Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Daniel 8 >> 

1বেলচচৰ ৰজাৰ ৰাজত্বৰ তৃতীয় বছৰত, প্ৰথমে পোৱা দৰ্শনৰ পাছত মই দানিয়েলে আৰু এক দৰ্শন পালোঁ।

2আৰু মই সেই দৰ্শনত চাই থাকোতেঁ দেখিলোঁ, চাই থাকোঁতে যেন মই এলম প্ৰদেশৰ চূচন ৰাজকোঁঠত আছোঁ; আকৌ সেই দৰ্শনত দেখিলোঁ, যেন মই উলয় নদীৰ পাৰত আছোঁ।

3তেতিয়া মই চকু তুলি চাই দেখিলোঁ, নদীৰ সন্মুখত দুটা শিং থকা এটা মতা ভেৰা থিয় হৈ আছে; আৰু সেই দুটা দীঘল, কিন্তু এটা শিং আনটো শিংতকৈ বৰ দীঘল; আৰু দীঘলটো পাছে গজিল।

4মই দেখিলোঁ সেই ভেৰা পশ্চিম, উত্তৰ, আৰু দক্ষিণ ফাললৈ এনেকৈ খুন্দিয়াই ফুৰিছিল, যে, তাৰ আগত কোনো জন্তু থিয় হ’ব নোৱাৰিলে, আৰু তাৰ হাতৰ পৰা উদ্ধাৰ কৰিব পৰা কোনো নাছিল; কিন্তু সি নিজ ইচ্ছাৰে কাৰ্য্য কৰি কৰি মহান হৈ গ’ল।

5ইয়াৰ বিষয়ে বিবেচনা কৰোঁতে কৰোঁতে মই দেখিলোঁ, পশ্চিম ফালৰ পৰা এটা মতা ছাগ গোটেই পৃথিৱীৰ ওপৰেদি মাটিত ভৰি নিদিয়াকৈ আহিল; আৰু সেই ছাগৰ চকু দুটাৰ মাজত এটা দেখনীয়াৰ শিং আছিল।

6পাছে, দুটা শিং থকা মতা ভেড়াক মই নদীৰ সন্মূখত থিয় হৈ থকা দেখিছিলোঁ; সেই ছাগে তাৰ ওচৰলৈ গৈ, তাৰ প্ৰচণ্ড ক্ৰোধত তাক আক্ৰমণ কৰিলে।

7মই তাক ভেড়াটোৰ ওচৰলৈ যোৱা দেখিলোঁ; সিতাৰ ওপৰত খঙেৰে জ্বলি উঠি সেই ভেড়াক খুন্দা মাৰি টাৰ শিং দুটা ভাঙিলে; তাৰ আগত থিয় হবৰ শক্তি সেই ভেড়াৰ আৰু নাথাকিল, কিয়নো সি তাক মাটিত পেলাই ভৰিৰে গচকিলে, সাৰ হাতৰ পৰা সেই ভড়াক উদ্ধাৰ কৰিব পৰা কোনো নাছিল।

8এই দৰে সেই ছাগটো অতিশয় মহান হ’ল; কিন্কু সি পৰাক্ৰমী হলত সেই ডাঙৰ শিংটো ভাগি থাকিল, আৰু তাৰ সলনি আকাশৰ চাৰি বায়ুৰ দিশে চাইটা দেখনিয়া শিং উৎপন্ন হ’ল।

9আৰু সেইবোৰৰ এটাৰ পৰা সৰু শিং এটা উৎপন্ন হৈ দক্ষিণআৰু পুব ফাললৈআৰু দেশ ৰত্নৰ ফাললৈ অতিশয়ৰূপে বৃদ্ধি পালে।

10সি আকাশ মণ্ডলৰ বাহিনীবিলাকক লৈ বৃদ্ধি পাই, সেই বাহিনীবিলাকৰ কিছুমানকেই মাটিত পেলাই ভৰিৰে গচকিলে।

11এনে কি, সি বাহিনীবিলাকৰ অধিপতিৰ অহিতেও নিজকে ডাঙৰ কৰি তেওঁৰ পৰা নিত্য বলিদান গুচালে, আৰু তেওঁৰ ধৰ্ম্মস্থান লুটিয়াই পেলুৱা হ’ল।

12আৰু দুষ্টজনৰ দ্ৰাৰাই নিত্য বলিদানৰ এক বাহিনী নিযুক্ত হ’ল, আৰু সেই বাহিনীয়ে সত্যক মাটিত পেলালে, আৰু ইচ্ছামতে কাৰ্য্য কৰি কৃতকাৰ্য্য হ’ল।

13পাছে মই পবিত্ৰ এজনে কথা কোৱা শুনিলোঁ; আৰু যিজনে কৈছিল, তেওঁক আন পবিত্ৰ জনে সুধিলে, নিত্য বলিদান, আৰু ধ্বংসকাৰী দুষ্টজনৰ, আৰু গচকিবৰ অৰ্থে ধৰ্ম্মধামআৰু বাহিনীবিলাক সৰ্মুণ কৰা বিষয়ৰৰ যি দৰ্শন, সেয়ে কিমান সময়ৰ নিমিত্তে?

14তাতে তেওঁ মোক ক’লে, দুই হাজাৰ তিনিশ গধুলি আৰু ৰাতিপুৱাৰ নিমিত্তে; পাছত ধৰ্ম্মধাম শুচি কৰা যাব।

15মই, মই দানিয়েলে এই দৰ্শণ পাই তাক বুজিব নিমিত্তে চেষ্ঠা কৰিলোঁ; তাতে পুৰুষ আকৃতিৰে এজন লোক মোৰ সম্মুখত থিয় হলহি।

16পাছে উলয় নদীৰ মাজৰ পৰা মই এজন মানুহৰ মাত শুনিলোঁ; তেওঁ ৰিঙিয়াই ক’লে, হে গাব্ৰিয়েল, সেই মানুহজনক দৰ্শনটোৰ অৰ্থ বুজাই দিয়া।

17তাতে মই যিঠাইত থিয় হৈ আছিলোঁ, তেওঁ তালৈকে আহিল; পাছে তেওঁ আহিলত, মই ভয় পায় উবুৰি হৈ পৰিলোঁ; কিন্তু তেওঁ মোক ক’লে, হে মনুষ্যৰ সন্তান, বুজি লোৱা, কিয়নো এই দৰ্শন শেষকাল বিষয়ক।

18তেওঁ মোৰ লগত কথা হওঁতে, মই মাটিত উবুৰি হৈ পৰি ঘোৰ নিদ্ৰা গলোঁ; কিন্তু তেওঁ মোক চুই থিয় কৰাই ক’লে,

19চোৱা, ক্ৰোধৰ কালৰ শেষ সময়ত যি ঘটিব, তাক মইতোমাক বোজাওঁ; কিয়নো এয়ে নিৰুপিত শেষকালৰ কথা।

20দুটা শিং থকা যি ভেড়া তুমি দেখিছিলা, সি মাদিয়া আৰু পাৰস্যৰ ৰজা দুজনক বুজায়।

21আৰু সেই নোমাল মতা ছাগ যাবনৰ ৰজা; আৰু তাৰ চকু দুটাৰ মাজ ঠাইত থকা ডাঙৰ শিংটো প্ৰথম ৰজা।

22আৰু সেয়ে ভাগি যোৱাৰ, আৰু তাৰ সলনি আন চাইটা শিং উৎপন্ন হোৱাৰ অৰ্থ এই, সেই ৰাজ্যৰ পৰা চাৰি ৰাজ্য উৎপন্ন হ’ব, কিন্তু তাৰ নিচিনা পৰাক্ৰমী নহব।

23তেওঁবিলাকে শেষ সময়ত, অধৰ্ম্মীবোৰৰ অধৰ্ম্ম পূৰ হ’লে, ভয়ানক ছেহেৰা থকা, আৰু প্ৰবঞ্চনা কথাত নিপুণ এজন ৰজা উৎন্ন হ’ব;

24তেওঁ বলত পৰাক্ৰমী হ’ব, কিন্তু নিজ বলেৰে নহয; তেওঁ বিস্ময় নমনাকৈ সংহাৰ কৰিব, আৰু কৃতকাৰ্য্য হৈ নিজ ইচ্ছা মতে কাৰ্য্য কৰিব; তেওং শক্তিমন্তলোকক আৰু পবিত্ৰ প্ৰজাবিলাকক সংহাৰ কৰিব।

25নিজ বুদ্ধিৰ কাৰণে তোওঁ নিজ হাতেৰে নিজৰ চল সিদ্ধ কৰিব, নিজৰ মনত নিজকে মহান কৰিব, আৰু নিশ্চিন্তে থকা সময়ত অনেকক সংহাৰ কৰিব; তেওং অধিপতিবিলাকৰ অধিপতিৰো বিৰুদ্দে থিয় হ’ব, কিন্তু বিনাহাতে ভগ্ন হ’ব।

26গধুলি আৰু ৰাতিপুৱাবিষয়ক যি দৰ্শনৰ কথা কোৱা গ’ল, সেয়ে সঁচা; কিন্তু তুমি এই দৰ্শন চাবি মাৰি বন্ধ কৰা; কিয়নো এয়ে অনেক দিনৰ মীৰত ঘটিব লগা কথা।

27পাছে মই দানিয়েলে মূৰ্চ্ছিত হৈ কিছু দিনলৈ নৰিয়াত পৰি আছিলোঁ, তাৰ পাছত উঠি ৰজাৰ কাম কৰিলোঁ; সেই দৰ্শনৰ কথাত মই বিস্ময় মানিলোঁ, কিন্তু কোনেও তাক নুবুজিলে।



 <<  Daniel 8 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran