1যিৰূচালেমত থকা ৰজা দায়ুদৰ পুত্ৰ উপদেশকৰ বাক্য।
2উপদেশকে কৈছে, অসাৰৰ অসাৰ, অসাৰৰ অসাৰ, অসাৰৰ অসাৰ, সকলোৱেই অসাৰ।
3মানুহে সুৰ্য্যৰ তলত যি যি পৰিশ্ৰমত পৰিশ্ৰান্ত হয়, তাৰ সেই সকলো পৰিশ্ৰমত তাৰ কি লাভ ?
4এক পুৰুষ যায় আৰু এক পুৰুষ আহে; কিন্তু পৃথিবী সদায় থাকে।
5সুৰ্য্য উদয় হৈ আকৌ অস্ত যায়, আৰু যি ঠাইৰ পৰা উদয় হয়, পুনৰায় সেই ঠাইলৈকে বেগেৰে গমণ কৰে।
6বতাহে দক্ষিণ দিশলৈ বলায়, আৰু উত্তৰ দিশলৈ ঘুৰে; সেয়ে নিজ গতিত সদায় ঘুৰি থাকে; আৰু বতাহে নিজ চক্ৰলৈ আকৌ উলটি আহে।
7সকলো নদী সমুদ্ৰত পৰেগৈ; তথাপি সমুদ্ৰ পুৰ নহয়; নদীবোৰ যি ঠাইলৈ যায়, সেই ঠাইলৈকে পুনৰায় গৈ থাকে।
8সকলো বিষয় পৰিশ্ৰমেৰে পৰপুৰ্ণ, তাৰ বৰ্ণনা কৰা মানুহৰ অসাধ্য। দৰ্শনত চকু আৰু শ্ৰৱনত কাণ তৃপ্ত নহয়।
9যি হ’ল, সেয়ে হব; আৰু যি কৰা গ’ল, তাকে কৰা যাব; সুৰ্য্যৰ তলত নতুন একোৱেই নাই।
10এনে বস্তু আছেনে, যাৰ বিষয়ে মানুহে কব পাৰে, যে, চোৱা এয়ে নতুন? সেয়ে অৱশ্যে আমাৰ পুৰ্ব্ব যুগবোৰতো আছিল।
11পুৰ্ব্ব-কালৰ বংশবিলাকৰ বিষয়ে কাৰো সোঁৱৰণ নাই, আৰু আগলৈ যিবিলাক জন্মিব, তেওঁবিলাকৰ বিষয়েও তাৰ পাছৰ বংশবিলাকৰ কাৰো সোঁৱৰণ নাথাকিব।
12উপদেশক যি মই, মই যিৰূচালেমত ইস্ৰায়েলৰ ওপৰত ৰজা আছিলোঁ।
13আৰু আকাশৰ তলত যি যি কৰা যায়, মই প্ৰজ্ঞাৰ দ্বাৰা সেই সকলো বিষয়ৰ বুজ-বিচাৰ লবলৈ আৰু অনুসন্ধান কৰিবলৈ মনোযোগ কৰিছিলোঁ; মনুষ্য সন্তানবিলাকৰ ব্যস্ত হবৰ নিমিত্তে ঈশ্বৰে তেওঁবিলাকক ক্লেশজনক ব্যৱসায়কেহে দিছে।
14সুৰ্য্যৰ তলত যি যি কাৰ্য্য কৰা যায়, সেই সকলোকে মই চালো; চোৱা, এই সকলো অসাৰ, আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।
15যি বেঁকা তাক পোন কৰিব নোৱাৰি; আৰু যি নাই, তাক লেখ কৰা অসাধ্য।
16মই মোৰ হৃদয়েৰে সৈতে আলাপ কৰি ক’লো, চোৱা, মোৰ আগেয়ে যিৰূচালেমত যিবিলাক আছিল, সেই সকলোতকৈ মই অধিক প্ৰজ্ঞা আৰ্জিলোঁ; এনেকি, মোৰ মন প্ৰজ্ঞাত আৰু বিদ্যাত পাৰদৰ্শী হৈছে।
17মই প্ৰজ্ঞা জানিবলৈ, পাগলামী আৰু মুৰ্খতা জানিবলৈ মনোযোগ কৰিলোঁ; তাতে মই বুজিলো, যে, ইও বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।
18কিয়নো প্ৰজ্ঞাৰ বাহুল্যত মনৰ তাপ অধিক হয়; আৰু যিজনে জ্ঞান বৃদ্ধি কৰে, তেওঁ দুখো বৃদ্ধি কৰে।
<< Ecclesiastes 1 >>