Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Deuteronomy 25 >> 

1যদি লোকসকলৰ মাজত বিবাদ হয় আৰু সেই বিবাদ আদালতলৈ নিয়া হয়, তেন্তে বিচাৰকসকলে বিচাৰ কৰি তেওঁলোকৰ নিৰ্দোষীক নিৰ্দোষ আৰু দোষীক দোষী কৰিব;

2সেই বিচাৰত যদি দোষী প্ৰহাৰৰ যোগ্য হয়, তেন্তে বিচাৰকে তেওঁক মাটিত শুৱাই লৈ তাৰ দোষ অনুসাৰে গণি গণি নিজৰ সন্মুখতে তেওঁক কোবোৱাব।

3বিচাৰকে তেওঁক চল্লিশ কোবৰ অধিক মৰাব নোৱাৰিব; তাৰ অধিক মাৰিলে এজন ইস্রায়েলীয়া ভাইক অপোনালোকৰ আগত নীহ কৰা হ’ব।

4শস্য মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিব।

5যদি ককাই-ভাইসকল একেলগে থাকে আৰু তেওঁলোকৰ মাজৰ এজন ভাই পুত্রহীন হৈ মৰে, তেন্তে সেই মৃতকৰ ভার্যাই বাহিৰৰ আন পুৰুষক বিয়া কৰিব নোৱাৰিব; দেওৰেক বা বৰ-জনাই তাইক বিয়া কৰি কৰিব আৰু তাইৰ প্রতি দেওৰেক বা বৰ-জনাৰ কৰিবলগীয়া কর্তব্য পালন কৰিব।

6পাছত সেই মহিলাৰ ঔৰসত যি প্ৰথম সন্তান জন্ম হ’ব, তেওঁ সেই মৃত ভাইৰ নাম ৰক্ষা হ’ব আৰু সেই মৃত ভাইৰ নাম ইস্ৰায়েলৰ মাজৰ পৰা লুপ্ত হৈ নাযাব।

7কিন্তু সেই পুৰুষে যদি নিজ ভায়েক বা ককায়েকৰ তিৰোতাক গ্ৰহণ কৰিব নোখোজে, তেন্তে তাৰ ককায়েক বা ভায়েকৰ সেই তিৰোতাই নগৰৰ দুৱাৰ মুখলৈ বৃদ্ধলোকসকলৰ ওচৰলৈ গৈ ক’ব, “মোৰ দেওৰ বা বৰজনাই ইস্ৰায়েলৰ মাজত নিজ ককায়েক বা ভায়েকৰ নাম ৰাখিবলৈ অসন্মত হৈছে; মোৰ প্রতি মোৰ দেওৰ বা বৰজনাই কৰিবলগীয়া কর্তব্য পালন কৰিবলৈ ইচ্ছুক নহয়।”

8তেতিয়া সেই নগৰৰ বৃদ্ধ লোকসকলে সেই পুৰুষক মাতি আনি বুজাব; ইয়াৰ পাছতো যদি তেওঁ দৃঢ়তাৰে কয় যে, “তাইক লবলৈ মোৰ ইচ্ছা নাই,”

9তেতিয়া তেওঁৰ ককায়েক বা ভায়েকৰ ভার্যাই বৃদ্ধলোকসকলৰ সাক্ষাতে দেওৰেক বা বৰজনাৰ গুৰিলৈ গৈ তেওঁৰ ভৰিৰ পৰা জোতা খুলি ল’ব আৰু তেওঁৰ মুখত থু পেলাই ক’ব, “নিজ ককাই বা ভাইৰ বংশ যি জনে ৰক্ষা কৰিবলৈ নিবিচাৰে, তেওঁৰ প্রতি এনে ব্যৱহাৰকে কৰা হয়।”

10ইস্ৰায়েলৰ মাজত সেই লোকৰ বংশ ‘জোতা-খোলা পুৰুষৰ বংশ’ বুলি প্ৰখ্যাত হ’ব।

11দুজন লোকৰ মাজত কাজিয়া কৰাৰ সময়ত যদি এজনৰ ভার্যাই তেওঁৰ স্বামীক আঘাট কৰা আনজনৰ হাতৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যেৰে ওচৰলৈ আহে আৰু হাত মেলি আন লোকজনৰ গুপুত অঙ্গ ধৰে,

12তেতিয়া অপোনালোকে তাইৰ হাত কাটি পেলাব; তাইলৈ আপোনালোকে কোনো দয়া নেদেখুৱাব।

13আপোনালোকৰ মোনাত যেন সৰু আৰু ডাঙৰ দুই ৰকমৰ দগা নাথাকে।

14আপোনালোকৰ ঘৰত সৰু আৰু ডাঙৰ দুই ধৰণৰ জোখৰ পাত্র যেন নাথাকে।

15আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিব, সেই দেশত আপোনালোকৰ আয়ুস দীঘল হ’বৰ কাৰণে আপোনালোকে সঠিক আৰু ন্যায় দগা, সঠিক আৰু ন্যায় জোখৰ পাত্র ৰাখিব লাগিব।

16কাৰণ, যেয়ে এই সকলো কাৰ্য্য কৰে অর্থাৎ সকলো ধৰণৰ অধার্মিক কার্য কৰে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁক ঘৃণা কৰে।

17আপোনালোক মিচৰ দেশৰ পৰা ওলাই আহোঁতে বাটত অমালেকীয়াসকলে আপোনালোকৰ সৈতে যি কৰিছিল, তাক সোৱঁৰণ কৰক।

18আপোনালোক শ্রান্ত আৰু ক্লান্ত হৈ থকা অৱস্থাত যি দুর্বল লোকসকল পাছত গৈ আছিল, কেনেকৈ তেওঁলোকে বাটত লগ পাই আক্রমণ কৰিছিল, তাক সোৱঁৰণ কৰক। তেওঁলোকে ঈশ্বৰক ভয় কৰা নকৰিছিল।

19এই হেতুকে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ উত্তৰাধিকাৰ স্বৰূপে অধিকাৰ কৰিবলৈ আপোনালোকক দিবলৈ গৈছে, সেই দেশত আপোনালোকৰ চাৰিওফালে থকা সকলো শত্রুবোৰৰ পৰা তেওঁ যেতিয়া আপোনালোকক বিশ্ৰাম দিব, তেতিয়া আকাশৰ তলৰ পৰা অমালেকীয়াসকলৰ চিন আপোনালোকে একেবাৰে মছি পেলাব লাগিব। এই কথা আপোনালোকে নাপাহৰিবা।



 <<  Deuteronomy 25 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran