1পৃথিবী জানো মানুহৰ ৰণ-ভুমি নহয়? আৰু তাৰ দিন কেইটা জানো বেচ খাই বন কৰা লোকৰ দিনৰ নিচিনা নহয়?
2ছাঁলৈ হাবিয়াহ কৰা বন্দীৰ নিচিনাকৈ, আৰু নিজ বেচলৈ অপেক্ষা কৰা চাকৰৰ নিচিনাকৈ,
3অসাৰ মাহ কেইটা অধিকাৰ স্বৰূপে মোক ভোগ কৰোৱা হৈছে, আৰু ক্লেশৰ ৰাতি কেইটা মোলৈ নিৰূপিত আছে।
4শোওঁতে মই কওঁ, মই কেতিয়া উঠিম? ৰাতি বৰ দীঘল; মই প্ৰভাতলৈকে চট্ফট কৰি আমনি পাওঁ।
5পোক আৰু মাটিৰ দলিয়েই মোৰ গা ঢকা বস্ত্ৰস্বৰূপ;মোৰ গাৰ ঘাবোৰ শুকনিমুৱা ধৰে, পাছে আকৌ পকি যায়।
6মোৰ আয়ুস তাঁতীৰ মাকুতকৈয়ো বেগী, আৰু বিনা আশাৰে ঢুকায় যায়।
7তুমি ভাবি চোৱা, মোৰ প্ৰাণ নিশ্বাসমাত্ৰ; মোৰ চকুৱে মঙ্গল আৰু দেখিবলৈ নাপাব।
8মোক দৰ্শন কৰোঁতাৰ চকুৱে মোক আৰু নেদেখিব। তুমি নিজ চকুৱে মোক চাবা, কিন্তু মই নাইকীয়া হম।
9মেঘ যেনেকৈ কমি কমি নাইকীয়া হয়, সেইদৰে চিয়োললৈ নামি যোৱা লোক নুঠিব।
10তেওঁ নিজৰ ঘৰলৈ আৰু ফলটি নাহিব, আৰু তাৰ নিবাসৰ ঠায়ে তাক আৰু নিচিনিব।
11এই হেতুকে মই হলে মুখ জপাই নাথাকিম; মই মনৰ সন্তাপত কথা কম আৰু হৃদয়ৰ বেজাৰত দুখৰ কথা কৈ থাকিম;
12তুমি যে মোৰ ওপৰত পৰীয়া ৰাখা, মই জানো সাগৰ, বা সাগৰৰ বৃহৎ জন্তু?
13মই যেতিয়া কওঁ, যে, মোৰ খোটে মোক শান্তনা কৰিব, মোৰ শয্যাই মোক দুখ-সহনত সহায় কৰিব,
14তাতিয়া তুমি নানা সপোনেৰে মোক ভয় লগোৱা, আৰু সমাজিকেৰে মোক ত্ৰাসযুক্ত কৰা;
15তাতে মোৰ প্ৰাণে উশাহ-নিৰোধলৈ বাঞ্ছা কৰে, আৰু মোৰ এই হাড় কেইডালত্কৈ মৃত্যুকে ইচ্ছা কৰে।
16জীৱনত মোৰ ঘিণ লাগিছে, মই সদায় জীয়াই থাকিব নোখোঁজো; মোক এৰি দিয়া, কিয়নো মোৰ দিন কেইটা ভাপস্বৰূপ।
17তুমি যে মানুহক বৰ বুলি মানা, তুমি যে তালৈ মন দিয়া,
18তুমি যে প্ৰতি ৰাতিপুৱাতা তাৰ বুজ-বিচাৰ লোৱা, আৰু নিমিষে নিমিষে তাক পৰীক্ষা কৰা, সি নো কি?
19তুমি নো মোৰ পৰা চকু নাতৰোৱাকৈ কিমান কাল থাকিবা? বা মই সেপ ঢোকা পৰ মানো মোক নেৰিবা নে?
20হে মনোষ্যলৈ চকু দিওঁতা জনা, যদি মই পাপ কৰিলোঁ, তেন্তে মোৰ কাৰ্য্যৰ দ্ধাৰাই তোমাৰ কি হানি হল? তুমি নো কি নিমিত্তে মোক তোমাৰ কাঁড়ৰ নিচান পাতিছা, যে, মোৰ জীৱন মোলৈ ভাপস্বৰূপ হৈছে?
21তুমি মোৰ দোষ কিয় ক্ষমা নকৰা? আৰু মোৰ অধৰ্ম্ম বা কিয় দূৰ নকৰা? কিয়নো মই এতিয়া ধুলিতে শয়ন কৰিম; তাতে তুমি মোক ভালকৈ বিচাৰিবা, কিন্তু মই নাইকিয়া হম।