Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ecclesiastes 6 >> 

1মই সুৰ্য্যৰ তলত আৰু এক অনিষ্ট দেখিলো; সেয়ে মানুহবিলাকৰ পক্ষে অতি ভাৰস্বৰূপ।

2ঈশ্বৰে কোনো কোনোক ইমান ধন-সম্পত্তি, বহুমুল্য বস্তু, আৰু গৌৰৱ দিয়ে, যে, তাৰ অভিলষিত বস্তুবোৰৰ ভিতৰৰ এটিৰো অভাৱ নাই; তথাপি ঈশ্বৰে তাক ভোগ কৰিবৰ ক্ষমতা নিদিয়ে, কিন্তু কোনো অসম্পৰ্কীয় লোকে তাক ভোগ কৰে। ইও অসাৰ, আৰু বিষম ৰোগ স্বৰূপ।

3যদি কোনো মানুহে এশ পুত্ৰ জন্ম দি অনেক বছৰ জীয়াই থাকি দীৰ্ঘজীৱি হয় কিন্তু তাৰ প্ৰাণ যি সুখত তৃপ্ত নহয়, আৰু তাক মৰ্য্যদাও যদি দিয়া নহয়, তেন্তে মই কওঁ, সেই মানুহতকৈ অসময়ত জন্মাটোৱেই ভাল।

4কিয়নো ই বৃথাই আহে, আৰু আন্ধাৰতেই যায়, আৰু ইয়াৰ নাম আন্ধাৰেৰেই ঢকা থাকে;

5ই সুৰ্য্যক নেদেখে, আৰু নাজানে; এতেকে সেই মানুহতকৈ ইয়েই ভাল।

6এনেকি, সি কোনো সুখভোগ নকৰাকৈ যদি দুই হাজাৰ বছৰো জীয়াই থাকে তথাপি তাৰ কি লাভ? সকলোৱেই একে ঠাইলৈকে জানো নাযায়?

7মানুহৰ সকলো পৰিশ্ৰম তাৰ মুখৰ নিমিত্তে, তথাপি তাৰ হেঁপাহ নপলায়; কিয়নো অজ্ঞানতকৈ জ্ঞানৱানৰ কি লাভ?

8আৰু জীয়াই থকা লোকবিলাকৰ আগত ব্যৱসায় কৰিব জনা দুখীয়া মানুহৰ বা কি লাভ?

9মন ভ্ৰমি ফুৰাতকৈ চকুৱে দেখাটোৱেই ভাল। ইও অসাৰ, আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।

10যি হ’ল, তাৰ নাম বহুকালৰ আগেয়ে দিয়া হ’ল, তাক মানুহ বুলি জনা গৈছে; আৰু নিজতকৈ যি জনা পৰাক্ৰমী, তেওঁৰ লগত সি যুঁজ কৰা অসাধ্য।

11কিয়নো অসাৰতা বঢ়াওতা অনেক কথা আছে; তাৰ দ্বাৰাই মানুহৰ কি লাভ?

12কাৰণ, মানুহে অসাৰ জীৱনৰ যি কেইটা দিন ছাঁৰ দৰে নিয়াই তাৰ জীৱনৰ সেই সকলো দিনত তাৰ মঙ্গল কি, তাক কোনো জানে? আৰু মানুহৰ পাছে, সুৰ্য্যৰ তলত কি ঘটিব, ইয়াকে তাক কোনে কব পাৰে?



 <<  Ecclesiastes 6 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran