Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Nehemiah 13 >> 

1সেই দিনা, লোকসকলে শুনিব পৰাকৈ মোচিৰ বিধান-পুস্তক পাঠ কৰা হৈছিল। বিধান-পুস্তকত লিখা অনুসাৰে গ’ম পোৱা গ’ল যে, “অম্মোনীয়া বা মোৱাবীয়া লোকসকল কেতিয়াও ঈশ্বৰৰ মহাসভালৈ আহিব নোৱাৰিব।”

2এইদৰে কৰা হৈছিল কাৰণ, তেওঁলোক ইস্ৰায়েলৰ লোকসকলৰ ওচৰলৈ পিঠা আৰু পানী লৈ অহা নাছিল। বৰঞ্চ ইস্রায়েলক শাও দিবলৈ তেওঁলোকে বিলিয়মক ভাড়া কৰি আনিছিল। অৱশ্যে আমাৰ ঈশ্বৰে সেই শাওক আশীৰ্ব্বাদলৈ ৰূপান্তৰ কৰিলে।

3তেওঁলোকে এই বিধান শুনাৰ লগে লগে প্রত্যেক বিদেশী লোকসকলক ইস্ৰায়েলৰ পৰা পৃথক কৰিলে।

4এই ঘটনাৰ আগেয়ে আমাৰ ঈশ্বৰৰ গৃহৰ ভৰালৰ ওপৰত পুৰোহিত ইলিয়াচীবক নিযুক্ত কৰিছিল। তেওঁ টোবিয়াৰ সম্পৰ্কীয় লোক আছিল।

5পুৰোহিত ইলিয়াচীবে টোবিয়াৰ বাবে এটা ডাঙৰ ভৰাল প্রস্তুত কৰিলে। যি ঠাইত পূৰ্ব্বে লোকসকলে শস্য নৈবেদ্য, ধূপ-ধূনা, বস্তুবোৰ, শস্যৰ দশম ভাগ, নতুন দ্ৰাক্ষাৰস, আৰু তেল, লেবীয়া সকলৰ নামেৰে, আৰু পুৰোহিত সকলৰ বৰঙনিৰ বাবে ৰখা হৈছিল।

6কিন্তু এই সকলো ঘটনাৰ সময়ত মই যিৰূচালেমত নাছিলোঁ। কাৰণ বাবিলৰ ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্বৰ বত্ৰিশ বছৰত মই ৰজাৰ ওচৰলৈ গৈছিলো। কিছুদিনৰ পাছত মই ৰজাৰ পৰা ছুটিৰ বাবে অনুমতি ল’লো।

7মই যিৰূচালেমলৈ ঘূৰি আহিলো। ইলিয়াচীবে ঈশ্বৰৰ গৃহৰ চোতালত টোবিয়াক ভৰাল দি কৰা কু-কৰ্ম মই বুজি পালোঁ।

8মই অতিশয় ক্রোধিত হৈছিলোঁ, আৰু ভৰালৰ পৰা টোবিয়াৰ ঘৰৰ সকলো বস্তু দলিয়াই পেলালোঁ।

9মই ভৰালবোৰ শুচি কৰিবলৈ আদেশ দিলোঁ, আৰু সেই ঠাইলৈ ঈশ্বৰৰ গৃহৰ বস্তুবোৰ, শস্য নৈবেদ্যৰ বস্তুবোৰ আৰু ধূপ-ধূনা পুনৰ আনি থলোঁ।

10মই জানিবলৈ পালোঁ যে, লেবীয়া সকলৰ বাবে নিযুক্ত কৰা অংশ তেওঁলোকক ভগাই দিয়া নাছিল। সেয়ে তেওঁলোকে মন্দিৰ ত্যাগ কৰি প্রতিজনে নিজৰ নিজৰ পথাৰলৈ যাবলৈ খৰধৰ কৰিলে। কাম কৰা গায়ক সকলেও সেইদৰে কৰিলে।

11তেতিয়া মই কৰ্মচাৰী সকলৰ সৈতে বিবাদ কৰি ক’লো, “ঈশ্বৰৰ গৃহ কিয় অৱহেলা কৰা হৈছে?” পাছত মই তেওঁলোকক গোটাই আনি প্ৰতিজনক নিজ নিজ পদত স্থাপন কৰিলোঁ।

12তেতিয়া সকলো যিহুদী লোকে শস্য, নতুন দ্ৰাক্ষাৰসৰ, আৰু তেলৰ দশমভাগ ভঁৰাললৈ আনিলে।

13মই চেলিমীয়া পুৰোহিত, চাদোক অধ্যাপক, আৰু লেবীয়া সকলৰ পৰা পদায়াক ভৰাল ঘৰৰ কোষাধ্যক্ষ নিযুক্ত কৰিলোঁ। তেওঁলোকৰ পাছত মত্তনিয়া পুত্র জক্কুৰ, জক্কুৰৰ পুত্ৰ হাননক কোষাধ্যক্ষ পাতিলোঁ; কাৰণ তেওঁলোক বিশ্বাসযোগ্য বুলি গণিত হৈছিল। তেওঁলোকৰ সহযোগী সকলৰ যোগান ধৰিবলৈ বস্তু ভগাই দিয়াই তেওঁলোকৰ কাম আছিল।

14হে মোৰ ঈশ্বৰ, এই বিষয়ে মোক সোঁৱৰণ কৰক; আৰু মোৰ ঈশ্বৰৰ গৃহৰ অৰ্থে কৰা উত্তম কাৰ্যবোৰ মচি নেপেলাব।

15সেই দিনবোৰত মই যিহূদাৰ লোকসকলক বিশ্ৰাম-বাৰে দ্ৰাক্ষাগুটি পেৰা, শস্যৰ ডাঙৰি আনি গাধত বোজাই দিয়া, আৰু বিশ্ৰাম-বাৰে দ্ৰাক্ষাৰস, দ্ৰাক্ষাগুটি, আৰু ডিমৰুগুটি আদি সকলোবিধ বস্তুৰ গধুৰ বোজাও যিৰূচালেমলৈ অনা দেখিলোঁ। মই তেওঁলোকে সেই দিনা খোৱা বস্তু বিক্রী কৰাৰ কথাৰ বিৰুদ্ধিতা কৰিলোঁ।

16যিৰূচালেমত বাস কৰা তূৰৰ পৰা অহা লোকসকলে মাছ আৰু সকলো বিধৰ বস্তুবোৰ আনিছিল, আৰু বিশ্ৰাম-বাৰে যিহূদা আৰু নগৰৰ লোকসকলক সেইবোৰ বিক্রী কৰিছিল।

17তেতিয়া মই যিহূদাৰ প্ৰধান লোকসকলৰ লগত বিবাদ কৰি তেওঁলোকক ক’লো, “আপোনালোকে যে বিশ্ৰাম-বাৰ অপবিত্ৰ কৰি, এইবোৰ কি কু-কৰ্ম্ম কৰিছে?

18আপোনালোকৰ পিতৃ সকলে এইদৰে কৰা নাছিল নে? আৰু আমাৰ ঈশ্বৰে জানো আমাৰ আৰু এই নগৰৰ ওপৰত এইবোৰ দুৰ্দশা ঘটোৱা নাছিল নে? তথাপিও আপোনালোকে বিশ্ৰাম-বাৰ অপবিত্ৰ কৰি ইস্ৰায়েলৰ ওপৰলৈ ক্ৰোধাগ্নি পুনৰ অধিককৈ আনিব খুজিছে?”

19বিশ্ৰাম-বাৰৰ আগেয়েই আন্ধাৰ হোৱাৰ লগে লগে যিৰূচালেমৰ দুৱাৰবোৰ বন্ধ কৰিবলৈ আৰু বিশ্ৰাম-বাৰ শেষ নোহোৱালৈকে দুৱাৰবোৰ খুলি নিদিবলৈ মই আদেশ দিলোঁ। বিশ্ৰাম-বাৰে কোনো বোজা ভিতৰলৈ যেন অনা নহয়, এই কাৰণে মই মোৰ কিছুমান দাসক দুৱাৰত নিযুক্তি কৰিলোঁ।

20তাতে বণিক সকল আৰু সকলোবিধ বস্তু বিক্রী কৰা সকল এবাৰ, দুবাৰ যিৰূচালেমৰ বাহিৰত থাকিল।

21কিন্তু মই তেওঁলোকক সাৱধান কৰিলোঁ, “আপোনালোকে কিয় দেৱালৰ বাহিৰত তম্বু তৰিছে? যদি আপোনালোকে এইদৰে পুনৰ কৰে, তেনেহলে মই আপোনালোকক শাস্তি দিম!” সেই সময়ৰ পৰাই তেওঁলোক বিশ্ৰাম-বাৰে অহা নাছিল।

22তাৰ পাছত বিশ্রাম-বাৰ পবিত্র কৰিবলৈ লেবীয়া সকল নিজকে নিজে শুচি কৰি আহি দুৱাৰবোৰ ৰখিবলৈ মই আদেশ দিলোঁ। হে মোৰ ঈশ্বৰ, এই বিষয়তো মোক সোঁৱৰণ কৰক; মোক দয়া কৰক আৰু আপোনাৰ নিয়ম অনুসাৰে মোলৈ কৃপা কৰক।

23সেই দিনবোৰত মই দেখিবলৈ পালোঁ যে, যিহুদী লোকসকলে, অচদোদীয়া, অম্মোনীয়া, আৰু মোৱাবীয়া মহিলাক বিয়া কৰিছিল।

24তেওঁলোকৰ আধা সংখ্যক সন্তানে অচদোদীয়া ভাষা কয়, কিন্তু তেওঁলোকে যিহুদী ভাষা ক’ব নাজানে। নিজৰ নিজৰ জাতিৰ ভাষা অনুসাৰে কথা কয়।

25তাতে মই তেওঁলোকৰ লগত বিবাদ কৰিলোঁ আৰু তেওঁলোকক শাও দিলোঁ। তেওঁলোকৰ কিছুমান লোকক কোবাই তেওঁলোকৰ চুলি চিঙিলোঁ। মই তেওঁলোকক ঈশ্ৱৰৰ নামেৰে শপত দি কলোঁ, “আপোনালোকে আপোনালোকৰ ছোৱালীক তেওঁলোকৰ পুত্রলৈ বিয়া নিদিব, আৰু আপোলোকৰ পুত্রলৈ বা নিজৰ বাবেও তেওঁলোকৰ ছোৱালীক বিয়া কৰাই নানিব।”

26ইস্ৰায়েলৰ ৰজা চলোমনে এই মহিলা সকলৰ কাৰণেই জানো পাপ কৰা নাছিল? অনেক দেশৰ মাজত তেওঁৰ নিচিনা কোনো ৰজা নাছিল; আৰু তেওঁ নিজৰ ঈশ্বৰৰ প্ৰিয়পাত্ৰ আছিল। ঈশ্বৰে তেওঁক গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিছিল, তথাপি বিদেশী ভাৰ্যাই তেওঁকো পাপ কৰালে।

27তেনেহলে বিদেশী মহিলা বিয়া কৰাৰ দ্ৱাৰাই ঈশ্বৰৰ বিৰুদ্ধে আনুগত্যহীন কাৰ্য কৰি আৰু সকলো কু-কাৰ্য কৰি আমি আপোলোকৰ কথা শুনিম নে?

28ইলিয়াচীব প্ৰধান পুৰোহিতৰ পুত্র যোয়াদা, যোয়াদাৰ এজন পুত্র হোৰোনীয়া চনবল্লটৰ জোঁৱায়েক আছিল। সেই কাৰণে মই শাৰীৰিকভাৱে মোৰ সন্মুখৰ পৰা আতৰ কৰিলোঁ।

29হে মোৰ ঈশ্বৰ, তেওঁলোকক সোঁৱৰণ কৰক; কাৰণ তেওঁলোকে পুৰোহিত পদ, পুৰোহিত-পদৰ আৰু লেবীয়া সকলৰ নিয়ম কুলষিত কৰিলে।

30সেই কাৰণে মই সকলো বিদেশী বস্তুৰ পৰা তেওঁলোকক শুচি কৰিলোঁ, আৰু প্ৰতিজনৰ কাৰ্য্য অনুসাৰে পুৰোহিত আৰু লেবীয়া সকলৰ দায়িত্ৱ সু-দৃঢ় কৰিলোঁ।

31নিৰূপিত সময়ত খৰি আৰু ফলৰ আগ ভাগ দান দিলোঁ। হে মোৰ ঈশ্বৰ, মঙ্গলৰ অৰ্থে মোক সোঁৱৰণ কৰক।



 <<  Nehemiah 13 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran