Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 47 >> 

1হে সমুদায় জাতি, তোমালোকে হাত তালি দিয়া; আণ্দেৰে ঈশ্বৰৰ উদ্দেশ্যে জয়ধ্বনি কৰা।

2সৰ্ব্বোপৰি যিহোৱা বিস্ময়জনক; সমগ্র পৃথিবীৰ ওপৰত তেৱেঁই মহান ৰজা।

3তেওঁ লোকসমূহক আমাৰ অধীন কৰিলে, জাতিবোৰক আমাৰ ভৰিৰ তল কৰিলে।

4তেৱেঁই আমাৰ আধিপত্য মনোনীত কৰিলে; সেই অধিপত্য তেওঁৰ প্রেমৰ পাত্র যাকোবৰ গৌৰৱৰ বিষয়। (চেলা)

5ঈশ্বৰে জয়-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে; যিহোৱাই শিঙা-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে।

6তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, প্ৰশংসাৰ গান কৰা; তোমালোকে আমাৰ ৰজাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, প্রশংসাৰ গান কৰা।

7কিয়নো ঈশ্বৰ গোটই পৃথিবীৰ ৰজা; তোমালোকে তেওঁৰ উদ্দেশ্যে এক বিশেষ উপলব্ধিৰে প্ৰশংসাৰ গান কৰা।

8সকলো জাতিবোৰৰ ওপৰত ঈশ্বৰে ৰাজত্ব কৰে; তেওঁৰ পবিত্ৰ সিংহাসনত তেওঁ বহি থাকে।

9জাতিসকলৰ ৰাজপুত্রসকল গোট খাইছে; অব্ৰাহামৰ ঈশ্বৰৰ লোকৰ দৰেই গোট খাইছে; কিয়নো পৃথিবীৰ ঢালবোৰ (শাসনকর্তা) ঈশ্বৰৰ; তেৱেঁই সবাবোকৈ মহান।



 <<  Psalms 47 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran