Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  The Song of Songs 5 >> 

1হে মোৰ ভনীস্বৰুপা কন্যা, মই মোৰ উদ্যানত সোমালোঁহি; মই মোৰ গন্ধৰস আৰু সুগন্ধি দ্ৰব্য গোটালো; মই মোৰ মধুৰে সৈতে মোৰ মৌ-কোঁহ খালোঁ; আৰু মই নিজ গাখীৰেৰে সৈতে মোৰ দ্ৰাক্ষাৰস পান কৰিলোঁ | হে বন্ধুবিলাক, ভোজন কৰা, হে প্ৰিয়-বিলাক,পান কৰা, এনে কি, অধিক পৰিমাণে পান কৰা ।

2মই টোপনিত আছিলো, কিন্তু মোৰ মন সাৰে আছিল, এনে সময়ত মোৰ প্ৰিয়ৰ মাত শুনিলোঁ; তেওঁ দুৱাৰত টুকৰিয়াই কলে, ‘হে মোৰ ভনী, হে মোৰ প্ৰিয়া, হে মোৰ কপোতী, হে মোৰ শুদ্ধমতী, মোৰ নিমিওে দুৱাৰ মেলা; কিয়নো মোৰ মূৰ নিয়ৰেৰে, আৰু চুলি কোঁচা ৰাতিৰ জল-বিন্দুৰে পূৰ হৈছে |’

3‘মই মোৰ অঙ্গ-ৰক্ষক বস্ত্ত সোলোকাই থলোঁ, আকৌ কেনেকৈ পিন্ধিম ? মই ভৰি দুখনি ধুলোঁ, কেনেকৈ আৰু মলিন কৰিম?’

4মোৰ প্ৰিয়ই দুৱাৰৰ বিন্ধাইদি হাত মেলিলত, তেওঁলৈ মোৰ মন পুৰিবলৈ ধৰিলে |

5মই মোৰ প্ৰিয়ৰ নিমিত্তে দুৱাৰ মেলিবলৈ উঠিলোঁ; তেতিয়া সলখাৰ নালডাল মই হাতেৰে চোৱাত, মোৰ হাতৰ পৰা গন্ধৰস, মোৰ আঙলিৰ পৰা দ্ৰৱ গন্ধৰস, টোপা-টোপে পৰিল |

6এইদৰে মই মোৰ প্ৰিয়ৰ নিমিত্তে দুৱাৰ মেলি দিলো; কিন্ত্ত মোৰ প্ৰিয় গুচি গল; তেওঁ কথা কওঁতে মোৰ প্ৰাণ ওলাই গল; মই তেওঁক বিচাৰ কৰিলো কিন্ত তেওঁক নাপালোঁ | মই তেওঁক মাতিলোঁ, কিন্ত্ত তেওঁ মোক উত্তৰ নিদিলে |

7নগৰ-ফুৰোঁতা প্ৰহৰীবোৰে মোক পালে, সিহঁতে মোক কোবালে, মোক ক্ষতবিক্ষত কৰিলে; গড়ৰ প্ৰহৰীবোৰে মোৰ গাৰ পৰা মোৰ চোলা কাঢ়ি নিলে |

8হে যিৰুচালেমৰ জীয়াৰীবিলাক, মই তোমালোকক শপত দি কৈছোঁ, তোমালোকে যদি মোৰ প্ৰিয়ক লগ পোৱা, তেন্তে তেওঁক কবা যে, মই প্ৰেমতে পীড়িতা আছোঁ |

9হে নাৰীবিলাকৰ মাজত পৰম-সুন্দৰী, আন আন প্ৰিয়তকৈ তোমাৰ প্ৰিয় কিহত উত্তম ? তুমি যে আমাক এনে শপত দিছা, আন আন প্ৰিয়তকৈ তোমাৰ প্ৰিয় কিহত উত্তম ?

10মোৰ প্ৰিয় বগা, আৰু ৰঙচীয়া; তেওঁ দহ হাজাৰৰ ভিতৰত অগ্ৰগন্য |

11তেওঁৰ মূৰ অতি উত্তম নিৰ্ম্মল সোণৰ নিচিনা; তেওঁৰ চুলি কোঁচা কেঁকোৰা-কেঁকুৰি, আৰু ঢোঁৰা কাউৰীৰ নিচিনা ক’লা|

12তেওঁৰ চকু যুৰি জুৰিৰ দাঁতিত থকা দুটি কপৌৰ নিচিনা; তাক যেন গাখীৰেৰেহে ধোৱা হৈছে, আৰু সেয়ে উত্তমৰুপে পতোৱা বাখৰৰ সদৃশ;

13তেওঁ গাল দুখনি সুগন্ধি ফুল গছৰ এক ভেটিস্বৰুপ, আৰু মচলা উৎপাদক লতাৰ স্তম্ভ স্বৰুপ| তেওঁৰ ওঁঠ দুটি কনাৰি ফুলৰ সদৃশ; তাৰ পৰা দ্ৰৱ গন্ধৰস টোপটোপকৈ পৰে |

14তেওঁৰ হাত দুখনি বৈদুৰ্য্য বাখৰ পতোৱা সোণৰ আঙঠিৰ নিচিনা | তেওঁৰ শৰীৰ নীলকান্ত বাখৰেৰে ঢকা হাতীদাঁতৰ শিল্পকৰ্ম্মৰ নিচিনা |

15তেওঁৰ ভৰি দুখন উত্তম সোণৰ আধাৰত বহুৱা বগা শিলৰ দুটি স্তম্ভৰ নিচিনা | তেওঁ দেখিবলৈ লিবানোনৰ নিচিনা, এৰচ গছৰ নিচিনা উওম |

16তেওঁৰ মুখ অতিশয় মধুৰ; এনে কি, তেওঁ সম্পূৰ্ণৰুপে মনোহৰ | হে যিৰুচালেমৰ জীয়াৰীবিলাক, এই জনায়েই মোৰ প্ৰিয়, এই জনায়েই মোৰ সখা |



 <<  The Song of Songs 5 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran