Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Deuteronomy 21 >> 

1আপোনাৰ ঈশ্বৰ যিহোৱাই, যি দেশ অধিকাৰৰ অৰ্থে আপোনাক দিছে, তাৰ পথাৰত যদি কোনো লোকৰ মৃতদেহ পৰি থকা দেখা পোৱা, কিন্তু তাক কোনে হত্যা কৰিলে সেয়ে জনা নাযায়;

2তেতিয়া আপোনালোকৰ মাজৰ বয়জেষ্ঠলোক আৰু বিচাৰকৰ্ত্তাসকল বাহিৰলৈ গৈ, সেই হতহোৱা লোকজনৰ মৃতদেহৰ চাৰিওফালে থকা নগৰবোৰৰ দুৰত্বৰ মাপ ল’ব।

3যেতিয়া আপোনালোকে নিহত ব্যক্তিজনৰ সকলোতকৈ ওচৰত থকা চহৰ খনৰ বিষয়ে জানিব, সেই নগৰৰ বৃদ্ধলোকসকলে, জাকৰ পৰা এনে এজনী চেঁউৰী গৰু ল’ব যাৰ দ্বাৰাই যুঁৱলি টনা আদি কোনো কাম কৰোৱা নাই।

4পাছত সেই নগৰৰ বৃদ্ধলোকসকলে চেঁউৰী গৰুজনী লৈ, হাল নোবোৱা, গুটি নিসিচাঁ পানী বৈ থকা এনে উপত্যকালৈ নামি গৈ, সেই উপত্যকাত গৰুজনীৰ ডিঙি বিচ্ছেদ কৰিব।

5আৰু লেবীসকলৰ সন্তান পুৰোহিতসকলো অৱশ্যেই তালৈ যাব; কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱাই নিজৰ পৰিচৰ্য্যা কৰিবলৈ আৰু যিহোৱাৰ নামেৰে আশীৰ্ব্বাদ কৰিবলৈ এই লোকসকলকেই মনোনীত কৰিলে; আৰু তেওঁলোকে বাক্য অনুসাৰে প্ৰত্যেক বিবাদ আৰু আঘাতৰ বিচাৰ নিস্পত্তি কৰিব।

6সেই শৱটোৰ ওচৰত থকা নগৰৰ উপত্যকাত আটাই বৃদ্ধসকলে, গৰুজনীৰ দিঙী বিচ্ছেদ কৰাৰ ওপৰত নিজৰ নিজৰ হাত ধুব।

7আৰু এই লোকসকলে ক’ব “আমাৰ হাতে এই ৰক্তপাত কৰা নাই আৰু আমি এই ঘটনাও দেখা নাই।

8হে যিহোৱা, তুমি মুক্ত কৰা তোমাৰ প্ৰজা ইস্ৰায়েলক ক্ষমা কৰি, তোমাৰ প্ৰজা ইস্ৰায়েলৰ গাত নিৰ্দোষীৰ ৰক্তপাতৰ দোষ নেপেলাবা।” তাতে তেওঁলোকলৈ সেই ৰক্তপাতৰ দোষ ক্ষমা কৰা হ’ব।

9এইদৰে আপোনালোকে যিহোৱাৰ দৃষ্টিত যি ভাল, তাকেই কৰি আপোনালোকৰ মাজৰ পৰা নিৰ্দোষীৰ ৰক্তপাতৰ দোষ দূৰ কৰিব।

10যেতিয়া আপোনালোকে আপোনালোকৰ শত্রুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাব, তেতিয়া আপোনাৰ ঈশ্বৰ যিহোৱাই সেই লোকসকলক পৰাস্ত কৰিব আৰু আপোনালোকে শত্রুবোৰক বন্দীকৰি আনিব পাৰিব।

11আৰু সেই বন্দী কৰি অনা লোকসকলৰ মাজত কোনো সুন্দৰী যুৱতীক দেখি মুগ্ধহৈ আপুনি যদি তাইক বিয়া কৰি পত্নি কৰিব খোজে,

12তেন্তে তেওঁক আপোনাৰ ঘৰলৈ নিব আৰু তাই নিজৰ মুৰ খুৰাই নখ কাটি,

13বন্দী অৱস্থাৰ কাপোৰ সোলোকাই থৈ, আপোনাৰ ঘৰত থাকি বাপেক-মাকৰ কাৰণে পুৰা এমাহ শোক প্রকাশ কৰিব; তাৰ পাছত আপুনি তাইৰ ওচৰলৈ যাব পাৰিব বা তেওঁৰ স্বামী হ’ব, আৰু তাই আপোনাৰ ভাৰ্য্যা হ’ব।

14পাছত যদি আপুনি তেওঁকলৈ সুখী নহয়নো, তেন্তে যি ঠাইলৈ তেওঁ যাবলৈ ইচ্ছা কৰে, সেই ঠাইলৈকে যাবলৈ দিব; কিন্তু কোনো ধন লৈ তাইক নেবেচিব, আপুনি তাইলৈ বেটী বা দাসীৰ নিচিনাকৈ ব্যৱহাৰ নকৰিব, কিয়নো আপুনি তাইক অপদস্থ কৰিলে।

15যদি কোনো পুৰুষৰ দুগৰাকী ভার্যা থাকে, এগৰাকী তেওঁৰ মৰমৰ আন গৰাকী ঘৃণাৰ। দুয়োগৰাকীয়ে তেওঁলৈ সন্তান জন্ম দিয়ে, কিন্তু বৰ পুতেক যদি ঘৃণাৰ গৰাকীৰ সন্তান হয়;

16তেতিয়া সেই ব্যক্তিয়ে পুতেক কেইজনক সম্পত্তিৰ ভাগকৰা দিনা, ঘৃণাৰ গৰাকীৰ পৰা হোৱা বৰ পুতেক থাকোঁতে, তেওঁ মৰমৰ গৰাকীৰ পুতেকক জ্যেষ্ঠাধিকাৰ দিব নোৱাৰিব।

17কিন্তু অৱশ্যেই তেওঁ সকলো সম্পত্তিৰ দুভাগ দি এলাগীজনীৰ পুতেককে বৰ-পো বুলি স্বীকাৰ কৰিব। কাৰণ সেই সন্তান তেওঁৰ প্ৰথম সন্তান। প্রথমে জন্মপোৱা হিচাবে সমস্ত জ্যেষ্ঠাধিকাৰ তেওঁৰ আছে।

18কোনো এজন মাক-বোপেকৰ যদি জেদী ও বিৰোধী বা মাক দেউতাকৰ কথা নুশুনা আৰু শাস্তি দিলেও তেওঁলোকৰ কথা শুনিবলৈ অস্বীকাৰ কৰা ল’ৰা, কোনো মানুহৰ থাকিলে;

19সেই ল’ৰা জনৰ বাপেক-মাকে তেওঁক ধৰি, নিজৰ নগৰৰ বয়সস্তসকলৰ ওচৰলৈ আৰু তেওঁলোকে নিবাস কৰা নগৰৰ দুৱাৰ-মুখলৈ লৈ আহিব।

20নগৰৰ বয়সস্ত লোকসকলক ক’ব “আমাৰ এই লৰাটি অবাধ্য আৰু বিৰোধী, আমাৰ কথা নুশুনে, তেওঁ অপব্যয়ী আৰু মদপী।”

21তেতিয়া ল’ৰাজন নিবাস কৰা নগৰৰ সকলো লোকে ল’ৰা জনক শিল দলিয়াই বধ কৰিব। এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব। তাতে ইস্ৰায়েলৰ লোকসকলে এই বিষয়ে শুনি ভয় পাব।

22পাছত কোনো মানুহে যদি প্ৰাণ দণ্ডৰ যোগ্য পাপ কৰে আৰু তেওঁৰ প্ৰাণদণ্ড হয়; তেওঁৰ মৃত দেহতো এডাল গছত আঁৰি ৰাখিব;

23কিন্তু তেওঁৰ মৃতদেহটো ৰাতি গছডালৰ ওপৰতে ৰাখি নথব; বৰং একেদিনাই দেহটো পুতি পেলাব। কিয়নো যি জনৰ শৱ আঁৰি থোৱা হয় তেওঁ ঈশ্বৰৰ অভিশপ্ত। সেই কাৰণেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে যি দেশ আপোনালোকক দিবলৈ গৈছে, আপোনালোকে সেই দেশ অশুচি নকৰিব।



 <<  Deuteronomy 21 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran