Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Matthew 21 >> 

1যীচু আৰু তেওঁৰ শিষ্য সকল যিৰূচালেমৰ ওচৰৰ জৈতুন পৰ্ব্বতৰ বৈৎফগীলৈ আহিল, তেতিয়া যীচুৱে দুজন শিষ্যক এই কথা কৈ পঠিয়ালে,

2"তোমালোক সন্মুখৰ গাওঁখনলৈ যোৱা; তাতে বান্ধি থোৱা গাধ এজনী পোৱালীয়ে সৈতে পাবা; সেই দুটা মোৰ বাবে খুলি আনাগৈ।

3যদি তোমালোকক কোনোবাই কিবা কয়, তেন্তে তোমালোকে কবা,"প্ৰভুৰ এই দুটাৰ প্ৰয়োজন আছে, তাতে তেওঁ লগে লগেই তোমাক দি পঠাব।"

4যি বচন ভাববাদীৰ দ্বাৰাই কোৱা হৈছিল, এইটো সম্পূর্ণ হওঁক,

5"তোমালোকে চিয়োন-জীয়ৰীক কোৱা, চোৱা, তোমাৰ ৰজা তোমাৰ ওচৰলৈ আহিছে, তেওঁ নম্ৰ হৈ, গাধৰ ওপৰত বহি, অৰ্থাৎ গাধ পোৱালিৰ ওপৰত উঠি৷"

6সেই বচন সিদ্ধ হবলৈ এয়ে ঘটিল; তেতিয়া শিষ্য সকলে গৈ যীচুৱে দিয়া আদেশ অনুসৰি আদেশ দিয়াৰ দৰেই কৰি,

7গাধজনী আৰু পোৱালিটো আনিলে, সিহঁতৰ পিঠিত তেওঁলোকৰ কাপোৰ পাৰি দিলে, তেওঁ তাৰ ওপৰত বহিল।

8আৰু লোকসমূহৰ অধিক ভাগে নিজৰ নিজৰ কাপোৰ বাটত পাৰি দিলে; আনসকলে গছৰ ডালকে কাটি কাটি, বাটত পাৰি দিলে;

9আৰু তেওঁৰ আগে-পাছে যোৱা লোকসমূহে ৰিঙিয়াই ক’লে ,"জয়! জয়! দায়ুদৰ বংশৰ সন্তান৷" যি জন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য; উৰ্দ্ধলোকত জয়ধ্বনি হওঁক!"

10যেতিয়া যীচু যিৰূচালেমত প্ৰৱেশ কৰিলে, লোকসকল উৎফুল্লিত হৈ কবলৈ ধৰিলে "এই জন কোন?"

11তাতে লোক সকলে ক’লে, "এওঁ গালীলৰ নাচৰতৰ পৰা অহা ভাৱবাদী যীচু।"

12পাছত যীচু ঈশ্বৰৰ মন্দিৰত সোমাল, তাত যি সকলে মন্দিৰৰ ভিতৰত বেচা-কিনা কৰে, তেওঁলোকক বাহিৰ কৰিলে আৰু ধন সলোৱা সকলৰ মেজ আৰু কপৌ বেচাবোৰৰ আসন লুটিয়াই পেলালে।

13যীচুৱে তেওঁলোকক ক’লে, "এইটো লিখা আছে, 'মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ কোৱা হ’ব, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিছা।"

14তেতিয়া অন্ধ আৰু খোৰা সকল ধৰ্ম্মধামলৈ আহিল আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে।

15কিন্তু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁ কৰা আচৰিত কৰ্মবোৰ দেখি আৰু যেতিয়া ল'ৰাবোৰে মন্দিৰত চিঞৰি "জয়! জয়! দা্য়ূদৰ বংশৰ সন্তান", এই বুলি কোৱা শুনি তেওঁলোক ক্ষোভিত হ'ল৷

16তেতিয়া তেওঁলোকে যীচুক ক’লে, "লোক সকলে কি কৈছে তুমি শুনিছা নে?" যীচুৱে তেওঁলোকক ক'লে, "হয়! তোমালোকে কেতিয়াও পঢ়া নাই নে, 'তুমি শিশু আৰু কেচুৱাবোৰৰ মুখৰ পৰা স্তুতি সস্পূৰ্ণ কৰিলা?'

17পাছত তেওঁ তেওঁলোকক এৰি নগৰৰ পৰা ওলাই বৈথনিয়া গাঁৱলৈ গ'ল আৰু ৰাতিতো তাতেই থাকিল।

18ৰাতিপুৱা নগৰলৈ ঘূৰি আহোতে তেওঁৰ ভোক লাগিল৷

19এনেতে বাটৰ কাষত এজোপা ডিমৰু গছ দেখা পালে আৰু তেওঁ ওচৰলৈ গ'ল, কিন্তু পাতৰ বাহিৰে একো নোপোৱাত, তেওঁ ক’লে, "এতিয়াৰ পৰা এই গছত কেতিয়াও ফল নধৰক"। লগে লগেই সেই ডিমৰু জোপা শুকাই গ'ল৷

20যেতিয়া শিষ্য সকলে সেই গছ জোপাৰ অৱস্থা দেখা পালে, তেতিয়া তেওঁলোকে বিস্ময় মানি ক’লে, "এই ডিমৰু গছ জোপা অকস্মাৎ কেনেকৈ শুকাই গ’ল?"

21যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, "মই তোমালোকক সচাঁকৈ কওঁ, তোমালোকে যদি ভয় নকৰি বিশ্বাস কৰা তেন্তে কেৱল ডিমৰু গছকে এইদৰে কৰিব পাৰিবা এনে নহয় কিন্তু এই পৰ্ব্বতটোক যদি কোৱা, ইয়াৰ পৰা উঠি সাগৰত পৰ গৈ, তেতিয়া সিওঁ হ’ব।

22তোমালোকে প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি যি খোজা সকলোকে পাবা।"

23যীচু মন্দিৰলৈ আহি উপদেশ দি থকাৰ সময়ত, প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকল তেওঁৰ ওচৰলৈ আহি সুধিলে, "তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা? এই ক্ষমতা তোমাক কোনে দিলে?"

24যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, "ময়ো তোমালোকক এই কথা সোধোঁ; যদি তোমালোকে মোক কোৱা, তেন্তে ময়ো, কি ক্ষমতাৰে এইবোৰ কৰিছোঁ, তাক তোমালোকক কম।

25বাপ্তিস্ম দিওঁতা যোহন- তেওঁ কৰ পৰা আহিছে? স্বৰ্গৰ পৰা নে মানুহৰ পৰা?" তাতে তেওঁলোকে পৰস্পৰে আলোচনা কৰি ক'লে, আমি যদি কওঁ স্বৰ্গৰ পৰা, তেওঁ আমাক ক'ব, তেন্তে কিয় তেওঁত বিশ্বাস নকৰিলা?

26কিন্তু আমি যদি কওঁ 'মানুহৰ পৰা', তেন্তে লোক সকললৈ আমাৰ ভয় লাগে; কিয়নো সকলোৱে যোহনক ভাৱবাদী বুলি মানে।"

27পাছত তেওঁলোকে যীচুক উত্তৰ দি ক’লে, "আমি নাজানো।" তেতিয়া তেৱোঁ তেওঁলোকক ক’লে, "তেন্তে কি ক্ষমতাৰে এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো তোমালোকক নকওঁ।"

28কিন্তু তোমালোকে কি ভাবা? এজন মানুহৰ দুজন পুতেক আছিল; তেওঁ প্ৰথমজনৰ ওচৰলৈ গৈ ক’লে, 'বোপা তুমি আজি দ্ৰাক্ষাবাৰীত কাম কৰাগৈ।'

29তাতে সি পিতাকক উত্তৰ দিলে, মই নাযাওঁ; কিন্তু পাছত মনত অনুশোচনা কৰি গ’ল।

30দ্বিতীয়জনৰ ওচৰলৈকো গৈ, সেই একে কথাকে ক’লে। তাতে তেওঁ উত্তৰ দিলে, "মই যাম পিতা; পিতা তেওঁ নগ'ল।

31এই দুয়োৰো মাজত পিতাকৰ ইচ্ছা কোনজনে পালন কৰিলে? তেওঁলোকে ক’লে, প্ৰথমজনে। "যীচুৱে তেওঁলোকক ক’লে, "মই তোমালোকক সঁচাকৈ কওঁ, কৰ সংগ্রহকৰী আৰু বেশ্যাবোৰে তোমালোকৰ আগেয়ে ঈশ্বৰৰ ৰাজ্যত সোমাব।

32কিয়নো যোহন ধৰ্ম্মপথে তোমালোকৰ ওচৰলৈ আহিল, তথাপি তোমালোকে তেওঁত বিশ্বাস নকৰিলা; কিন্তু কৰ সংগ্রহকৰী আৰু বেশ্যাবোৰে তেওঁত বিশ্বাস কৰিলে; তোমালোকে তাক দেখিও, পাছত বিশ্বাস কৰিবলৈকো অনুতাপ নকৰিলা।

33আৰু এটা দৃষ্টান্ত শুনা। এজন মানুহ আছিল; তেওঁ দ্ৰাক্ষাবাৰী পাতি, তাৰ চাৰিওফালে বেৰা দি, মাজত পেৰাশাল পাতি, টঙিও সাজিলে; পাছত তেওঁ খেতিয়ক সকলৰ হাতত গতাই দি, আন দেশলৈ গ’ল।

34যেতিয়া দ্ৰাক্ষাগুটি চপোৱাৰ বতৰ ওচৰ হ’ল, তেওঁ নিজৰ গুটি পাবলৈ, খেতিয়ক সকলৰ ওচৰলৈ তেওঁৰ দাসবোৰক পঠাই দিলে।

35কিন্তু দ্ৰাক্ষাবাৰীৰ খেতিয়ক সকলে তেওঁৰ দাসবোৰক ধৰি, এজনক কোবালে, এজনক বধ কৰিলে, এজনক শিল দলিয়াই মাৰিলে।

36পুনৰায় তেওঁ আগতকৈ অধিক দাস পঠালে; তাতে সিহতকো সেই একেদৰে ব্যৱহাৰ কৰিলে।

37পাছত দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে 'পুত্ৰক আদৰ কৰিব বুলি', সিহঁতৰ ওচৰলৈ পঠালে।

38কিন্তু খেতিয়ক সকলে পুত্ৰক দেখি, পৰস্পৰে ক’লে, এওঁৱেই উত্তৰাধিকাৰী; আহা, আমি এওঁক বধ কৰোহঁক, তাতে তেওঁৰ উত্তৰাধিকাৰ আমাৰ হ’ব।

39এই বুলি সিহতে তেওঁক ধৰি, দ্ৰাক্ষাবাৰীৰ বাহিৰলৈ নি বধ কৰিলে।

40এনে স্থলত সেই দ্ৰাক্ষাবাৰীৰ গৰাকী জন আহিলে, সেই খেতিয়ক সকলক কি কৰিব?"

41লোক সকলে তেওঁক ক’লে, "তেওঁ সেই দুৰ্জনবোৰক নিষ্ঠুৰভাবে সংহাৰ কৰিব, আৰু যি সকলে বতৰত ফলবোৰ শোধাই দিব, এনে আন খেতিয়ক সকলৰ হাতত সেই দ্ৰাক্ষাবাৰী গতাই দিব।"

42যীচুৱে তেওঁলোকক ক’লে,"এই বচন তোমালোকে ধর্ম্মশাস্ত্ৰত পঢ়া নাই নে, ঘৰ-সজা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল; এয়ে প্ৰভুৰ পৰা হ’ল, আৰু আমাৰ দেখাত আচৰিত?'

43এই হেতুকে মই তোমালোকক কওঁ, তোমালোকৰ পৰা ঈশ্বৰৰ ৰাজ্য নিয়া হ'ব, আৰু তাৰ ফল উৎপন্ন কৰা জাতিক দিয়া হ’ব।

44এই শিলৰ ওপৰত যি কোনো পৰিব. তেওঁ ডোখৰ ডোখৰকৈ ভাগি যাব; কিন্তু যাৰ ওপৰত এই শিল পৰিব, তেওঁক ধূলিৰ দৰে উৰুৱাই পেলাব।"

45তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে তেওঁৰ এই দৃষ্টান্তবোৰ শুনি, তেওঁ যে তেওঁলোকৰ বিষয়ে কৈছে এই কথা বুজি পালে।

46কিন্তু তেওঁলোকে তেওঁক ধৰিবলৈ ছল বিচাৰোতে, লোক সকললৈ ভয় কৰিলে; কিয়নো লোক সকলে তেওঁক ভাববাদী বুলি মানিছিল।



 <<  Matthew 21 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran