Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Revelation 8 >> 

1পাছত সেই মেষ পোৱালিয়ে যেতিয়া সপ্তম ছাব মেলিলে, তেতিয়া স্বৰ্গত প্ৰায় আধা ঘণ্টামান নিস্তদ্ধতাৰে পৰিপূৰ্ণ হ’ল।

2আৰু ঈশ্বৰৰ আগত থিয় হৈ থকা যি সাত জন দূতক দেখিলোঁ; তেওঁলোকক সাতোটা তুৰী দিয়া হ’ল।

3পাছত সোণৰ ধূপবাতি লোৱা আন এজন দূত আহি বেদীৰ ওচৰত উপস্থিত হ’ল; আৰু সিংহাসনৰ আগত থকা সোণৰ বেদীৰ ওপৰত সকলো পবিত্ৰ লোকৰ প্ৰাৰ্থনাৰ সৈতে, তেওঁক ভালেমান ধুপ দিয়া হ’ল।

4তাতে সকলো পবিত্ৰ লোকৰ প্ৰাৰ্থনাৰে সৈতে দূতৰ হাতৰ পৰা ধুপৰ ধুঁৱা ঈশ্বৰৰ সন্মুখলৈ উঠিল।

5পাছত দূতে ধুপবাতি লৈ, তাত বেদীৰ পৰা জুই ভৰাই ল’লে৷ আৰু যেতিয়া তেওঁ এইবোৰ পৃথিৱীলৈ পেলাই দিলে, তেতিয়া মেঘ-গৰ্জ্জন, গাজনি, বিজুলী আৰু ভুমিকম্প হ’ল।

6পাছত সাতোটা তুৰী লোৱা এই সাত জন দূতে তুৰী বজাবলৈ নিজক যুগুত কৰিলে।

7পাছত প্ৰথম জন দূতে বজাওঁতে, তেজ মিহলি কৰা শিল আৰু জুই উপস্থিত হ’ল৷ সেইবোৰক পৃথিৱীলৈ পেলোৱা হ’ল; তেতিয়া পৃথিৱীৰ তিনি ভাগৰ এভাগ পোৰা হ’ল, গছৰো তিনি ভাগৰ এভাগ পোৰা হ’ল আৰু সকলো কেচা তৃণো পোৰা হ’ল।

8পাছত দ্বিতীয় দূতে বজাওঁতে, অগ্নিৰে জ্বলি থকা মহা-পৰ্ব্বতৰ নিচিনা কিবা এটা সাগৰত পেলোৱা হ’ল৷ তেতিয়া সাগৰৰ তিনি ভাগৰ এভাগ তেজ হ’ল

9আৰু সাগৰত থকা সৃষ্ট বস্তুৰ ভিতৰৰ জীৱ-জন্তু তিনি ভাগৰ এভাগ মৰিল, জাহাজবোৰৰো তিনি ভাগৰ এভাগ নষ্ট হ’ল।

10পাছত তৃতীয় দূতে বজাওঁতে, আৰিয়াৰ নিচিনা জ্বলি থকা এটা বৰ তৰা আকাশৰ পৰা খহি, নদীৰ তিনি ভাগৰ এভাগত আৰু জলৰ ভুমুকবোৰত পৰিল।

11সেই তৰাৰ নাম তিক্ততা (নাগদানা)৷ তাতে জলৰ তিনি ভাগৰ এভাগ তিতা হ’ল আৰু পানী তিতা হোৱাত সেই পানীৰ কাৰণে অনেক মানুহ মৰিল।

12পাছত চতুৰ্থ দূতে বজাওঁতে, সূৰ্যৰ তিনি ভাগৰ এভাগ, চন্দ্ৰৰ তিনি ভাগৰ এভাগ আৰু তৰাবোৰৰো তিনি ভাগৰ এভাগ যেন আন্ধাৰ হ’ল; আৰু দিনৰ তিনি ভাগৰ এভাগ পোহৰ নাইকিয়া হ’ল আৰু ৰাতিৰো সেইৰূপ হ’ল, এই কাৰণে সেইবোৰৰ প্ৰত্যেকৰ তিনি ভাগৰ এভাগ আঘাত প্ৰাপ্ত হ’ল।

13পাছত মই চাওতে আৰু শুনোতে, এটা ঈগল পক্ষীয়ে আকাশৰ মাজত উৰি উৰি বৰ মাতেৰে এই কথা কোৱা শুনিলোঁ, “যি তিনি জন দূতে তুৰী বজাবলৈ উদ্যত আছে, তেওঁলোকৰ সেই অৱশিষ্ট তুৰী-ধ্বনীত পৃথিৱীত বাস কৰা লোক সকলৰ সন্তাপ, সন্তাপ, সন্তাপ হ’ব”।



 <<  Revelation 8 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran