Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Haggai 2 >> 

1সপ্তম মাহৰ একৈশ দিনৰ দিনা ভাববাদী হগ্গয়ৰ দ্বাৰাই যিহোৱাৰ বাক্য আহিল,

2“যিহূদাৰ শাসনকৰ্ত্তা চলটীয়েলৰ পুত্ৰ জৰুব্বাবিল, যিহোচাদকৰ পুত্ৰ প্ৰধান পুৰোহিত যিহোচুৱা, আৰু জনসাধাৰণৰ মাজৰ অৱশিষ্ট লোকক এই কথা কোৱা,

3তোমালোকৰ মাজত কোন আছে? যিজনে এই গৃহৰ পূৰ্ব্বৰ গৌৰৱ দেখিছে; আৰু এতিয়া এই গৃহ কেনে দেখিছা? তোমালোকৰ দৃষ্টিত এয়ে একো নোহোৱাৰ দৰে নহয় নে?

4‘হে জৰুব্বাবিল বলৱান হোৱা!’ যিহোৱাই এই কথা ঘোষণা কৰিছে, যিহোচাদকৰ পুত্ৰ হে প্ৰধান পুৰোহিত যিহোচুৱা, তুমিও বলৱান হোৱা; আৰু যিহোৱাই কৈছে, দেশৰ সকলো লোক তোমালোক বলৱান হোৱা, আৰু কাৰ্য কৰা; কাৰণ বাহিনীসকলৰ যিহোৱাই কৈছে, ‘মই তোমালোকৰ লগত আছোঁ!’

5তোমালোক যেতিয়া মিচৰৰ পৰা ওলাই আহিলা, তেতিয়া প্রতিজ্ঞাবোৰ অন্তৰ্ভুক্ত কৰাৰ দ্বাৰাই, মই তোমালোকৰ সৈতে নিয়ম স্থাপন কৰিলোঁ। আৰু মোৰ আত্মা তোমালোকৰ মাজত স্থিতি ল’লে; সেয়ে তোমালোকে ভয় নকৰিবা।

6কাৰণ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ‘খন্তেক পাছতে, মই আৰু এবাৰ আকাশ-মণ্ডল, পৃথিবী, সমুদ্ৰ আৰু শুকান ভূমি কঁপাম!

7আৰু মই প্রত্যেক দেশবোৰক কঁপাম, আৰু প্রত্যেক দেশে মোলৈ বহুমূল্য বস্তু আনিব; বাহিনীসকলৰ যিহোৱাই কৈছে, মই এই গৃহ গৌৰৱেৰে পৰিপূৰ্ণ কৰিম।

8বাহিনীবিলাকৰ যিহোৱাই কৈছে, ৰূপ আৰু সোণবোৰ মোৰ।

9বাহিনীসকলৰ যিহোৱাই কৈছে, এই গৃহৰ পূৰ্ব্বৰ প্ৰতাপতকৈ ভবিষ্যতৰ প্ৰতাপ অধিক হ’ব, আৰু বাহিনীসকলৰ যিহোৱাই এই ঘোষণা কৰিছে, এই ঠাইত মই শান্তি দান কৰিম।

10ৰজা দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ নৱম মাহৰ চৌবিশ দিনৰ দিনা, ভাববাদী হগ্গয়ৰ দ্বাৰাই যিহোৱাৰ বাক্য আহিল,

11“বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ‘তুমি পুৰোহিতসকলক বিধানৰ বিষয়ে সুধা আৰু কোৱা:

12কোনোৱে যদি নিজৰ বস্ত্রত পবিত্ৰ মাংস বান্ধি লৈ যায়, আৰু যদি পিঠা, সিজোৱা ডাইল, দ্ৰাক্ষাৰস, তেল, বা আন কোনো খোৱা বস্তু তেওঁৰ সেই বান্ধি লৈ যোৱা বস্ত্রত লাগে, তেনেহ’লে সেই খোৱা বস্তুবোৰ পবিত্ৰ হ’ব নে?”” পুৰোহিত সকলে উত্তৰ দি ক’লে, “নহ’ব।”

13তেতিয়া হগ্গয়ে ক’লে, “মৰা শৱ চুই অশুচি হোৱা কোনো মানুহে যদি সেইবোৰৰ মাজৰ পৰা কোনো বস্তু চুৱে, তেনেহ’লে সেয়ে অশুচি হব নে?” পুৰোহিতসকলে উত্তৰ দি ক’লে, “হয়, সেয়ে অশুচি হ’ব।”

14তেতিয়া হগ্গয়ে উত্তৰ দি ক’লে, “যিহোৱাই কৈছে, মোৰ আগত এই লোকসকল আৰু এই দেশ তেনেকুৱা, আৰু তেওঁলোকৰ হাতৰ সকলো কাৰ্যও তেনেকুৱা। তেওঁলোকে মোলৈ যি উৎসৰ্গ কৰে, সেইবোৰ অশুচি।

15সেয়ে এতিয়া যিহোৱাৰ মন্দিৰত শিলৰ ওপৰত শিল স্থাপন নকৰা দিনৰে পৰা আজিলৈকে সেই সকলো দিন বিবেচনা কৰা।

16কোনো মানুহে যেতিয়াই শস্যৰ দ’মৰ পৰা বিশ জোখৰ শস্য ল’বলৈ আহে, তেতিয়া তাত কেৱল দহ জোখৰ শস্য মাথোন পায়, আৰু কোনো মানুহে যেতিয়া পঞ্চাশ কলহ দ্ৰাক্ষাৰস ল’বলৈ দ্ৰাক্ষাকুণ্ডলৈ আহে, তেতিয়া তাত কেৱল বিশ কলহহে পায়।

17যিহোৱাই এই কথা কৈছে, মই তোমালোকক দুৰ্দশাগ্রস্ত কৰিলোঁ, আৰু তোমালোকৰ হাতৰ সকলো উৎপন্ন উদ্ভিদৰ ৰোগেৰে নষ্ট কৰিলোঁ, তথাপিও তোমালোক এতিয়ালৈকে মোলৈ ঘূৰি অহা নাই।

18‘নৱম মাহৰ চৌবিশ দিনলৈকে যিমান দিন অতীত হৈ গল, আৰু যিহোৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপন কৰা দিনৰে পৰা আজিলৈকে সকলো দিন বিবেচনা কৰা!

19ভঁৰালত এতিয়ালৈকে শস্য আছে নে? দ্ৰাক্ষালতা, ডিমৰু গছ, ডালিম, আৰু জলফাই গছে ফল দিয়া নাছিল; কিন্তু আজিৰ পৰা মই তোমাক আশীৰ্ব্বদ কৰিম’1”

20তাৰ পাছত মাহৰ চৌবিশ দিনৰ দিনা যিহোৱাৰ বাক্য দ্বিতীয়বাৰ হগ্গয়লৈ আহিল, আৰু তেওঁ ক’লে,

21“যিহুদাৰ শাসনকৰ্ত্তা জৰুব্বাবিলক কোৱা, মই আকাশ-মণ্ডল আৰু পৃথিবী কঁপাম;

22মই ৰাজ্যবোৰৰ সিংহাসন লুটিয়াই পেলাম, আৰু দেশৰ ৰাজ্যবোৰৰ শক্তি নাশ কৰিম, আৰু ৰথ আৰু ৰথৰ আৰোহীসকলক লুটিয়াই পেলাম; ঘোঁৰা আৰু ঘোঁৰাৰ আৰোহী প্রতিজনক নিজৰ ভায়েকৰ তৰোৱালেৰে আঘাত কৰি তলত পেলোৱা হ’ব।

23বাহিনীসকলৰ যিহোৱাই এই ঘোষণা কৰিছে, সেই দিনা মোৰ দাস চলটীয়েলৰ পুত্ৰ জৰুব্বাবিলক মই গ্ৰহণ কৰিম; আৰু মই তোমাক মোৰ আঙঠিত মোহৰৰ দৰে স্থাপন কৰিম; কাৰণ, বাহিনীসকলৰ যিহোৱাই কৈছে, মই তোমাক মনোনীত কৰিলোঁ!’



 <<  Haggai 2 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran