Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Numbers 1 >> 

1পাছত মিচৰ দেশৰ পৰা লোকসকল ওলাই যোৱাৰ দ্বিতীয় বছৰৰ দ্বিতীয় মাহৰ প্ৰথম দিনা, চীনয় মৰুভূমিত সাক্ষাৎ কৰা তম্বুত যিহোৱাই মোচিক কলে,

2“তোমালোকে গোষ্ঠী অনুসাৰে আৰু পিতৃ বংশমতে নামৰ সংখ্যা অনুসাৰে ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই মণ্ডলীৰ অৰ্থাৎ প্ৰত্যেক নাম অনুসাৰে গণনা কৰা।

3বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া যিমান পুৰুষ ইস্ৰায়েলৰ মাজত যুদ্ধলৈ যাব পৰা অৱস্থাত আছে, তেওঁলোকৰ সৈন্যদল অনুসাৰে তুমি আৰু হাৰোণে তেওঁলোকক গণনা কৰা।

4আৰু প্ৰত্যেক জনগোষ্ঠীৰ এজন এজন লোক, নিজ নিজ পিতৃবংশৰ প্রধান লোক, তেওঁলোকৰ নিজ নিজ জনগোষ্ঠীৰ বিষয়া হিচাবে তোমালোকৰ লগত সহায় কৰোঁতা হ’ব লাগিব। সেই প্রত্যেকজন বিষয়াই নিজ নিজ জনগোষ্ঠীৰ অনুসাৰে যুদ্ধ কৰিবলৈ নেতৃত্ৱ দিব।

5যি সকল লোকে তোমালোকক সহায় কৰিবলৈ আহিব, সেই সহায় কৰোতা লোকসকলৰ নামবোৰ হ’ল: ৰূবেণ জনগোষ্ঠীৰ পৰা চদেয়ূৰৰ পুত্ৰ ইলীচূৰ।

6চিমিয়োন জনগোষ্ঠীৰ পৰা চূৰীচদ্দয়ৰ পুত্ৰ চল্মীয়েল।

7যিহূদা জনগোষ্ঠীৰ পৰা অম্মীনাদবৰ পুত্ৰ নহচোন।

8ইচাখৰ জনগোষ্ঠীৰ পৰা চূৱাৰৰ পুত্ৰ নথনেল।

9জবূলূন জনগোষ্ঠীৰ পৰা হেলোনৰ পুত্ৰ ইলীয়াব।

10যোচেফৰ সন্তানসকলৰ মাজত ইফ্ৰয়িম জনগোষ্ঠীৰ পৰা অম্মীহূদৰ পুত্ৰ ইলীচামা, আৰু আন এজন হ’ল, মনচি জনগোষ্ঠীৰ পৰা পদাচূৰৰ পুত্ৰ গম্লীয়েল।

11বিন্যামীন জনগোষ্ঠীৰ পৰা গিদিয়োনীৰ পুত্ৰ অবীদান।

12দান জনগোষ্ঠীৰ পৰা অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ।

13আচেৰ জনগোষ্ঠীৰ পৰা অক্ৰণৰ পুত্ৰ পগীয়েল।

14গাদ জনগোষ্ঠীৰ পৰা দুৱেলৰ পুত্ৰ ইলিয়াচফ।

15নপ্তালী জনগোষ্ঠীৰ পৰা ঐননৰ পুত্ৰ অহীৰা।

16এইসকল লোকেই মণ্ডলীৰ আমন্ত্ৰিত লোক আছিল। তেওঁলোক নিজ নিজ পিতৃ-বংশৰ অধ্যক্ষ আৰু ইস্ৰায়েলৰ গোষ্ঠীসকলৰ প্রধান লোক।

17তেতিয়া মোচি আৰু হাৰোণে নামেৰে উল্লেখ কৰা সেই লোকসকলক লগত ল’লে,

18আৰু তেওঁলোকৰ সৈতে দ্বিতীয় মাহৰ প্ৰথম দিনাই গোটেই মণ্ডলীক গোটালে। তেতিয়া মণ্ডলীৰ লোকসকলে নিজ নিজ গোষ্ঠী অনুসাৰে আৰু পিতৃ-বংশমতে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া লোকসকলৰ নাম আৰু তেওঁলোকৰ সংখ্যা অনুসাৰে সকলোৰে বংশাৱলী নামাকৰণ কৰিলে।

19এইদৰে মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে চীনয় মৰুভূমিত তেওঁলোকৰ গণনা কৰিলে।

20গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যাবৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, ইস্ৰায়েলৰ জেষ্ঠ পুত্ৰ ৰূবেণৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল।

21ৰূবেণ জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা ছয়চল্লিশ হাজাৰ পাঁচশ জন আছিল।

22গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, চিমিয়োনৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল।

23চিমিয়োনৰ সেই জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা ঊনষাঠি হাজাৰ তিনিশ জন লোক আছিল।

24গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে গাদৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল।

25গাদৰ জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা পঞ্চল্লিশ হাজাৰ ছশ পঞ্চাশ জন লোক আছিল।

26গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, যিহূদাৰ পুত্রসকলৰ পৰা জন্ম হোৱা লোকসকলক গণনা কৰা হ’ল।

27যিহূদা জনগোষ্ঠীৰ গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল চৌসত্তৰ হাজাৰ ছশ জন লোক।

28গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, ইচাখৰৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল।

29ইচাখৰৰ জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল চৌৱন্ন হাজাৰ চাৰিশ জন।

30গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, জুবুলূনৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল।

31জুবুলূন জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল সাতাৱন হাজাৰ চাৰিশ জন।

32গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, যোচেফৰ সন্তানসকলৰ মাজৰ ইফ্ৰয়িমৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল।

33ইফ্ৰয়িম জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল চল্লিশ হাজাৰ পাঁচ শ জন।

34গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে মনচিৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল।

35মনচি জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল বত্ৰিশ হাজাৰ দুশ জন।

36গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম মূৰৰ সংখ্যা অনুসাৰে, বিন্যামীনৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল।

37বিন্যামীনৰ জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল পঁয়ত্ৰিশ হাজাৰ চাৰিশ জন।

38গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, দানৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল।

39দান জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল বাষষ্ঠী হাজাৰ সাত শ জন।

40গোষ্ঠী অনুসাৰে, পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, আচেৰৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল।

41আচেৰ জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল একচল্লিশ হাজাৰ পাঁচশ জন।

42গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, নপ্তালীৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল।

43নপ্তালি জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল তেপন্ন হাজাৰ চাৰিশ জন।

44মোচি আৰু হাৰোণে এই আটাই লোকসকলক গণনা কৰিলে আৰু তেওঁলোকৰ সৈতে ইস্ৰায়েলৰ সেই বাৰ জন অধ্যক্ষকো গণনা কৰিলে যিসকল ইস্রায়েলৰ জনগোষ্ঠীৰ নেতৃত্ৱত আছিল।

45নিজ নিজ পিতৃ-বংশ অনুসাৰে, ইস্ৰায়েলৰ সন্তানসকলক, অৰ্থাৎ বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, ইস্ৰায়েলৰ মাজৰ সকলো লোককে এইদৰে গণনা কৰা হ’ল।

46গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল ছয় লাখ তিনি হাজাৰ পাঁচশ পঞ্চাশ জন।

47কিন্তু নিজ পিতৃ-বংশ অনুসাৰে উৎপন্ন হোৱা সেই লেবীয়াসকলক গণনা কৰা নহ’ল।

48কিয়নো যিহোৱাই মোচিক কৈছিল,

49‘তুমি লেবী জনগোষ্ঠীক সৰ্বমুঠ ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তেওঁলোকক গণনা বা অন্তৰ্ভুক্ত নকৰিবা।’

50কিন্তু বিধানৰ নিয়ম চন্দুক থকা আবাস, তাৰ সকলো বস্তু আৰু তাৰ সম্পৰ্কীয় সকলোৰে ওপৰত লেবীয়াসকলক যত্ন লবলৈ নিযুক্ত কৰিবা। তেওঁলোকে নিয়ম চন্দুকৰ আবাস আৰু তাৰ আটাই বস্তুৰ ভাৰ বৈ নিব লাগিব। তেওঁলোকে তাৰ পৰিচৰ্যা কৰি আবাসৰ চাৰিওফালে তম্বু তৰি থাকিব লাগিব।

51আৰু যেতিয়া নিয়ম চন্দুকৰ আবাসখন আন ঠাইলৈ নিব লগা হয়, তেতিয়া লেবীয়াসকলেহে তাক খণ্ড-বিখণ্ডকৈ খুলিব। পাছত নিয়ম চন্দুকৰ আবাসখন স্থাপন কৰাৰ সময়ত তেওঁলোকেই তাক সাজিব। আৰু যি লোক সেই আবাসৰ ওচৰলৈ আহিব, তেওঁৰ প্ৰাণদণ্ড হ’ব।

52ইস্ৰায়েলৰ সন্তানসকলে নিজ নিজ সৈন্যদল অনুসাৰে নিজ নিজ ছাউনিৰ পতাকাৰ গুৰিত, তম্বু তৰিব লাগিব।

53কিন্তু ইস্ৰায়েলৰ লোকসকলৰ ওপৰত মোৰ ক্ৰোধ নহ’বলৈ, নিয়ম চন্দুক থকা সেই আবাসৰ চাৰিওফালে লেবীয়াসকলে তম্বু তৰি থাকিব লাগিব। নিয়ম চন্দুক থকা আবাসখন লেবীয়াসকলৰ জিম্মাত থাকিব।”

54ইস্ৰায়েলৰ সন্তানসকলে সেইদৰে এই সকলোকে কৰিলে। যিহোৱাই মোচিৰ দ্ৱাৰাই দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে আটাই কাৰ্য কৰিলে।



 <<  Numbers 1 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran