1হে পুৰোহিতবিলাক, এই কথা শুনা, হে ইস্ৰায়েল-বংশ কাণ পাতা, আৰু হে ৰাজবংশ, কাণ দিয়া, কিয়নো তোমালোকৰেই বিৰুদ্ধে দণ্ডাজ্ঞা হৈছে ; কাৰণ তোমালোক মিস্পাত পতা ফান্দস্বৰূপ, আৰু তাবোৰত পতা জাল স্বৰূপ হৈছা ।
2বিদ্ৰোহীবোৰ বলি কতাট দকৈ নামিল ; কিন্তু মই সিহঁত আটাইকে শাস্তি দিম ।
3মই ইফ্ৰয়িমক জানো, আৰু ইস্ৰায়েল মোৰ পৰা গুপুতে থকা নাই ; কিয়নো হে ইফ্ৰয়িম, তুমি বেশ্যাকৰ্ম্ম কৰিলা, ইস্ৰায়েল অশুচি হল ।
4তেওঁবিলাকৰ কাৰ্য্যবোৰে তেওঁবিলাকক তেওঁবিলাকৰ ঈশ্বৰৰ ফাললৈ উলটিব নিদিয়ে ; কিয়নো তেওঁবিলাকৰ অন্তৰত বেশ্যাকৰ্ম্ম কৰাওঁতা আত্মা আছে, আৰু তেওঁবিলাকে যিহোৱাক নাজানে ।
5আৰু ইস্ৰায়েলৰ গৌৰৱভূমিয়ে তাৰ মুখৰ আগতে সাক্ষ্য দিছে ; এই হেতুকে ইস্ৰায়েল আৰু ইফ্ৰয়িমে নিজ নিজ অপৰাধত উজুটি খাব ; আৰু তেওঁবিলাকৰ লগত যিহূদায়ো উজুটি খাব ।
6তেওঁবিলাকে নিজ নিজ ভেড়া আৰু গৰুৰ জাক লৈ যিহোৱাক বিচাৰিবলৈ যাব, কিন্তু তেওঁক নাপাব ; তেওঁ তেওঁবিলাকৰ পৰা আতঁৰ হৈ গল ।
7তেওঁবিলাকে যিহোৱাৰ বিৰুদ্ধে বিশ্বাস-ঘাতকতা কৰিলে ; কিয়নো তেওঁবিলাকে বিজাতীয় সন্তান উৎপন্ন কৰিলে । এতিয়া ন-জোন ওলালে তেওঁবিলাকক নিজ নিজ ভাগে সৈতে গ্ৰাস কৰা হব ।
8তোমালোকে গিবিয়াত শিঙা বজোৱা, ৰামাত তুৰি বজোৱা, আৰু বৈৎ-আবনত উচ্চধ্বনি কৰা ; হে বিন্যামীন, তোমাৰ পাছত শত্ৰু আছে ।
9দণ্ডৰ দিনা ইফ্ৰয়িম ধ্বংসস্থান হব ; যি নিশ্চয়ে ঘটিব, তাক মই ইস্ৰায়েলৰ ফৈদবিলাকৰ মাজত জনাইছোঁ ।
10যিহূদাৰ অধ্যক্ষবিলাকস সীমা লৰাওঁতাবোৰৰ নিচিনা ; পানী ঢালাদি মই তেওঁবিলাকৰ ওপৰত মোৰ ক্ৰোধ ঢালিম ।
11ইফ্ৰয়িমক অত্যাচাৰ কৰা হল আৰু বিচাৰত পিহা হল ; কাৰণ তেওঁ আজ্ঞাটিৰ মতে চলি সন্তোষ পাইছে ।
12এই হেতুকে মই ইফ্ৰয়িমলৈ পোকস্বৰূপ আৰু যিহূদা-বংশলৈ ক্ষয়স্বৰূপ হম ।
13যেতিয়া ইফ্ৰয়িমে নিজ ৰোগৰ আৰু যিহূদাই নিজ ঘাৰ গম পালে, তেতিয়া ইফ্ৰয়িম অচুৰৰ ওচৰলৈ গল, আৰু যুদ্ধকাৰী ৰজাৰ ওচৰলৈ দূত পঠালে ; কিন্তু তেওঁ তোমালোকক সুস্থ কৰিব নোৱাৰিব, বা তোমালোকৰ ঘাৰ পৰা তোমালোকক আৰোগ্য কৰিব নোৱাৰিব ।
14কিয়নো মই ইফ্ৰয়িমলৈ সিংহস্বৰূপ আৰু যিহূদা-বংশলৈ যুবা সিংহস্বৰূপ হম ; মই, ময়েই বিদাৰি গুচি যাম ; মই লৈ যাম, উদ্ধাৰ কৰিবলৈ কোনো নহব ।
15তেওঁবিলাকে নিজ নিজ দোষ বুজি মোৰ লগত সাক্ষাৎ কৰিবলৈ নিবিচৰালৈকে মই উলটি গৈ মোৰ ঠাইত থাকিম ; সঙ্কটৰ সময়ত তেওঁবিলাকে মোক যত্নেৰে বিচাৰ কৰিব ।