Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 132 >> 

1হে যিহোৱা, তুমি দায়ুদৰ পক্ষত থাকি তেওঁ সহন কৰা সকলো ক্লেশ সোঁৱৰণ কৰা;

2তেওঁ কেনেকৈ যিহোৱাৰ ওচৰত শপত খাইছিল, যাকোবৰ সর্বশক্তিমানজনাৰ ওচৰত সঙ্কল্প কৰিছিল।

3তেওঁ কৈছিল, “মই নিজ গৃহত প্রৱেশ নকৰিম, নিজৰ শয্যাতো শয়ন নকৰিম,

4মই মোৰ চকুক নিদ্রা যাবলৈ নিদিম, চকুৰ পতাক তন্দ্রা-মগ্ন হ’বলৈ নিদিম,

5যেতিয়ালৈকে মই যিহোৱাৰ কাৰণে এক স্থান বিচাৰি নাপাওঁ, যাকোবৰ সর্বশক্তিমান জনাৰ কাৰণে এক আবাস বিচাৰি নাপাওঁ।”

6চোৱা, আমি ইফ্ৰাথাত এই বিষয়ে শুনিছিলোঁ, কিন্তু যিয়াৰৰ পথাৰত তাক পালোঁ।

7“আঁহা, আমি তেওঁৰ আবাসলৈ যাওঁ, তেওঁৰ চৰণতলত প্ৰণিপাত কৰোঁ।”

8হে যিহোৱা, উঠা; তোমাৰ বিশ্রাম স্থানলৈ আঁহা; তুমি আঁহা আৰু তোমাৰ শক্তিৰ চন্দুক আঁহক।

9তোমাৰ পুৰোহিতসকলে ধাৰ্ম্মিকতাৰূপ বস্ত্ৰ পিন্ধক, তোমাৰ ভক্তগণে আনন্দ-ধ্বনি কৰক।

10তোমাৰ দাস দায়ুদৰ কাৰণে তোমাৰ অভিষিক্ত ৰজাক তুমি বিমুখ নকৰিবা।”

11যিহোৱাই দায়ুদৰ আগত নিশ্চিতৰূপে এই শপত খালে, তেওঁ তাৰ পৰা কেতিয়াও বিচলিত নহ’ব; “ তোমাৰ ঔৰসত জন্মা সন্তানসকলৰ এজনক মই তোমাৰ সিংহাসনত বহুৱাম।

12তোমাৰ সন্তানসকলে যদি মোৰ নিয়মটি পালন কৰে, আৰু মই দিয়া আদেশবোৰ মানি চলে, যিবোৰ মই তেওঁলোকক শিকাম, তেন্তে তেওঁলোকৰ সন্তানসকলেও চিৰকাললৈকে তোমাৰ সিংহাসনত বহিব।”

13কিয়নো যিহোৱাই চিয়োনক মনোনীত কৰিলে, তেওঁ নিজৰ আবাসৰ কাৰণে তাকে বিচাৰিলে;

14তেওঁকলে, “এয়ে মোৰ চিৰকালৰ বিশ্ৰামস্থান; মই এই স্থানতে বাস কৰিম, কিয়নো মই ইয়াকে ইচ্ছা কৰিলোঁ।

15মই চিয়োনৰ খাদ্য-বস্তুক অধিক আশীৰ্ব্বাদ কৰিম, মই ইয়াৰ দৰিদ্ৰ লোকসকলক আহাৰেৰে তৃপ্ত কৰিম,

16মই ইয়াৰ পুৰোহিতসকলক পৰিত্ৰাণৰূপ বস্ত্ৰ পিন্ধাম; ইয়াৰ ভক্তসকলে উচ্চস্বৰেৰে আনন্দ-ধ্বনি কৰিব।

17মই সেই ঠাইত দায়ুদৰ কাৰণে এটি শিং উদ্ভৱ কৰিম, মই মোৰ অভিষিক্তজনৰ কাৰণে এক প্ৰদীপ যুগুত কৰালোঁ।

18মই তেওঁৰ শত্ৰুবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধাম, কিন্তু তেওঁৰ মূৰত হ’লে তেওঁৰ কিৰীটি জিলিকি থাকিব।”



 <<  Psalms 132 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran