Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Luke 15 >> 

1সেই সময়ত কৰ সংগ্রহকৰী আৰু পাপী লোক সকলে যীচুৰ কথা শুনিবৰ বাবে আহিছিল ।

2তেতিয়া ফৰীচী আৰু অধ্যাপক সকলে গৰিহণা কৰি কলে, “এই লোক জনে পাপী লোক সকলক গ্ৰহণ কৰিলে আৰু তেওঁলোকৰ সৈতে ভোজন-পানো কৰে।"

3তেতিয়া তেখেত সকলক এই দৃষ্টান্ত দি তেওঁ কলে, "এশ মেৰ থকা কোনো মানুহৰ যদি এটা হেৰায়,

4তেনেহলে তেওঁ সেই নিৰানব্বৈটা মেৰক হাবিৰ মাজতে এৰি হেৰুৱাটোক বিচাৰি নাযাব নে?

5আৰু যেতিয়া হেৰুৱাটোক বিচাৰি পায়, তেতিয়া আনন্দিত হয় আৰু নিজৰ কান্ধত তুলি ঘৰলৈ আনে।

6এইদৰে যেতিয়া তেওঁ ঘৰ আহি পায়, তেতিয়া বন্ধু আৰু চুবুৰীয়া সকলক মাতি একত্ৰিত কৰি তেওঁলোকক কয়, “মোৰ সৈতে আনন্দ কৰা; কিয়নো মই হেৰোৱা মেৰ-পোৱালিটো পালোঁ”।

7মই আপোনালোকক কওঁ, সেইদৰে মন পালটন নকৰা নিৰানব্বই জন ধার্মিক লোকৰ অর্থে যিমান আনন্দ, মন পালটোৱা এজন পাপীৰ অর্থে, স্বর্গত তাতকৈ অধিক আনন্দ হব।

8অথবা কোনো এজনী মহিলাৰ দহোটা আধলিৰ যদি এটা হেৰাই,তেওঁ চাকি জ্বলাই ঘৰ সাৰি তাক নোপোৱালৈকে নিবিচাৰিব নে?

9আৰু হেৰুৱাতো বিচাৰি পালে, তেওঁ নিজৰ বন্ধু আৰু চুবুৰীয়া সকলক একলগে গোটায় কয়, “মোৰ সৈতে আনন্দ কৰা; কিয়নো যি আধলিটো হেৰুৱাইছিলো সেইটো পালোঁ”।

10সেইদৰে মই আপোনালোকক কওঁ, মন পালটোৱা এজন পাপীৰ অর্থে, ঈশ্বৰৰ দূতবোৰৰ সাক্ষাতে আনন্দ হয়।"

11তেওঁ পুনৰ কলে, “কোনো এজন মানুহৰ দুজন পুতেক আছিল ;

12সৰুটোৱে বাপেকক কলে, “দেউতা সম্পত্তিৰ যি ভাগ মই পাওঁ, সেই ভাগ মোক দিয়ক।" তেতিয়া তেওঁ নিজৰ সম্পত্তি সিহঁতক ভগাই দিলে।

13অলপ দিনৰ পাছত, সেই জন সৰু পুতেকে সকলো গোটাই দূৰ দেশলৈ যাত্ৰা কৰি তাত লম্পট আচৰণ কৰি সকলো সম্পত্তি অপব্যয় কৰিলে।

14তাতে সকলো ব্যয় হোৱাত, সেই দেশত তেওঁৰ বৰ আকাল হল, আৰু তাতে সৰু পুতেক জনে কষ্ট পাবলৈ ধৰিলে।

15তেতিয়া তেওঁ গৈ সেই দেশৰ এজন মানুহৰ আশ্ৰয় ললে। তাতে সেই মানুহ জনে তেওঁক গাহৰি চৰাবলৈ নিজৰ পথাৰলৈ পঠাই দিলে।

16তেওঁ গাহৰিয়ে খোৱা দানাৰে তৃপ্ত হবলৈ বৰ হেপাঁহ কৰিলে, কাৰণ তাতে তেওঁক কোনেও একো খাবলৈ দিয়া নাছিল।

17শেষত, এদিন তেওঁ চেতনা পাই কলে, “মোৰ পিতৃৰ ওচৰত বহুত চাকৰে পেত ভৰাই খাবলৈ পাই কিন্তু ইয়াত মই ভোকৰ জ্বালাত মৰিছো।

18মই এতিয়া দেউতাৰ ঘৰলৈ গৈ এই কথা কম, 'স্বর্গৰ অহিতে আৰু আপোনাৰ দেখাত পাপ কৰিলো;

19আপোনাৰ পুত্ৰ বুলি মতাৰ যোগ্য নহওঁ; মোক আপোনাৰ এটা চাকৰৰ নিচিনাকৈ হলেও ৰাখক’।

20পাছত তেওঁ তেনে ভাবেৰেই দেউতাকৰ ওচৰলৈ আহিল। কিন্তু তেওঁ ঘৰৰ পৰা দূৰৈত থাকোতেই, দেউতাকে দেখিলে আৰু তেওঁক চাই মৰম লগাত চুমা খালে।

21তেতিয়া পুতেকে কলে, “দেউতা স্বর্গৰ অহিতে আৰু আপোনাৰ দেখাত, মই পাপ কৰিলোঁ। আপোনাৰ পুত্ৰ বুলি মোক মাতিবলৈও মই এতিয়া যোগ্য নহওঁ” ।

22কিন্তু বাপেকে দাসবোৰক কলে, আটাইতকৈ উত্তম বস্ত্ৰ বেগাই আনি এওঁক পিন্ধাই দে; এওঁৰ হাতত আঙঠি, ভৰিত জোতা দে;

23পোহনীয়া দামুৰিতো আনি মাৰ৷ আহা, আমি ভোজন কৰি, ৰং কৰোঁহক;

24কিয়নো মোৰ এই লৰা মৰি গৈছিল আৰু এতিয়া এওঁ জীৱন পাইছে। এওঁ হেৰাই গৈছিল কিন্তু এতিয়া বিচাৰি পাইছো।" এনেদৰে কৈ তেওঁ আনন্দ কৰিবলৈ ধৰিলে।

25সেই সময়ত বৰ পুতেক পথাৰত আছিল। পাছত তেওঁ আহি ওচৰ পাই, বাজনা আৰু নচাৰ শব্দ শুনিলে।

26তেতিয়া দাসবোৰৰ এটাক মাতি সুধিলে, “এইবোৰ নো কি হৈছে”?

27তেতিয়া দাস জনে কলে “তোমাৰ ভায়েৰা আহিল; আৰু তোমাৰ পিতৃয়ে তেওঁক সুস্থ শৰীৰে পোৱা হেতুকে,পোহনীয়া দামুৰিটো মাৰিব দিলে।"

28তেতিয়া তেওঁৰ খং উঠিল আৰু ভিতৰলৈ যাবলৈ ইচ্ছা নকৰিলে; পাছত দেউতাক ওলাই আহিল আৰু তেওঁক বিনয়েৰে বুজালে,

29তেতিয়া বৰ পুত্ৰই বাপেকক উত্তৰ দি কলে, “চাওঁক, ইমান বছৰে মই আপোনাৰ সেৱা কৰিলো, কেতিয়াও মই আপোনাৰ আজ্ঞা উলঙ্ঘন কৰা নাই; তথাপি মোৰ বন্ধুসকলৰ লগত প্ৰীতি ভোজ কৰিবলৈ এটি ছাগলী পোৱালিও আপুনি মোক দিয়া নাই।

30কিন্তু আপোনাৰ সৰু লৰা বেশ্যাৰ লগত সকলো ধন খৰছ এতিয়া ঘূৰি আহিছে আৰু আপুনি সি ঘুৰি অাহোতেই তাৰ কাৰণে পোহনীয়া দামুৰীটো মাৰিলে”।

31তেতিয়া বাপেকে সেই ল'ৰাক কলে, “বোপা তুমি সদায় মোৰ লগত আছা আৰু মোৰ যি যি আছে, সকলো তোমাৰেই।

32কিন্তু তোমাৰ এই ভায়েৰা মৰা হৈয়ো আকৌ জীয়াই উঠিল; হেৰোৱা হৈয়ো পালো; এই কাৰণে আমি প্ৰীতি ভোজ পাতি আনন্দ কৰিব লাগে৷"



 <<  Luke 15 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran