Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ecclesiastes 4 >> 

1পাছে মই ঘুৰি, সুৰ্য্যৰ তলত যি সকলো অত্যাচাৰ কৰা হয়, সেই সকলো চালোঁ; চোৱা অত্যাচাৰ পোৱা লোকবিলাকৰ চকুলো বৈছে, কিন্তু তেওঁবিলাকক শান্তনা কৰোঁতা কোনো নাই; আৰু তেওঁবিলাকক অত্যাচাৰ কৰোঁতাবিলাকৰ ফালে বল আছে; কিন্তু তেওঁবিলাকক শান্তানা কৰোঁতা কোনো নাই।

2এই হেতুকে, বৰ্ত্তমানে জীয়াই থকা জীৱিতবিলাকতকৈ, আগেয়ে মৰা মৃতবিলাকৰ মই প্ৰশংসা কৰিলোঁ।

3এনেকি যিজনে আজিলৈকে জন্ম পোৱা নাই, আৰু সুৰ্য্যৰ তলত কৰা বেয়া কাৰ্য্য দেখা নাই, তাক মই সেই উভয়তকৈয়ো সুখী জ্ঞান কৰিলোঁ।

4পাছে সকলো পৰিশ্ৰম আৰু নিপুণতাৰে কৰা প্ৰত্যেক কাৰ্য্য চাই বুজিলো, যে, ইয়াৰ কাৰণে মানুহ ওচৰ চুবুৰীয়াৰ পৰা ঈৰ্ষাপ্ৰাপ্ত হয়; ইয়ো অসাৰ, আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।

5অজ্ঞান মানুহে হাত সাৱটি থাকি নিজকে নিজে খায়।

6পৰিশ্ৰম, আৰু বতাহক ধৰিবলৈ কৰা চেষ্টাৰে সৈতে দুই মুঠিতকৈ শান্তিৰে সৈতে এমুঠিয়েই ভাল।

7পাছে মই ঘুৰি সুৰ্য্যৰ তলত অসাৰতা দেখিলোঁ।

8কোনো মানুহ অকলশৰে থাকে, তাৰ দ্বিতীয় কোনো নাই; এনেকি তাৰ পুতেক কি ভায়েক ককায়েক কোনো নাই; তথাপি তাৰ পৰিশ্ৰমৰ সীমা নাই, তাৰ চকুও ধন সম্পত্তিত তৃপ্ত নহয়। সি “কয় তেন্তে মই কাৰ নিমিত্তে পৰিশ্ৰম কৰিছোঁ, আৰু নিজ প্ৰাণক সুখভোগৰ পৰা বঞ্চিত কৰিছোঁ?” ইও অসাৰ, এনেকি অতি দুখজনক ব্যৱসায়।

9এজনতকৈ দুজন ভাল, কিয়নো তেওঁবিলাকৰ পৰিশ্ৰমৰ দ্বাৰাই সুফল হয়।

10কাৰণ তেওঁবিলাক পৰিলে, এজনে নিজৰ সঙ্গীক তুলিব পাৰে। কিন্তু যি জন অকলশৰীয়া, সি পৰিলে তাৰ সন্তাপ হব; কিয়নো তাক তুলিবলৈ দ্বিতীয় নাই।

11আকৌ দুজনে একেলগে শুলে উম পায়; কিন্তু এজনে অকলে কেনেকৈ উম পাব ?

12আৰু যি অকলশৰীয়া তাক যদিও কোনোৱে পৰাজয় কৰে, তথাপি দুজনে তাৰ প্ৰতিৰোধ কৰিব; াৰু তিনিগুণীয়া ৰছা বেগাই নিছিগে।

13যি অজ্ঞান বৃদ্ধ ৰজাই কোনো পৰামৰ্শ লবলৈ আৰু নুবুজে, এনে ৰজাতকৈ বলৱান দুখীয়া ডেকাই ভাল।

14কিয়নো তেওঁ ৰজা হবৰ নিমিত্তে বন্দীশালৰ পৰা ওলাইছিল; এনেকি এওঁ নিজৰ ৰাজ্যত দৰিদ্ৰ অৱস্থাত জন্ম গ্ৰহণ কৰিছিল।

15মই দেখিলোঁ যে, যি ডেকাই অৰ্থাৎ দ্বিতীয় জনেতেওঁৰ পদত ৰাজত্ব পালে, সুৰ্য্যৰ তলত অহা-যোৱা কৰা সকলো জীয়া প্ৰাণী সেই জনৰ ফলীয়া হ’ল।

16যি লোকবিলাকৰ ওপৰত তেওঁ ৰজা হ’ল, সেই লোকবিলাকৰ সীমা নাই; তথাপি ভাবী কালৰ লোকবিলাকে তেওঁত আনন্দ নকৰিব। অৱশ্যে ইও অসাৰ, আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।



 <<  Ecclesiastes 4 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran