Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Matthew 16 >> 

1ফৰীচী আৰু চদ্দূকী সকলে যীচুক পৰীক্ষা কৰিবৰ কাৰণে তেওঁৰ ওচৰলৈ আহিল আৰু আকাশৰ পৰা কোনো এটা চিন তেওঁলোকক দেখুৱাবলৈ ক'লে।

2যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, "সন্ধ্যা হলে আপোনালোকে কয়, 'বতৰ ফৰকাল হব, কিয়নো আকাশ খন ৰঙা হৈছে।'

3ৰাতিপুৱা কয়, 'আজি ডাৱঁৰীয়া হব; কিয়নো আকাশ ৰঙা ও অন্ধকাৰ হৈছে।' আপোনালোকে আকাশৰ অৱস্থা ঠিকেই বিচাৰ কৰিব জানে, অথচ সময়ৰ চিহ্ন বুজিব নোৱাৰে।

4এই যুগৰ পাপী আৰু ব্যাভিচাৰী লোক সকলে চিন বিচাৰে৷ কিন্তু যোনাৰ চিনৰ বাহিৰে তেওঁলোকক আন একো চিন দেখুওৱা নহ’ব।" তাৰ পাছত যীচুৱে তেওঁলোকক এৰি গুচি গ’ল।

5পাছত তেওঁৰ শিষ্য সকল সিপাৰলৈ আহিল, কিন্তু লগত ৰুটি আনিবলৈ পাহৰি গ’ল।

6যীচুৱে তেওঁলোকক ক’লে, "তোমালোকে শুনা! ফৰীচী আৰু চদ্দূকী সকলৰ খমিৰৰ পৰা সাৱধানে থাকিবা।"

7শিষ্য সকলে নিজৰ মাজত কোৱা-কুই কৰিলে, "আমি পিঠা অনা নাই কাৰণে তেওঁ এইদৰে ক'লে নেকি৷"

8এই কথা বুজিব পাৰি যীচুৱে ক’লে, "অল্পবিশ্বাসী সকল, তোমালোকে নিজৰ মাজত পিঠা লৈ নহাৰ কাৰণে এই কথা কৈছো বুলি কিয় আলোচনা কৰিছা?

9তোমালোকে এতিয়াও বুজা নাই নে বা তোমালোকৰ মনতো পৰা নাই নে সেই পাঁচ হাজাৰ মানুহৰ কাৰণে পাঁচটা পিঠাৰ কথা আৰু তাৰ পিছত কেইটা পাচি তোমালোকে তুলি লৈছিলা?

10নাইবা সেই চাৰি হাজাৰ মানুহৰ কাৰণে সাতটা পিঠাৰ কথা আৰু কেইটা পাচি তোমালোকে তুলি লৈছিলা?

11মই যে তোমালোকক পিঠাৰ কথা কোৱা নাই, সেই বিষয়ে তোমালোকে কিয় বুজি পোৱা নাই? কিন্তু ফৰীচী আৰু চদ্দূকী সকলৰ খমিৰৰ পৰা সাৱধান হবলৈহে কৈছো।

12তেতিয়া শিষ্য সকলে বুজি পালে যে, তেওঁ পিঠাৰ খমিৰৰ পৰা তেওঁলোকক সাৱধান হবলৈ কোৱা নাই, কিন্তু ফৰীচী আৰু চদ্দূকী সকলৰ শিক্ষাৰ পৰাহে সাৱধান হ'বৰ বাবে কৈছে।

13তাৰ পাছত যীচু যেতিয়া চীজাৰীয়া-ফিলিপীৰ অঞ্চললৈ গ'ল, তেতিয়া শিষ্য সকলক তেওঁ সুধিলে "মানুহৰ পুত্ৰ কোন" এই বিষয়ে লোক সকলে কি বুলি কয়?

14তেওঁলোকে কলে, "কোনো কোনোৱে কয় বাপ্তিস্ম দিওঁতা যোহন; কোনোৱে এলিয়া, আন কোনোৱে যিৰিমিয়া বা ভাৱবাদী সকলৰ এজন বুলি কয়৷

15তেতিয়া তেওঁ তেওঁলোকক সুধিলে, "কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?"

16তেতিয়া চিমোন পিতৰে উত্তৰ দি কলে, "আপুনি সেই অভিষিক্ত জন, জীৱন্ত ঈশ্বৰৰ পুত্ৰ।"

17তেতিয়া যীচুৱে উত্তৰ দি তেওঁক ক’লে, 'বাৰ যোনাৰ পুত্ৰ চিমোন, তুমি ধন্য; কিয়নো তেজ আৰু মাংসই তোমাৰ আগত এই কথা প্ৰকাশ কৰা নাই, কিন্তু স্বৰ্গত থকা মোৰ পিতৃয়েহে প্ৰকাশ কৰিলে।

18ময়ো তোমাক কওঁ যে "তুমি পিতৰ অৰ্থাৎ শিল, আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, মৃত্যুৰ কোনো শক্তিয়ে ইয়াক পৰাজয় কৰিব নোৱাৰিব ।

19মই তোমাক স্বৰ্গৰাজ্যৰ চাবিবোৰ দিম, তাতে তুমি এই পৃথিবীত যিহকে বান্ধিবা, সেয়ে স্বৰ্গতো বান্ধি ৰখা হ’ব; আৰু তুমি পৃথিবীত যিহকে মুকলি কৰিবা, সেয়ে স্বৰ্গতো মুকলি হবলৈ দিয়া হ’ব।"

20তেতিয়া যীচুৱে শিষ্য সকলক এই আজ্ঞা দিলে, তেওঁলোকে যাতে কাকো নকয় যে তেৱেঁই "খ্রীষ্ট, অৰ্থাৎ অভিষিক্ত জন"।

21সেই সময়ৰ পৰা যীচুৱে তেওঁৰ শিষ্য সকলক জনাবলৈ ধৰিলে যে, তেওঁ অৱশ্যেই যিৰূচালেমলৈ যাব লাগিব, আৰু তাত পৰিচাৰক, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ পৰা অনেক দুখভোগ পাই মৃত্যুভোগ কৰি তিন দিনৰ দিনা পুনৰায় উঠিব লাগিব।

22তেতিয়া পিতৰে তেওঁক একাষলৈ নি অনুযোগ কৰি ক'লে "হে প্ৰভু, ই আপোনাৰ পৰা দূৰ হওঁক! আপোনাৰ প্ৰতি কেতিয়াও এনে নঘটক।"

23কিন্তু যীচুৱে পিতৰৰ ফালে ঘূৰি চাই তেওঁ ক’লে, "মোৰ আগৰ পৰা দূৰ হ চয়তান; তই মোৰ পথৰ বিঘিনি স্বৰূপ, তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।"

24তাৰ পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, "কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেন্তে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু নিজৰ ক্ৰুচ তুলি লৈ, মোক অনুসৰণ কৰক।

25কিয়নো যি কোনোৱে নিজৰ প্ৰাণ ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ কাৰণে নিজৰ প্ৰাণ হেৰুৱায়, তেওঁ সেই প্ৰাণ পাব।

26কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো যদি নিজৰ প্ৰাণকে হানি কৰে, তেন্তে তেওঁৰ কি লাভ? মনুহে নিজৰ প্ৰাণৰ সলনি কি দিব পাৰে?

27কিয়নো মানুহৰ পুত্ৰই নিজৰ পিতৃৰ মহিমাৰে স্বর্গদূত সকলক লগত লৈ আহিব৷ তেতিয়া তেওঁ প্ৰতিজনক নিজৰ কৰ্ম অনুসাৰে ফল দিব।"

28মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকৰ মাজত এনে কিছুমান লোক ইয়াত থিয় হৈ আছে যি সকলে মানুহৰ পুত্ৰক নিজৰ ৰাজ্যলৈ অহা নেদেখা পর্যন্ত মৃত্যুভোগ নকৰিব।"



 <<  Matthew 16 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran