Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 6 >> 

1হে যিহোৱা, তুমি খংত মোক ধমকি নিদিবা; তোমাৰ ক্রোধত মোক শাসন নকৰিবা।

2হে যিহোৱা, মোক কৃপা কৰা, কিয়নো মই দুর্বল; হে যিহোৱা মোক সুস্থ কৰা, কিয়নো মোৰ হাড়বোৰ ভয়তে কঁপিছে।

3মোৰ প্ৰাণও ভয়তে ব্যাকুল হৈছে; হে যিহোৱা, এইদৰে কিমান কাললৈ হৈ থাকিব?

4হে যিহোৱা, মোলৈ ঘূৰি চোৱা, মোৰ প্ৰাণ ৰক্ষা কৰা; তোমাৰ অসীম প্রেমেৰে মোক উদ্ধাৰ কৰা।

5মৃত্যু হ’লে তোমাক সোঁৱৰণ কৰা নহয়; চিয়োলত (মৈদাম) কোনে তোমাৰ প্রশংসা কৰিব?

6মই কেঁকাই কেঁকাই ক্লান্ত হৈ পৰিছো; গোটেই নিশা কান্দি-কান্দি মই মোৰ শয্যা চকুৰ পানীৰে তিয়াওঁ; মোৰ বিচনা তিতি যায়।

7দুখতে মোৰ চকুৰ দৃষ্টি কমি গৈছে; শত্রুবোৰৰ কাৰণে মোৰ চকু দুৰ্বল হৈছে।

8হে দুষ্ট কার্য কৰা লোকসকল, তোমালোক সকলোৱেই মোৰ ওচৰৰ পৰা দূৰ হৈ যোৱা; কিয়নো যিহোৱাই মোৰ ক্ৰন্দন শুনিছে।

9যিহোৱাই মোৰ নিবেদন শুনিলে; তেওঁ মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰিছে।

10মোৰ সকলো শত্রুবোৰ লজ্জিত হ’ব আৰু ভয়তে ব্যাকুল হ’ব; সিহঁত ঘূৰি যাব আৰু হঠাৎ লাজত পৰিব।



 <<  Psalms 6 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran