Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 60 >> 

1হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰিলা, ভাঙি চূৰ-মাৰ কৰিলা; তুমি ক্ৰুদ্ধ হলা; আমাক পুনৰায় স্থাপন কৰা।

2তুমি দেশ খনত কঁপণি তুলি তাক বিচিন্ন কৰিলা; তাৰ ফাটবোৰ ভাল কৰা, কিয়নো সেয়বোৰে জোকাৰণি খাইছে।

3তুমি তোমাৰ প্ৰজাসকলক নির্দিষ্ট কিছুমান কঠোৰ কষ্ট ভোগ কৰিবলৈ দিলা; তুমি আমাক ঢলংপলং কৰাওঁতা দ্ৰাক্ষাৰসও খাবলৈ দিলা;

4যি সকলে তোমালৈ ভয় কৰে তেওঁলোকক তুমি এখন পতকা দিছা; যাতে সেই পতকাখন সত্যৰপক্ষে তুলি ধৰা হয়। [চেলা]

5তাতে তোমাৰ প্ৰিয়সকলে উদ্ধাৰ পাব; তুমি তোমাৰ সোঁ হাতেৰে আমাক উদ্ধাৰ কৰা আৰু আমাক উত্তৰ দিয়া।

6ঈশ্বৰে নিজৰ পবিত্ৰতাৰে ক’লে, “মই উল্লাস কৰিম; মই চিখিম ভাগ বাঁটি দিম, আৰু চূক্কোতৰ উপত্যকা জুখি দিম।

7গিলিয়দ মোৰেই আৰু মনচিও মোৰেই; ইফ্ৰয়িম মোৰ শিৰোৰক্ষক; যিহূদা মোৰ বিচাৰ-দণ্ড;

8মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ; মই ইদোমলৈ মোৰ জোতা দলিয়াই দিম; হে ফিলিষ্টিয়া, তুমি মোৰ কাৰণে উচ্চ-ধ্বনি কৰা।”

9কোনে মোক সেই দৃঢ় নগৰৰ ভিতৰলৈ লৈ যাব? কোনে মোক ইদোমলৈ লৈ যাব?”

10হে’ ঈশ্বৰ, তুমি আমাক ত্যাগ কৰা নাই নে? হে’ ঈশ্বৰ, তুমিতো আমাৰ সৈন্যসমূহৰ লগত যুদ্ধলৈ নোযোৱা।

11শত্ৰুৰ বিৰুদ্ধে আমাক সহায় কৰা; কিয়নো মানুহৰ সহায় যে বৃথা।

12ঈশ্বৰৰ সহায়ৰ দ্বাৰাইহে আমি জয়জয়কাৰ কৰিম; কিয়নো তেৱেঁই আমাৰ শত্ৰুবোৰক বিদ্রুপ কৰিব।



 <<  Psalms 60 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran