Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 143 >> 

1হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, মোৰ কাকুতিলৈ কাণ পাতা! তোমাৰ বিশ্বস্ততা আৰু ধাৰ্ম্মিকতাত মোক উত্তৰ দিয়া;

2তোমাৰ দাসক বিচাৰলৈ নিনিবা; কিয়নো তোমাৰ দৃষ্টিত কোনো জীৱিত লোক ধাৰ্ম্মিক নহয়।

3শত্ৰুৱে মোক পাছে পাছে খেদি আহিল, তেওঁ মোক মাটিত পেলাই মোৰ জীৱন ছিন্ন-ভিন্ন কৰিলে, দীর্ঘ দিনৰ আগেয়ে মৃত হোৱা লোকসকলৰ দৰে তেওঁ মোক অন্ধকাৰময় ঠাইত বসতি কৰালে।

4সেইবাবে মোৰ আত্মা অন্তৰত ব্যাকুল হৈছে; মোৰ অন্তৰত মন অসাৰ হৈ পৰিছে।

5মই পূৰ্ব্বকালৰ দিনৰ কথা মনত পেলাও, মই তোমাৰ সকলো কার্যৰ বিষয়ে চিন্তা কৰোঁ, তোমাৰ হাতৰ কাৰ্যবোৰ ধ্যান কৰোঁ।

6মই তোমাৰ ফালে মোৰ হাত মেলি আগবঢ়াই দিছোঁ; শুকান ভূমিৰ নিচিনাকৈ মোৰ প্ৰাণ তোমাৰ কাৰণে তৃষ্ণাতুৰ হৈছে।[চেলা]

7হে যিহোৱা, তুমি শীঘ্ৰে মোক উত্তৰ দিয়া, কাৰণ মোৰ আত্মাৰ উৎসাহ নোহোৱা হৈছে; মোৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা, মই গাঁতলৈ নামি যোৱাসকলৰ নিচিনা হৈ পৰিম।

8ৰাতিপুৱাতে মোক তোমাৰ সুস্থিৰ প্রেমৰ বচন শুনুউৱা, কাৰণ মই তোমাৰ ওপৰতে ভাৰসা কৰিছোঁ; তুমি মোক মই চলিব লগীয়া পথ শিকোৱাঁ, কিয়নো মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছো।

9হে যিহোৱা, মোৰ শত্ৰুবোৰৰ পৰা তুমি মোক উদ্ধাৰ কৰা; মই লুকাবৰ কাৰণে তোমাৰ ওচৰলৈ পলাই আহিছোঁ;

10তোমাৰ ইচ্ছাৰ কার্য সিদ্ধ কৰিবলৈ তুমি শিকোৱা, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ; তোমাৰ মঙ্গলময় আত্মাৰে মোক সমান পথত চলাই নিয়া।

11হে যিহোৱা, তোমাৰ নামৰ কাৰণে মোক পুনৰায় সঞ্জীৱিত কৰা; তোমাৰ ধাৰ্ম্মিকতাৰে সংকটৰ পৰা তুমি মোক উদ্ধাৰ কৰা।

12তোমাৰ সুস্থিৰ প্রেমেৰে মোৰ শত্ৰুবোৰক উচ্ছন্ন কৰা; মোৰ সকলো বিপক্ষসকলক তুমি ধ্বংস কৰা, কিয়নো মই তোমাৰ দাস।



 <<  Psalms 143 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran