Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 67 >> 

1হে ঈশ্বৰ যিহোৱা তোমাৰ কৰুণাৰে আমাক আশীর্বাদ কৰা, তেওঁ তেওঁৰ আচৰিত চেহেৰাৰ পোহৰ আমাৰ ওপৰত পৰিবলৈ দিয়ক।

2গোটেই পৃথিবীয়ে যেন তোমাৰ পথ জানে; সকলো জাতিৰ মাজত যেন তোমাৰ পৰিত্ৰাণ প্ৰকাশিত হয়।

3হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক; সকলো লোকে তোমাৰ প্ৰশংসা কৰক।

4জাতিবোৰে উল্লাসিত হৈ আনন্দৰ গীত গাব; এই লোকসকলৰ ন্যায়বিচাৰ তুমি ন্যায়ৰে কৰিবা, পৃথিবীৰ জাতিবোৰক নিয়ন্ত্রণ কৰিবা। [চেলা]

5হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক, সমুদায় লোকে তোমাৰ প্ৰশংসা কৰক।

6পৃথিবীয়ে শ্রমৰফল উৎপন্ন কৰিলে; ঈশ্বৰে, আমাৰ ঈশ্বৰ, আমাক আশীৰ্ব্বাদ কৰিব।

7ঈশ্বৰে আমাক আশীৰ্ব্বাদ কৰিব, আৰু পৃথিবীৰ সকলো সীমাই তেওঁলৈ ভয় ৰাখিব।



 <<  Psalms 67 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran