1তেতিয়া চুহীয়া বিল্দাদে উত্তৰ কৰি কলে,
2তুমি নো কিমান কাল এনেবোৰ কথা কৈ থাকিবা? তোমাৰ মুখৰ বাক্য কিমান কাল প্ৰচণ্ড বায়ুস্বৰূপ হব?
3ঈশ্বৰে জানো বিচাৰ-বিৰুদ্ধ কৰ্ম্ম কৰে? বা সৰ্ব্বশক্তিমান জনাই জানো ন্যায়ৰ বিপৰীত কাৰ্য্য় কৰে?
4যদিও তোমাৰ সন্তানবিলাকে তেওঁৰ বিৰুদ্ধে পাপ কৰিলে আৰু তেওঁ সিবিলাকক নিজৰ অধৰ্ম্মৰ ফল ভোগ কৰিবলৈ এৰি দিলে,
5তথাপি তুমি যদি যত্নেৰে ঈশ্বৰক বিচাৰা, আৰু সৰ্ব্বশক্তিমান জনাৰ আগত নিবেদন কৰা,
6তুমি যদি নিৰ্ম্মল আৰু সৰল হোৱা, তেন্তে তেওঁ অৱশ্যে এতিয়াও তোমাৰ নিমিত্তে জাগি উঠিব, আৰু তোমাৰ ধৰ্ম্ম-নিবাস পুনৰায় কুশলযুক্ত কৰিব;
7আৰু যদি তোমাৰ পুৰ্ব্বৰ অৱস্থা সামান্য আছিল, তথাপি তোমাৰ শেষ অৱস্থা অতিশয় ঐশ্বৰ্য্যশালী হব।
8কিয়নো পুৰ্ব্ব কালৰ লোকৰ কথা বিচাৰ কৰি চোৱা, আৰু তেওঁবিলাকৰ পিতৃবিলাকে মিমাংসা কৰি নিশ্চয় কৰা কথাত মনোযোগ কৰা;
9কিয়নো আমি কালিৰ লোক, একোকে নাজানো, কাৰণ পৃথিবীত আমাৰ দিন কেইটা ছাঁস্বৰূপ।
10তেওঁবিলাকেই তোমাক শিক্ষা দি নকব নে? আৰু তেওঁবিলাকৰ অন্তৰৰ পৰা বাক্য নুলিয়াব নে?
11বোকা নোহোৱাকৈ জানো গোগোল বাঢ়িব পাৰে? কোঁহিলা জানো পানী নোহোৱাকৈ বাঢ়ে?
12সি জকমকাই উঠি আহোঁতে, কাটিবৰ সময় নৌ হওঁতেই, আনবোৰ তৃণত্কৈ আগেয়ে শুকাই যায়।
13ঈশ্বৰক পাহৰা সকলোৰে তেনেকুৱা গতি হয়, আৰু অধৰ্ম্মী জনৰ আশা সেইদৰে নষ্ট হয়।
14তাৰ ভাৰসা উচ্ছন্ন হয়, আৰু তাৰ আশ্ৰয় মকৰাৰ জালস্বৰূপ হয়।
15সি নিজৰ ঘৰত আওজিব, কিন্তু সেয়ে থিৰে নৰব; সি খামোচ মাৰি ধৰিব, কিন্তু সেয়ে নাথাকিব।
16যি লতা সুৰ্য্যৰ আগত ৰসাল হয়, যাৰ ঠালবোৰ বাৰীত ব্যাপি যায়,
17যাৰ শিপাবোৰে শিলৰ দ’মত মেৰাই ধৰে, যি লতাই শিলৰ ভিতৰলৈকে দেখিবলৈ পায়,
18কিন্তু নিজ ঠাইৰ পৰা উঘলা হলে, যাক সেই ঠায়ে অস্বীকাৰ কৰি কব, যে মই তোমাক কেতিয়াও দিখা নাই, সেই লোক এনে লতাৰ নিচিনা।
19চোৱা, এয়ে তাৰ গতিৰ আমোদ; পাছে ধুলিৰ পৰা আনবোৰ উৎপন্ন হয়।
20চোৱা, ঈশ্বৰে সিদ্ধ লোকক দলিয়াই নেপেলাব, আৰু দুৰাচাৰীহঁতৰ হাতত নধৰিব।
21তেওঁ যি কালত তোমাৰ মুখ হাঁহিৰে, আৰু তোমাৰ ওঁঠ আনন্দ-ধ্বনিৰে পুৰ কৰিব,
22সেই কালত তোমাক ঘিণ কৰোঁতাবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধুৱা হব; আৰু দুষ্টবোৰৰ তম্বু নাথাকিব।