Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Acts 4 >> 

1পিতৰ আৰু যোহনে লোকসমূহৰ মাজত কথা কৈ থাকোতে মন্দিৰৰ পুৰোহিত, সেনাপতি আৰু চদ্দূকী সকলে তেওঁলোকৰ ওচৰত আহি উপস্থিত হল৷

2পিতৰ আৰু যোহনে লোকসকলক যীচুৰ বিষয়ে শিক্ষা দিয়াত আৰু মৃতলোকৰ মাজৰ পৰা যীচুৰ পুনৰুত্থান হোৱা বিষয়তো ঘোষণা কৰি থকাত তেওঁলোক অতি বিৰক্ত হ'ল।

3তেওঁঁলোকে পিতৰ আৰু যোহনক ধৰিলে আৰু তেতিয়া সন্ধিয়া সময় হোৱা বাবে, পাছদিনা পুৱা নোহোৱালৈকে কাৰাগাৰত বন্দী কৰি থলে।

4কিন্তু যিসকলে শিক্ষা শুনিছিল, তেওঁলোকৰ মাজৰ বহুত মানুহে বিশ্বাস কৰিলে; সেই বিশ্বাসীসকলৰ সংখ্যা হিচাপ কৰোতে প্ৰায় পাঁচ হাজাৰ পোৱা গ’ল।

5পাছদিনা ইহুদী সকলৰ প্ৰধান নেতা , জেষ্ঠ লোক আৰু বিধানৰ শিক্ষকসকল একেলগে যিৰূচালেমত মিলিত হ‘ল।

6তাতে মহাপুৰোহিত হানন উপস্থিত আছিল। তেওঁৰ বাহিৰেও কায়ফা, যোহন, আলেকজেন্দাৰ আৰু মহাপুৰোহিতৰ পৰিয়ালৰ বহুত লোক উপস্থিত আছিল।

7তেওঁলোকে পিতৰ আৰু যোহনক মাজত থিয় কৰাই সুধিলে- "তোমালোকে কি শক্তিৰে বা কি নামেৰে এই কাৰ্য কৰিছা?"

8তেতিয়া পিতৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ তেওঁলোকক কলে- "হে লোকসমূহৰ শাসনকৰ্তা আৰু জেষ্ঠ লোকসকল,

9আজি এজন অসুস্থ মানুহলৈ কৰা উপকাৰ দেখি, তেওঁ কি উপায়েৰে সুস্থ হ’ল সেই বিষয় জানিবৰ বাবে আপোনালোকে আমাক এই বিষয়ে বিচাৰ কৰি প্রশ্ন সুধিছে নেকি?

10সেয়াই যদি হয়, আপোনালোক আৰু ইস্রায়েলৰ আটাইলোকে ইয়াকে জানক যে, যি যীচু খ্ৰীষ্টক আপোনালোকে ক্রুচত দিছিল আৰু তেওঁক ঈশ্বৰে মৈদামৰ পৰা তুলিলে আৰু সেই নাচৰতীয়া যীচুৰ নামেৰে এই ব্যক্তিজন সুস্থ হৈ ইয়াত আপোনালোকৰ আগত থিয় হৈ আছে।

11যি শিলক আপোনালোকৰদৰে ঘৰ সাজোতাই অৱহেলা কৰিলে, সেই যীচু খ্রীষ্টই হৈছে সেই শিল৷ সেই শিলক চুকৰ প্ৰধান শিল কৰা হ’ল।

12তেওঁৰ বাহিৰে আন কতো পৰিত্ৰাণ নাই, কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম, এনে আন কোনো নাম নাই"।

13পিতৰ আৰু যোহনৰ সাহস দেখি আৰু তেওঁলোক লিখা-পঢ়া নজনা লোক বুলি জানিবলৈ পোৱাত, তেওঁলোকে বিস্ময় মানিলে৷ তেওঁলোকে জনিলে যে, পিতৰ আৰু যোহন যীচুৰ লগত আছিল।

14সেই সুস্থ হোৱা লোকজন তেওঁলোকৰ মাজত থিয় হৈ থকা দেখি, ইহুদী নেতা সকলে পিতৰ আৰু যোহনৰ বিৰুদ্ধে একো কব নোৱাৰিলে।

15তেওঁলোকে পাঁচনিসকলক সভা কক্ষৰ পৰা ওলাই যাবলৈ আজ্ঞা দিলে আৰু নিজৰ মাজতে আলোচনা কৰি ক’লে-

16“এই লোকসকলক লৈ কি কৰা যায়? এওঁলোকে যে এক আচৰিত কাম কৰিলে যিৰূচালেমত থকা সকলোৱে জানিছে আৰু আমিও তাক অস্বীকাৰ কৰিব নোৱাৰোঁ।

17কিন্তু মানুহৰ মাজত যেন এই কথা বিয়পি নাযায়, সেই কাৰণে এওঁলোকক এই নামেৰে আনলোকৰ আগত কোনো কথা নকবলৈ আমি সাৱধান কৰি দিওঁহক”।

18তেতিয়া তেওঁলোকে পিতৰ আৰু যোহনক মাতি আনি, যীচুৰ নামেৰে কোনো কথা নকবলৈ আৰু উপদেশ নিদিবলৈ আজ্ঞা দিলে।

19কিন্তু পিতৰ আৰু যোহনে উত্তৰত তেওঁলোকক ক’লে- “আপোনালোকেই বিচাৰ কৰি কওঁক 'ঈশ্বৰৰ আজ্ঞা অমান্য কৰা বা আপোনালোকৰ আজ্ঞা পালন কৰা' ইয়াৰ ভিতৰত কোনটো বিষয় আমি পালন কৰা উচিত হব ?

20কিয়নো আমি যিবোৰ দেখিলোঁ আৰু শুনিলো, সেই বিষয়বোৰ নোকোৱাকৈ থাকিব নোৱাৰোঁ”।

21পাছত পুনৰবাৰ সতৰ্ক কৰি পিতৰ আৰু যোহনক যাবলৈ এৰি দিলে। কিয়নো তেওঁলোকে পিতৰ আৰু যোহনক শাস্তি দিবলৈ একো উপায় নাপালে, ইয়াৰ উপৰিও তেওঁলোকে কৰা কার্যবোৰ দেখি লোকসমূহে ঈশ্বৰৰ স্তুতি কৰি আছিল৷

22আৰু যি জন লোক সুস্থ হৈছিল, সেই মানু্হজনৰ বয়স চল্লিশ বছৰৰ বেচি আছিল।

23পিতৰ আৰু যোহনক এৰি দিয়াৰ পাছত, তেওঁলোক সঙ্গীসকলৰ ওচৰলৈ গ’ল আৰু প্ৰধান পুৰোহিত, জেষ্ঠ লোকসকলে যি যি কৈছিল, সেই সকলোবোৰ কথা তেওঁলোকক জনালে।

24এইবোৰ কথা শুনি সকলোৱে একেলগে উচ্চস্বৰে ঈশ্বৰৰ উদ্দেশ্যে প্রার্থনা কৰিলে, “প্ৰভু, আকাশমণ্ডল, পৃথিবী, সাগৰ আৰু এই সকলোৰে মাজত যি যি আছে, সকলোৰে সৃষ্টিকর্তা তুমিয়েই।

25তুমি তোমাৰ দাস, আমাৰ পিতৃপুৰুষ দায়ুদৰ মুখেৰে পবিত্র আত্মাৰ দ্বাৰা এই কথা কৈছিলা, জাতিবোৰ কিয় ক্রুদ্ধ হ’ল ? লোকসমুহে কিয় অসাৰ চিন্তা কৰে?

26ঈশ্বৰ আৰু তেওঁৰ অভিষিক্ত জনৰ বিৰুদ্ধে জগতৰ ৰজাসকল একেলগে উঠিছে, শাসনকর্তাসকল একগোট হৈছে। (গীতমালা ২:১-২ পদ)

27হয়, এই নগৰতে তুমি অভিষিক্ত কৰা তোমাৰ পবিত্র দাস যীচুৰ বিৰুদ্ধে হেৰোদ আৰু পন্তীয় পীলাত; অনা-ইহুদী আৰু ইস্ৰায়েলী সকলৰ সৈতে একেলগ হৈছিল।

28তোমাৰ হাতেৰে আৰু তোমাৰ ইচ্ছাত যি ঘটিব বুলি তুমি পূর্বতে ঠিক কৰিছিলা, সেই কার্য সিদ্ধ হ’বলৈকে তেওঁলোক একত্ৰিত হ’ল।।

29হে প্ৰভু, এতিয়া তেওঁলোকৰ এই ভীতি প্ৰদৰ্শন শুনা ! তোমাৰ সেৱক সকলক তোমাৰ বাক্য অতি সাহসেৰে কবলৈ অনুগ্রহ দান কৰা।

30তোমাৰ পবিত্ৰ দাস যীচুৰ নামেৰে সুস্থ কৰিবলৈ, আচৰিত কার্য আৰু চিন দেখুৱাবলৈ তুমি তোমাৰ হাত আগবঢ়াই দিয়া”।

31এনেদৰে প্ৰাৰ্থনা কৰাৰ পাছত, যি ঠাইত তেওঁলোক গোট খাই আছিল; সেই ঠাই কঁপিবলৈ ধৰিলে আৰু সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ’ল। তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ বাক্য সাহসেৰে কবলৈ ধৰিলে ।

32বিশ্বাসীসকল মনে-প্ৰাণে এক হৈ আছিল। তেওঁলোকৰ কোনেও নিজৰ সম্পত্তিক নিজৰ বুলি দাবী নকৰিলে, বৰং তেওঁলোকে আটাই বস্তু উমৈহতীয়াকৈ ৰাখিলে।

33পাঁচনিসকলে মহাশক্তিৰে প্ৰভু যীচুৰ পুনৰুত্থানৰ সাক্ষ্য দিলে আৰু তেওঁলোক সকলোৱে মহা আশীর্ব্বাদ প্ৰাপ্ত হল।

34তেওঁলোকৰ মাজত কোনো এজনৰে একো অভাৱ নাছিল, কিয়নো যিসকলৰ ঘৰ-বাৰী বা মাটি আছিল, তেওঁলোকে সেইবোৰ বেচি সেই সম্পত্তিৰ মূল্য আনি পাঁচনিসকলৰ চৰণত থৈছিল।

35পাছত বিশ্বাসীসকলৰ যাৰ যেনেকৈ প্ৰয়োজন, তেনেকৈ পাঁচনিসকলে সকলোকে ভগাই দিয়ে।

36যোচেফ নামৰ লেবী বংশৰ এজন মানুহ আছিল। তেওঁ কুপ্র দ্বীপৰ পৰা আহিছিল আৰু পাঁচনিসকলে তেওঁক বার্ণব্বা বুলি মাতিছিল। এই নামৰ অর্থ “উৎসাহদাতা”। ।

37যোচেফৰ এডোখৰ মাটি আছিল। তেওঁ সেই মাটি বেচি পোৱা ধন পাঁচনিসকলৰ চৰণত আনি থলে।



 <<  Acts 4 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran