব আৰু নো নগৰক ভঙা হ’ব; আৰু দিনতে শত্ৰূৱে নোফক আক্ৰমণ কৰিব।

17আবনৰ আৰু পী-বেচতৰ ডেকাবিলাক তৰোৱালৰ দ্বাৰাই পতিত হ’ব, আৰু সেই দুখন নগৰৰ লোকবিলাক বন্দী অৱস্থালৈ যাব।

18যেতিয়া মই তহপেনহচত মিচৰৰ যুৱলিবোৰ ভাঙিম, তেতিয়া তাত দিন অন্ধকাৰ হ’ব, আৰু মিচৰৰ মাজত থকা পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ’ব; আৰু তাৰ নিজৰ বিষয়ে হ’লে, এডোখৰ মেঘে তাক ঢাকিব, আৰু তাৰ জীয়াৰীবিলাক বন্দী অৱস্থালৈ যাব।

19এইদৰে মই মিচৰক দণ্ড দিম; তাতে মই যে যিহোৱা, তাক সিহঁতে জানিব।

20একাদশ বছৰৰ প্ৰথম মাহৰ সপ্তম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

21হে মনুষ্য সন্তান, মই মিচৰৰ ৰজা ফৰৌণৰ বাহু ভাঙিলোঁ, আৰু চোৱা, তৰোৱাল ধৰিবলৈ শক্তি পাবৰ নিমিত্তে তাত ঔষধ লগাই পটি দি তাক বন্ধা নহ’ল।

22এই নিমিত্তে প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, মই মিচৰৰ ৰজা ফৰৌণৰ বিপক্ষ, আৰু তাৰ বলী ও ভগা বাহু এই দুয়োকো মই ভাঙিম, আৰু তাৰ হাতৰ পৰা এতৰোৱালখন পৰি যোৱা কৰিম।

23আৰু মই মিচৰীয়াহঁতক জাতিবিলাকৰ মাজত ছিন্ন-ভিন্ন আৰু দেশবোৰৰ মাজত গোট গোট কৰিম।

24মই বাবিলৰ ৰজাৰ বাহু দুটা সবল কৰিম আৰু তেওঁৰ হাতত মাৰ তৰোৱাল দিম; কিন্তু মই ফৰৌণৰ বাহু দুটা ভাঙিম, তাতে সাংঘাতিকৰূপে আঘাতিত হোৱা মানুহে কেঁকোৱাৰ দৰে তেওঁৰ আগত সি কেঁকাব।

25আৰু মই বাবিলৰ ৰজাৰ বাহু দুটা দাঙি ধৰিম, কিন্তু ফৰৌণৰ বাহু দুটা হ’লে পৰিব; যেতিয়া মই বাবিলৰ ৰজাৰ হাতত মোৰ তৰোৱাল দিম, আৰু তেওঁ মিচৰ দেশৰ বিৰুদ্ধে তাক মেলিব, তেতিয়া, মই যে যিহোৱা, তাক সিহঁতে জানিব।

26মই মিচৰীয়াহঁতক জাতিবিলাকৰ মাজত ছিন্ন-ভিন্ন আৰু দেশবোৰৰ মাজত গোট গোট কৰিম তাতে, মই যে যিহোৱা, তাক সিহঁতে জানিব।



 <<  Ezekiel 30 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran