Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Job 41 >> 

1তুমি জানো বৰশীৰে লিবিয়াথন জন্তুক তুলিব পাৰা ? বা ৰচিৰে তাৰ জিবা বান্ধিব পাৰা?

2তুমি তাৰ নাকত নাকী লগাব পাৰা নে ?আৰু বৰশীৰে তাৰ কেৱাৰি বিন্ধিব পাৰা নে ?

3সি জানো তোমাৰ আগত বৰকৈ কাবৌ কাঁকুতি কৰিব ? বা তোমাক কোমল কথা জানো ক’ব ?

4তুমি যেন চিৰকাললৈকে তাক তোমাৰ দাস বুলি ল’বা, এই নিমিত্তে সি তোমাৰ লগত এটি নিয়ম কৰিব নে ?

5চৰাই এটিৰ লগত ওমলাৰ দৰেতাৰ লগতো তুমি উমলিবা ? বা তোমাৰ যুৱতীবোৰৰ নিমিত্তে তুমি তাক বান্ধি ৰাখিবা নে ?

6মাছ-মৰীয়াহঁতে তাক বেচা-কিনা কৰিব নে ? সিহঁতে মুদৈবিলাকৰ মাজত তাক জানো ভাগ বাঁটি দিব ?

7তুমি জানো তাৰ ছাল শেলেৰে, আৰু তাৰ মুৰ মাছ খোঁচা কোলেৰে পুৰ কৰিব পাৰা ?

8তাৰ গাত হাত দি চাবাচোন; দিলে, সেই যুঁজলৈ সুঁৱৰি আকৌ তেনে নকৰিবা।

9চোৱা, তাক ধৰিবলৈ আশা কৰা বৃথা ? তাক দেখিলেই মানুহ পৰি নাযাব নে ?

10তাক জোকাব পৰা এনে সাহিয়াল কোনো নাই ; তেন্তে মোৰ আগত থিয় হব পৰা কোন আছে ?

11মই যে প্ৰত্যুপকাৰ কৰিম, আগেয়ে মোক কোনে উপকাৰ কৰিছিল? আকাশ-মণ্ডলৰ তলত থকা সকলো মোৰেই।

12তাৰ অঙ্গ-প্ৰত্যঙ্গৰ বিষয়ে মই মনে মনে নাথাকোঁ, নাইবা তাৰ মহাবল আৰু গাৰ সুন্দৰ গঠনৰ বিষয়ে মই নোকোৱাকৈ নাথাকোঁ।

13তাৰ ওপৰৰ আচ্ছাদন কোনে গুচাব পাৰে ? আৰু তাৰ দাঁত দুপাৰিৰ মাজলৈ কোনে সোমাব পাৰে ?

14তাৰ মুখৰ দুৱাৰ দুখলপা কোনে মেলিব পাৰে ? তাৰ দাঁতৰ চাৰিওফালে ভয় থাকে।

15তাৰ টান বাকলিবোৰে তাৰ অহঙ্কাৰৰ মুল; সেইবোৰ মোহৰ মৰাৰ দৰে দৃঢ়ৰূপে লগা আছে।

16সেইবোৰ এনে লগালগি, যে, তাৰ ভিতৰলৈ বায়ু সোমাব নোৱাৰে।

17সেইবোৰ ইটোৱে সিটোৱে সংযুক্ত, আৰু একেলগে সংলগ্ন; সেইবোৰক পৃথক কৰিব নোৱাৰি।

18তাৰ হাঁচিয়ে দীপ্তি প্ৰকাশ কৰে, আৰু তাৰ চকু অৰুণৰ পিৰঠিৰ নিচিনা।

19তাৰ মুখৰ পৰা জ্বলি থকা জোঁৰ বাহিৰ হয়, আৰু জুইৰ ফিৰিঙটি ওলায়।

20যেনেকৈ উতলি থকা টৌৰ পৰা ভাপ, আৰু পুৰি থকা খাগৰিৰ পৰা ধুঁৱা ওলায় ।

21তাৰ নিশ্বাসে এঙাৰ জ্বলায়, আৰু তাৰ মুখৰ পৰা অগ্নি শিখা বাহিৰ হয়।

22তাৰ ডিঙিত বল থাকে, আৰু ত্ৰাসে তাৰ আগত নাচি থাকে।

23তাৰ গাৰ ওলমি থকা ভাগ ডাঠকৈ লগা, সেয়ে তাৰ গাত আট খাই ধৰা, লৰাব নোৱাৰি।

24তাৰ কলডিল শিলৰ নিচিনা টান, এনে কি, জাত শিলৰ তল চলাৰ নিচিনা টান।

25সি উঠিলে বলৱান বিলাকেও ভয় পায়, আৰু ত্ৰাসৰ কাৰণে বিতত হয়।

26যদি কোনোবাই তৰোৱালেৰে তাক আঘাত কৰে, তেনেহলে তাৰ একো নহব, বা তালৈ যাঠী, কাঁড়, বা শেল মাৰিলে সকলো মিছা হব।

27সি লোহাক খেৰ যেন মানে, আৰু পিতলক পচা কাঠ যেন জ্ঞান কৰে।

28ধনুৰ কাঁড়ে তাক খেদাব নোৱাৰে; ফিঙ্গাৰ শিল তাৰ আগত তুঁহ যেন হে পৰে।

29সি গদাক ঘুলা যেন মানে, আৰু বৰছাৰ শব্দত সি হাঁহে,

30তাৰ তল ভাগ ঘাৰ থকা খোলাৰ নিচিনা; সি বোকাৰ ওপৰেদি যাওঁতে মৰণা মৰা যন্ত্ৰ যেন হয়।

31সি অগাধ জলক, উতলোৱা কেৰাহিৰ পানী যেন কৰে, আৰু সমুদ্ৰক সুগন্ধি তেল যেন কৰে।

32সি নিজৰ পাছত বাট চিকমিকীয়া কৰে, আৰু অগাধ জল পকাচুলীয়া যেন বোধ হয়।

33ভয়হীনকৈ স্ৰজা তাৰ তুল্য কোনো জন্তুৱেই পৃথিবীত নাই।

34সি সকলো উচ্চ পদাৰ্থলৈ চাই থাকে; সি সকলো অহঙ্কাৰী প্ৰাণীৰ ওপৰত ৰজা।



 <<  Job 41 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran