1হে স্বৰ্গৰ সিংহাসনত থাকোঁতা জনা, মই তোমাৰ ফালেই মোৰ চকু তুলি চাই থাকোঁ।
2গৰাকীৰ হাতলৈ যেনেকৈ দাসসকলৰ চকু থাকে, আৰু দাসীৰ চকু যেনেকৈ গৰাকীনীৰ হাতৰ ফালে থাকে, তেনেকৈ আমাক কৃপা নকৰা পর্যন্ত আমাৰ চকুৱে আমাৰ ঈশ্বৰ যিহোৱালৈ চাই থাকে।
3আমাক কৃপা কৰা, হে যিহোৱা, আমাক কৃপা কৰা; কিয়নো আমি লোকসকলৰ তুচ্ছ-তাচ্ছিল্যত অধিককৈ পোঁত গ’লো।
4আমাৰ প্রাণে বহন কৰিব পৰাতকৈ অধিক হ’ল সেই সুখী লোকসকলৰ বিদ্রূপ আৰু অহঙ্কাৰীসকলৰ অপমান।