1এদিন যীচু গিনেচৰৎ হ্রদৰ পাৰত থিয় হৈ আছিল আৰু বহু লোকে তেওঁক চাৰিওকাষে বেৰি ধৰি ঈশ্বৰৰ বাক্য শুনি আছিল।
2এনে সময়তে তেওঁ দেখিলে হ্রদৰ দাঁতিত দুখন নাও ৰৈ আছে আৰু মাছমৰীয়া সকলে নাও দুখনৰ পৰা নামি জাল ধুই আছে।
3তাৰে এখন নাৱত যীচু উঠিল আৰু সেই নাও খন চিমোনৰ আছিল। যীচুৱে তেওঁক নাও খন বামৰ পৰা অলপ দূৰৈত লৈ যাবৰ বাবে ক’লে আৰু তাৰ পাছত তেওঁ নাৱত বহি তাৰ পৰা লোক সকলক শিক্ষা দিব ধৰিলে।
4তেওঁৰ কথা শেষ হোৱাত চিমোনক কলে, “এতিয়া দ পানীলৈ নাও খন লৈ ব’লা আৰু তাত মাছ ধৰাৰ কাৰণে তোমালোকৰ জাল পেলোৱা।”
5চিমোনে উত্তৰ দি কলে, “হে নাথ, আমি ওৰে ৰাতি শ্ৰম কৰি একো নাপালোঁ; তথাপিও আপোনাৰ কথাত মই জাল পেলাম।”
6পাছত তেওঁলোকে তাত জাল পেলাওতে, প্রচুৰ মাছ জালত লাগিল আৰু তেওঁলোকৰ জাল ফাটিবলৈ ধৰিলে।
7তেতিয়া তেওঁলোকে সহায়ৰ কাৰণে আন নাৱত থকা সঙ্গী সকলক হাত বাউল দি মাতিলে আৰু সঙ্গী সকলে আহি দুয়োখন নাৱত ইমান মাছ ভৰালে যে, নাও ডুবো ডুবো হল।
8ইয়াকে দেখি চিমোন পিতৰে যীচুৰ চৰণত পৰি কলে, “প্ৰভু মই এজন পাপী মানুহ, আপুনি মোৰ ওচৰৰ পৰা আতৰি যাওঁক।”
9ইমানবোৰ মাছ দেখি চিমোন আৰু তেওঁৰ লগত মাছ ধৰোতে একেলগে থকা লোক সকল অবাক হৈ গ’ল।
10চিমোনৰ ব্যৱসায়ৰ অংশীদাৰ চিবদিয়ৰ পুতেক যাকোব আৰু যোহনও আচৰিত হ'ল। তেতিয়া যীচুৱে চিমোনক কলে, “ভয় নকৰিবা, এতিয়াৰ পৰা তুমি মনুষ্য ধৰিবা।”
11পাছে তেওঁলোকে নাও কেইখন বামলৈ আনি সকলো ত্যাগ কৰি যীচুৰ অনুগামী হল।
12এবাৰ যীচু অন্য এখন নগৰত আছিল। তাত সর্ব শৰীৰ কুষ্ঠ ৰোগেৰে ভৰা এজন মানুহে যীচুক দেখি উবুৰি হৈ পৰিল আৰু মিনতি কৰি তেওঁক কলে, “প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।”
13তেতিয়া যীচুৱে হাত মেলি তেওঁক চুই কলে, “মই এতিয়াই ইচ্ছা কৰিছোঁ, তুমি শুচি হোৱা।” আৰু তেতিয়াই তেওঁৰ শৰীৰৰ পৰা কুষ্ঠ ৰোগ আতৰিল।
14যীচুৱে তেওঁক এই আদেশ দিলে “এই কথা কাকো নকবা। কিন্তু যোৱা, পুৰোহিতৰ ওচৰত নিজকে দেখুওৱাগৈ আৰু লোক সকলৰ আগত সাক্ষ্য হবলৈ শুচি হোৱাৰ কাৰণে মোচিৰ নির্দেশ অনুসৰি বলি উৎসর্গ কৰা।”
15তথাপিও যীচুৰ বিষয়ে নানা খবৰ অধিক ৰূপত বিয়পি গ’ল আৰু তেওঁৰ কথা শুনিবলৈ আৰু ৰোগৰ পৰা সুস্থ হবৰ বাবে বহু লোকে তেওঁৰ ওচৰলৈ আহি ভিৰ কৰিলে।
16কিন্তু যীচুৱে প্রায়ে আতৰি গৈ নির্জন ঠাইত প্ৰার্থনা কৰি আছিল।
17এদিন তেওঁ শিক্ষা দি থকা সময়ত কেইজনমান ফৰীচী আৰু বিধানৰ অধ্যাপক সকল তাত বহি আছিল। তেওঁলোক গালীল আৰু যিহূদা অঞ্চলৰ বিভিন্ন গাওঁ আৰু যিৰূচালেম নগৰৰ পৰাও আহিছিল। ৰোগী সুস্থ কৰিবলৈ প্ৰভুৰ শক্তি যীচুৰ লগত আছিল।
18তেনে সময়তে কেইজনমান মানুহে এজন পক্ষাঘাতগ্ৰস্ত ব্যক্তিক শয্যাৰে সৈতে কঢ়িয়াই আনিলে; তেওঁলোকে ৰোগী জনক যীচুৰ সন্মুখত থবলৈ ইচ্ছা কৰি ভিতৰত আনিবৰ বাবে চেষ্টা কৰিছিল।
19কিন্তু লোক সকলৰ ভিৰৰ কাৰণে ভিতৰলৈ যাবৰ বাবে বাট নাপালে। সেই কাৰণে তেওঁলোকে ঘৰৰ চালত উঠিল আৰু চালি আতৰাই শয্যাৰ সৈতে ৰোগী জনক লোক সকলৰ মাজত থকা যীচুৰ সন্মুখতে একেবাৰে নমাই দিলে।
20তেওঁলোকৰ বিশ্বাস দেখি যীচুৱে কলে, “ভাই, তোমাৰ পাপ ক্ষমা কৰা হ’ল।”
21তাতে অধ্যাপক আৰু ফৰাচী সকলে এই আলোচনা কৰিবলৈ ধৰিলে, “ঈশ্বৰক নিন্দা কৰি কথা কোৱা এইজন কোন হয়? একমাত্র ঈশ্বৰৰ বাহিৰে আন কোনে পাপ ক্ষমা কৰিব পাৰে?"
22কিন্তু যীচুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই ক’লে, “আপোনালোকে মনলৈ কিয় এই প্রশ্ন আনিছে?
23কোনটো কবলৈ সহজ, ‘তোমাৰ পাপ ক্ষমা কৰা হল’ নে ‘তুমি উঠি খোজ কাঢ়ি ফুৰা’?
24কিন্তু আপোনালোকে যেন জানিব পাৰে যে পৃথিবীত পাপ ক্ষমা কৰিবলৈ মানুহৰ পুত্ৰৰ ক্ষমতা আছে।” সেয়ে তেওঁ পক্ষাঘাত ৰোগীজনক কলে, “মই তোমাক কওঁ, উঠা, তোমাৰ শয্যা তুলি লৈ নিজৰ ঘৰলৈ যোৱা।”
25লগে লগে সকলোৰে সন্মুখত মানুহ জন থিয় হ’ল আৰু যি শয্যাৰ ওপৰত তেওঁ শুইছিল, তাক তুলি ঈশ্বৰৰ প্রশংসা কৰি কৰি নিজৰ ঘৰলৈ উলটি গল।
26তাতে সকলো লোক আচৰিত হ’ল আৰু ভয়েৰে ঈশ্বৰৰ স্তুতি কৰি কলে, “আজি আমি আশ্চর্যজনক ঘটনা দেখিলোঁ।”
27এই ঘটনাৰ পাছত, যীচু তাৰ পৰা বাহিৰলৈ ওলাই গ’ল আৰু কৰ আদায় কৰা ঠাইত লেবী নামৰ এজন কৰ সংগ্রহক বহি থকা দেখি তেওঁক কলে, “মোৰ পাছে পাছে আহা।”
28তাতে লেবী উঠিল আৰু সকলো এৰি যীচুৰ অনুগামী হ'ল।
29তাৰ পাছত লেবীয়ে নিজৰ ঘৰত যীচুৰ কাৰণে এক বৰ ভোজ পাতিলে; তেওঁলোকৰ লগত অনেক কৰ-সংগ্রহক আৰু আন আন কিছুমান লোককো ভোজ মেজত বহিছিল আৰু খাইছিল।
30তেতিয়া ফৰীচী আৰু তেওঁলোকৰ বিধানৰ অধ্যাপক সকলে যীচুৰ শিষ্য সকলৰ ওচৰত অভিযোগ কৰি ক’লে, “তোমালোকে কিয় কৰ-সংগ্রহক আৰু পাপী লোকৰ সৈতে ভোজন-পান কৰা?”
31তেতিয়া যীচুৱে উত্তৰ দি কলে, “নিৰোগী মানুহৰ বেজত সকাম নাই; কিন্তু ৰোগীৰহে আছে।
32মই ধার্মিকক নহয়; কিন্তু মন পালটান কৰিবলৈ পাপীকহে নিমন্ত্ৰন কৰিবলৈ আহিছো।”
33তেওঁলোকে যীচুক কলে, “যোহনৰ শিষ্য সকলে প্রায়ে প্রার্থনা কৰে আৰু লঘোন দিয়ে, ফৰীচী সকলৰ অনুগামী সকলেও সেইদৰে কৰে; কিন্তু আপোনাৰ শিষ্য সকলে সকলো সময়তে ভোজন-পান কৰে।
34তেতিয়া যীচুৱে তেওঁলোকক কলে, “দৰা লগত থাকোতে বৰযাত্রী সকলক জানো কোনোৱে উপবাসে ৰাখিব পাৰে?
35কিন্তু এনে দিন আহিব, তেতিয়া তেওঁলোকৰ ওচৰৰ পৰা দৰাক লৈ যোৱা হব আৰু সেই দিনবোৰত তেওঁলোকেও লঘোন দিব।”
36তেতিয়া যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি কলে, “নতুন বস্ত্ৰৰ পৰা এডোখৰ ফালি লৈ কোনেও পুৰণি বস্ত্ৰত টাপলি নামাৰে; যদি কোনোবাই সেইদৰে কৰে, তেনেহলে তেওঁ নতুন বস্ত্র খন ফালিব; তাৰ উপৰি নতুন বস্ত্রৰ পৰা লোৱা কাপোৰৰ টুকুৰা ডোখৰ পুৰণি বস্ত্রৰ কাপোৰ খনৰ লগত নিমিলিব।
37পুৰণি ছালৰ থলিত কোনেও নতুন দ্ৰাক্ষাৰস নথয়; থলে নতুন ৰসে সেই থলি ফালি পেলাব; তাতে ৰসও পৰি যাব আৰু থলিও নষ্ট হয়।
38নতুন দ্ৰাক্ষাৰস নতুন ছালৰ থলিত ৰখা উচিত।
39পুৰণি দ্রাক্ষাৰস পান কৰাৰ পাছত কোনেও নতুন ৰস পান কৰিবলৈ নিবিচাৰে; কিয়নো তেওঁ কয়, ‘পুৰণিটোৱে ভাল’।”