Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 125 >> 

1যিসকলে যিহোৱাৰ ওপৰত ভাৰসা ৰাখে, তেওঁলোক চিয়োন পর্বতৰ নিচিনাকৈ অলৰ আৰু চিৰকাল স্থায়ী।

2যিৰূচালেমক পর্বতবোৰে যেনেকৈ চাৰিওফালে আবৰি ৰাখিছে, তেনেকৈ যিহোৱাই নিজৰ লোকসকলক আবৰি ৰাখে; এতিয়াৰে পৰা অনন্তকাল পর্যন্ত ৰাখিব।

3ঈশ্বৰ-ভক্ত লোকসকলে যাতে অধৰ্ম্ম কার্যলৈ হাত নেমেলে, সেইবাবে ধাৰ্ম্মিকসকলক দিয়া দেশৰ ওপৰত দুষ্টতাৰ ৰাজদণ্ড নাথাকিব।

4হে যিহোৱা, যিসকলে মঙ্গল আচৰণ কৰে, তুমি তেওঁলোকৰ মঙ্গল কৰা; যিসকলৰ অন্তৰ শুচি, তেওঁলোকৰ মঙ্গল কৰা।

5কিন্তু যিসকলে নিজ ইচ্ছাৰে খলা-বমা পথেদি এফলীয়া হৈ যায়, যিহোৱাই তেওঁলোকক কু-কার্য কৰা সকলৰ লগত দূৰ কৰিব। ইস্ৰায়েলৰ ওপৰত শান্তি হওঁক!



 <<  Psalms 125 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran