Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 114 >> 

1ইস্রায়েল জাতি যেতিয়া মিচৰৰ পৰা ওলাই আহিল, যাকোবৰ বংশই যেতিয়া বিদেশী ভাষা কোৱা লোকৰ মাজৰ পৰা ওলাই আহিল,

2তেতিয়া যিহূদা হ’ল ঈশ্বৰৰ পবিত্র স্থান, ইস্ৰয়েল হ’ল তেওঁৰ ৰাজ্য।

3সমুদ্ৰই (চূফ সাগৰ) তাকে দেখি পলায়ন কৰিলে; যৰ্দন নদী উজাই গ’ল।

4পর্বতবোৰে মতা ভেড়াৰ নিচিনাকৈ, পাহাৰবোৰে ভেড়া পোৱালীৰ নিচিনাকৈ জঁপিয়াবলৈ ধৰিলে।

5হে সমুদ্ৰ, তোমাৰ কি হ’ল? কিয় তুমি পলাই গ’লা? হে যর্দন, কিয় তুমি উজাই গ’লা?

6হে পৰ্বতসমূহ, কিয় তোমালোকে মতা ভেড়াৰ দৰে জপিয়াঁবলৈ ধৰিলা? হে পাহাৰসমূহ, কিয় তোমালোকে ভেড়া পোৱালীৰ দৰে জঁপিয়াবলৈ ধৰিলা?

7হে পৃথিৱী! তুমি যিহোৱাৰ সন্মুখত কম্পমান হোৱা, যাকোবৰ ঈশ্বৰৰ সন্মুখত কম্পমান হোৱা।

8তেওঁ শিলক জলাশয়লৈ পৰিণত কৰিলে, চকমকীয়া কঠিন শিলক জলৰ এক ভুমুক কৰিলে।



 <<  Psalms 114 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran