Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Mark 2 >> 

1কিছু দিনৰ পাছত, যীচু পুনৰ কফৰনাহূমলৈ আহিল৷ তেতিয়া লোক সকলে তেওঁ ঘৰত আছে বুলি শুনি,

2ইমান মানুহ গোট খালে যে, ভিতৰত কোনো কোঠালিতে ঠাই নোহোৱা হ'ল; আনকি দুৱাৰ-মুখতো ঠাই নাইকিয়া হ’ল। তাতে যীচুৱে তেওঁলোকৰ আগত বাক্য প্ৰচাৰ কৰিলে।

3তেতিয়া লোক সকলে চাৰি জনে কঢ়িয়াই অনা এজন পক্ষাঘাত ৰোগীক যীচুৰ ওচৰলৈ আনিলে।

4কিন্তু জনসমাগমৰ বাবে তেওঁৰ ওচৰলৈ তেওঁক চপাব নোৱাৰি, যি ঠাইত তেওঁ আছিল, সেই ঘৰৰ ওপৰৰ চাল গুচাই বাট কৰি ললে আৰু পক্ষাঘাত ৰোগী জনক শোৱা শয্যাৰে সৈতে তললৈ নমাই দিলে।

5তাতে যীচুৱে তেওঁলোকৰ বিশ্বাস দেখি, সেই জঠৰ ৰোগীজনক ক’লে, "বোপা তোমাৰ পাপবোৰ ক্ষমা হ’ল।"

6কিন্তু তাত বহি থকা বিধানৰ অধ্যাপক সকলৰ মাজৰ কোনো কোনোৱে মনতে ভাবি ক’লে,

7"এওঁ এনে কথা কেনেকৈ কব পাৰে? এওঁ ঈশ্বৰ নিন্দা কৰিছে। এজন ঈশ্বৰত বাহিৰ কোনে পাপ ক্ষমা কৰিব পাৰে?"

8তেওঁলোকে নিজৰ মনত এনে কথা ভাবি থকা বুলি যীচুৱে নিজৰ আত্মাত তেতিয়াই জানিলে; সেয়েহে তেওঁলোকক ক’লে, "আপোনালোকে অন্তৰত কিয় এনে কথা ভাৱিছে?

9'তোমাৰ পাপবোৰ ক্ষমা হ’ল' নাইবা 'উঠা, তোমাৰ শয্যা তুলি লৈ খোজ কাঢ়ি যোৱা;' এই দুটা কথাৰ মাজত পক্ষাঘাত ৰোগী জনক কোনটো কবলৈ উজু?

10কিন্তু আপোনালোকে যেন জানে যে, পৃথিবীত পাপ ক্ষমা কৰিবৰ বাবে মানুহৰ পুত্ৰৰ ক্ষমতা আছে," তেওঁ পক্ষাঘাত ৰোগীজনক ক’লে

11"মই তোমাক কওঁ, উঠা, তোমাৰ শয্যা তুলি লৈ, নিজৰ ঘৰলৈ যোৱা।"

12তাতে তেওঁ তেতিয়াই উঠিল, আৰু সকলোৰে সন্মুখত নিজৰ শয্যা তুলি লৈ ওলাই গ’ল; ইয়াকে দেখি সকলোৱে বিস্ময় মানি কলে, "আমি এনেকুৱা কেতিয়াও দেখা নাই", এইদৰে ঈশ্বৰৰ স্তুতি কৰিব ধৰিলে।

13তাৰ পাছত যীচু আকৌ সাগৰৰ তীৰলৈ ওলাই গ’ল; আৰু লোক সকল তেওঁৰ ওচৰলৈ অহাত, তেওঁ তেওঁলোকক উপদেশ দিলে।

14পাছত তেওঁ যাওঁতে আল্‌ফয়ৰ পুতেক লেবীক কৰ লোৱা চ’ৰাত বহি থকা দেখা পালে আৰু তেওঁক কলে, "মোৰ পাছে পাছে আহা।" তেতিয়া তেওঁ উঠি, তেওঁৰ পাছে পাছে গ’ল।

15যেতিয়া যীচুৱে লেবীৰ ঘৰত ভোজন কৰি আছিল, তেতিয়া অনেক কৰ সংগ্রহকৰী আৰু পাপী লোক আৰু তেওঁৰ শিষ্য সকলেও তেওঁৰে সৈতে ভোজন কৰিবলৈ বহিল; লগতে তেওঁৰ পাছে পাছে অহা অনেক লোক তাত আছিল৷

16তাতে তেওঁ পাপী আৰু কৰ সংগ্রহকৰী সকলৰ সৈতে ভোজন কৰা দেখি, ফৰীচী সমাজৰ অধ্যাপক সকলে তেওঁৰ শিষ্য সকলক কলে, "এওঁ কিয় কৰ সংগ্রহকৰী আৰু পাপী লোকৰ লগত ভোজন-পান কৰে?"

17যীচুৱে ইয়াকে শুনি তেওঁলোকক কলে, "নিৰোগী মানুহৰ বাবে বেজৰ কোনো প্ৰয়োজন নাই; কিন্তু ৰোগীৰহে প্ৰয়োজন আছে। মই ধাৰ্ম্মিকক নহয় কিন্তু পাপীকহে নিমন্ত্রণ জনাবলৈ আহিছো।"

18এবাৰ যোহনৰ শিষ্য সকল আৰু ফৰীচী সকলে লঘোন দি আছিল৷ তাতে তেওঁলোকে আহি যীচুক সুধিলে, "যোহনৰ আৰু ফৰীচী সকলৰ শিষ্য সকলে লঘোন দিয়ে, কিন্তু আপোনাৰ শিষ্য সকলে লঘোন নিদিয়ে; ইয়াৰ কাৰণ কি?"

19তেতিয়া যীচুৱে তেওঁলোকক কলে, "সখি সকল দৰাৰ লগত থকা সময়ত, তেওঁলোকে লঘোন দিব পাৰে নে? তেওঁলোকৰ লগত দৰা থাকে মানে তেওঁলোকে লঘোন দিব নোৱাৰে।

20কিন্তু এনে দিন আহিব, যি দিনা তেওঁলোকৰ পৰা দৰাক নিয়া হব আৰু সেই দিনত তেওঁলোকে লঘোন দিব।

21কোনেও পুৰণি বস্ত্রত নতুন কাপোৰৰ টাপলি নামাৰে; তেনে কৰিলে, যি ডোখৰেৰে টাপলি মৰা হয়, সেয়ে তাক ফালি নিয়ে; অৰ্থাৎ নতুন ডোখৰে পুৰণিক ফালি নিয়ে আৰু তেতিয়া সৰহ ভাগহে ফাটি যায়।

22পুৰণি ছালৰ মোটত নতুন দ্রাক্ষাৰস কোনোৱে নথয় আৰু যদি কোনোবাই থয়, তেন্তে সেই দ্ৰাক্ষাৰসে সেই মোট ফালি পেলাব, তাতে দ্ৰাক্ষাৰস আৰু মোট, দুয়োটাই নষ্ট হব, কিন্তু নতুন দ্রাক্ষাৰস নতুন মোটতহে থয়।

23তাৰ পাছত তেওঁ বিশ্রাম বাৰে শস্যক্ষেত্রৰ মাজেদি যাওঁতে, তেওঁৰ শিষ্য সকলে শস্যৰ থোকবোৰ ছিঙি খাবলৈ ধৰিলে।

24তাতে ফৰীচী সকলে যীচুক কলে, "চোৱা, বিশ্রাম বাৰে যি কৰিব নাপায়, সেইবোৰ ইহঁতে কিয় কৰিছে?"

25তেতিয়া তেওঁ তেওঁলোকক কলে, "দায়ুদ আৰু তেওঁৰ লগৰবোৰৰ প্রয়োজন হোৱাত আৰু ভোক লগাত যি কর্ম কৰিছিল, সেই বিষয়ে আপোনালোকে কেতিয়াও পঢ়া নাই নে?

26তেওঁ কেনেকৈ অবিয়াথ মহাপুৰোহিতৰ সময়ত, ঈশ্বৰৰ গৃহত সোমাল আৰু পুৰোহিতৰ বাহিৰে বিধান অনুসৰি অন্য লোকে খাব নোৱাৰা যি দৰ্শন-পিঠা, সেইবোৰ তেওঁ খালে আৰু লগৰবোৰকো দিলে?"

27যীচুৱে তেওঁলোকক পুনৰ কলে, "বিশ্রাম বাৰ মানুহৰ কাৰণে হল; কিন্তু মানুহ বিশ্রাম-বাৰৰ কাৰণে নহ'ল;

28এই হেতুকে মানুহৰ পুত্র বিশ্রাম-বাৰৰো আধিপতি।



 <<  Mark 2 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran