Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Colossians 1 >> 

1মই পৌল, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ পাঁচনি আৰু আমাৰ ভাই তীমথিয়,

2কলচীত থকা খ্ৰীষ্টত বিশ্বাসী ভাই আৰু পবিত্ৰ লোক সকলৰ সমীপলৈ। আমাৰ পিতৃ ঈশ্বৰৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।

3আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰক ধন্যবাদ জনায় আপোনালোকৰ কাৰণে সদায় আমি প্ৰাৰ্থনা কৰি আছোঁ৷

4আমি শুনিবলৈ পালোঁ যে, খ্ৰীষ্ট যীচুত আপোনালোকৰ যি বিশ্বাস আৰু ঈশ্বৰৰ কাৰণে পৃথক কৰি ৰখা পবিত্ৰ লোক সকলৰ প্ৰতি যি প্ৰেম আছে,

5কিয়নো আপোনালোকৰ কাৰণেও আশা-ধনৰ বিষয় স্বৰ্গত সাঁচি থোৱা হৈছে৷ এই বিষয়ে সত্য বাক্য, শুভবার্তাত আপোনালোকে প্ৰথমে শুনিলে;

6আৰু যিদিনা আপোনালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলে আৰু জানিলে, সেই দিনাৰ পৰাই এই শুভবাৰ্তাই আপোনালোকৰ মাজত যেনেকৈ ফল ধৰিছিল, তেনেকৈ গোটেই জগততে উপস্থিত হৈ ফল ধৰি বাঢ়ি আছে৷

7সেইবোৰ আপোনালোকে আমাৰ প্ৰিয় সহদাস ইপাফ্ৰাৰ পৰাই শিকিলে; তেখেত আমাৰ কাৰণে খ্ৰীষ্টৰ বিশ্বাসী পৰিচাৰক;

8আৰু পবিত্ৰ আত্মাৰ যি প্ৰেম আপোনালোকৰ লগত আছে, সেই বিষয়ে তেখেতেই আমাক জনালে৷

9এই কাৰণে সেই কথা শুনা দিনৰে পৰা, আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ নেৰিলো, আপোনালোক সকলোৱে আত্মিক জ্ঞান আৰু বুদ্ধিৰ সম্বন্ধে ঈশ্বৰৰ ইচ্ছা বিষয়ক তত্ব-জ্ঞানেৰে পৰিপূৰ্ণ হওক৷

10আমি এনে ধৰণে প্ৰাৰ্থনা কৰি আছোঁ যাতে, সকলো ভাবে সন্তুষ্ট কৰিবৰ অৰ্থে আপোনালোকে যেন প্ৰভুত যোগ্যৰূপে জীৱন-যাপন কৰে আৰু তেওঁৰ সেই তত্ব-জ্ঞানত বাঢ়ি সকলো সৎকৰ্ম্মত ফলৱন্ত হয়৷

11আমি নিবেদন কৰোঁ যে, আপোনালোকে যেন সম্পূৰ্ণ সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে, তেওঁৰ মহিমাৰ পৰাক্ৰম অনুসাৰে সকলো শক্তিৰে শক্তিৱন্ত হয়৷

12আমি নিবেদন কৰোঁ আৰু আনন্দেৰে সৈতে তেওঁৰ ধন্যবাদ কৰোঁ, কাৰণ পিতৃয়ে আমাক পবিত্ৰ লোক সকলৰ যি অধিকাৰ পোহৰত আছে, সেই অধিকাৰৰ অংশীদাৰ হ’বলৈ যোগ্য কৰিলে৷

13তেৱেঁই আমাক অন্ধকাৰৰ ক্ষমতাৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰি থ’লে৷

14তেওঁৰ সেই পুত্ৰত আমাৰ মুক্তি, পাপৰ ক্ষমা আছে।

15সেই পুত্ৰ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি৷ তেওঁ গোটেই সৃষ্টিৰ প্ৰথমজাত;

16কিয়নো যি যি স্বৰ্গত আৰু এই জগতত, দৃশ্য আৰু অদৃশ্য বস্তু আছে, সেই সকলোবোৰ তেওঁতেই সৃষ্ট হ’ল৷ সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, এই সকলোবোৰ তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণে সৃষ্টি কৰা হ’ল৷

17তেওঁ সকলোৰে পূৰ্বৰ পৰা আছে আৰু সকলোবোৰ তেওঁৰেই নিয়ন্ত্ৰণত আছে৷

18তেৱেঁই হৈছে, তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ মূৰ৷ তেৱেঁই আদি আৰু মৃত লোকৰ মাজৰ পৰা প্ৰথমজাত, এই কাৰণে সকলো বিষয়তে তেওঁ অগ্ৰগণ্য হ’ল।

19সেই কাৰণে ঈশ্বৰে আনন্দেৰে সিদ্ধান্ত ল’লে যে, তেওঁত সকলো সম্পূৰ্ণতা বাস কৰা উচিত;

20আৰু তেওঁৰ দ্বাৰাই সকলোবোৰ তেওঁৰে সৈতে মিলন সাধন কৰিলে৷ এই জগতত থকা হওক বা স্বৰ্গত থকা হওক, তেওঁৰ ক্ৰুচৰ পুত্ৰৰ তেজৰ দ্বাৰাই শান্তি স্থাপন কৰিবলৈ ঈশ্বৰে সকলোতে ভাল দেখিলে।

21আপোনালোকেও পূৰ্বতে ঈশ্বৰৰ পৰা অসম্পৰ্কীয় আৰু দুষ্কৰ্ম্মত থাকি মনেৰে শত্ৰু হোৱা লোক আছিল৷

22তথাপি ঈশ্বৰে তেওঁৰ দৃষ্টিত আপোনালোকক পবিত্ৰ, নিষ্কলঙ্ক আৰু নিৰ্দোষীৰূপে উপস্থিত কৰিবৰ বাবে খ্ৰীষ্টৰ মাংসময় শৰীৰত মৃত্যুৰ দ্বাৰাই এতিয়া পুনৰ মিলন সাধন কৰিলে৷

23আপোনালোকে যি শুভবাৰ্তা শুনিছে, তাতে যদি বিশ্বাস কৰি স্থিৰে থাকে আৰু শুভবাৰ্তাৰ পৰা উৎপন্ন হোৱা যি আশা আপোনালোকে পালে, সেই আশাৰ মূলৰ পৰা যদি আতৰি নাযায়, তেনেহলে খ্ৰীষ্টে সকলোবোৰ সম্পন্ন কৰিব আৰু স্বৰ্গৰ তলত থকা সকলো সৃষ্টিৰ মাজত সেই একে শুভবাৰ্তা প্ৰচাৰিত হৈ আছে; মই পৌল, এই শুভবাৰ্তাৰ এজন দাস৷

24এতিয়া আপোনালোকৰ কাৰণে মোৰ যি দুখভোগ, তাতেই মই আনন্দ কৰিছোঁ, আৰু খ্ৰীষ্টৰ নানা ক্লেশৰ যি অৱশিষ্টখিনি অপূৰ্ণ হৈ আছে, সেই খিনি মই তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ কাৰণে মোৰ মাংসত পূৰ্ণ কৰিছোঁ।

25সেই বাক্য সম্পূৰ্ণকৈ প্ৰচাৰ কৰিবলৈ, আপোনালোকৰ কাৰণে ঈশ্বৰে মোক দিয়া ঘৰগিৰীবাব অনুসাৰে মই সেই মণ্ডলীৰ পৰিচাৰক হৈ আছোঁ৷

26সেই নিগূঢ়-তত্ত্ব যুগে যুগে আৰু পুৰুষে পুৰুষে গুপ্ত আছিল, কিন্তু এতিয়া তেওঁৰ পবিত্ৰ লোকৰ আগত প্ৰকাশিত হৈছে;

27ঈশ্বৰে তেওঁৰ মূল্যবান মহিমাময় নিগূঢ় তত্ব অনা-ইহুদী সকলৰ ওচৰত প্ৰকাশ কৰিবলৈ মনস্থ কৰিলে, সেই নিগূঢ় তত্ব সকলো লোকৰ কাৰণে; আৰু সেই নিগূঢ় তত্ব হ’ল স্বয়ং খ্ৰীষ্ট, যি জন আপোনালোকৰ মাজত আছে৷ তেৱেঁই আমাৰ গৌৰৱৰ আশা৷

28সেই জন তেৱেঁই, যি জনৰ বিষয়ে আমি প্ৰচাৰ কৰি আছোঁ৷ আমি প্ৰত্যেক জনকে সতৰ্ক কৰোঁ আৰু সকলো প্ৰজ্ঞাৰে প্ৰতিজনক শিক্ষা দি খ্ৰীষ্টক প্ৰচাৰ কৰোঁ যাতে খ্ৰীষ্টে সকলোকে ঈশ্বৰৰ ওচৰত সিদ্ধ লোক ৰূপে উপস্থিত কৰিব পাৰে৷

29তেওঁৰ কাৰ্যসাধক শক্তিয়ে মোৰ জীৱনত পৰাক্ৰমেৰে কাৰ্য সাধন কৰি আছে, সেই শক্তি অনুসাৰে তেওঁৰ কাৰণে প্ৰাণপণ কৰি মই পৰিশ্ৰমো কৰি আছোঁ।



 <<  Colossians 1 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran