Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 1 >> 

1ধন্য সেই লোক, যি জনে দুষ্টসকলৰ পৰামর্শমতে নচলে, পাপীসকলৰ পথত থিয় নহয়, নিন্দকসকলৰ সমাবেশত নবহে;

2কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে।

3সেই মানুহ বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ দৰে, যি গছে বতৰত ফল দিয়ে, আৰু যাৰ পাত জঁয় নপৰে; তেওঁ সকলো কৰ্মতে সফলতা লাভ কৰে।

4দুষ্টসকল তেনেকুৱা নহয়; তেওঁলোক বতাহে উৰুৱাই নিয়া তুঁহৰ দৰে।

5এই কাৰণে দুষ্টসকল ন্যায়-বিচাৰত থিয় হ’ব নোৱাৰিব, আৰু পাপীলোকে ধাৰ্ম্মিকসকলৰ সভাত থাকিব নোৱাৰিব।

6কাৰণ যিহোৱাই ধাৰ্ম্মিকসকল চলা পথত সতর্ক দৃষ্টি ৰাখে, কিন্তু দুষ্টসকলৰ পথৰ অন্ত হ’ব সৰ্ব্বনাশ।



 <<  Psalms 1 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran