Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Hosea 3 >> 

1পাছে যিহোৱাই মোক কলে, ইস্ৰায়েলৰ সন্তানবিলাকে ইতৰ দেৱতালৈ মুখ কৰাতো, আৰু শুকান দ্ৰাহ্মাগুটিৰ লদা ভাল পোৱাতো যিহোৱাই যিহোৱাই তেওঁবিলাকক প্ৰেম কৰাৰ দৰে, তুমি পুনৰায় গৈ উপপতিৰ প্ৰিয়া আৰু ব্যভিচাৰিণী তিৰোতাজনীক প্ৰেম কৰা ।

2তাতে মই গৈ পোন্ধৰ ডোখৰ ৰূপ আৰু ডেৰ হোমৰ যৱেৰে তাইক নিজৰ নিমিত্তে কিনি ললোঁ ।

3আৰু মই তাইক কলোঁ, তুমি মোৰ নিমিত্তে অনেক দিনলৈকে থাকিবা, ব্যভিচাৰ নকৰিবা, আৰু কোনো পুৰুষৰ তিৰোতা নহবা ; আৰু মইও তোমালৈ তেনে ব্যৱহাৰ কৰিম ।

4কিয়নো ইস্ৰায়েলৰ সন্তানবিলাক, ৰজা, প্ৰধান লোক, যজ্ঞ, স্তম্ভ, আৰু এফোদ কি গৃহ-দেৱতা নোহোৱাকৈ অনেক দিনলৈকে থাকিব ।

5পাছে ইস্ৰায়েলৰ সন্তানবিলাকে উলটি তেওঁবিলাকৰ ঈশ্বৰ যিহোৱাক আৰু ৰজা দায়ূদক বিচাৰিব, আৰু শেষকালত ভয়েৰে যিহোৱা আৰু তেওঁৰ উত্তম বস্তুলৈ আহিব ।



 <<  Hosea 3 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran