Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Job 40 >> 

1পাছে যিহোৱাই ইয়োবক আৰু উত্তৰ কৰি ক’লে,

2দোষ ধৰোঁতাই জানো সৰ্ব্ব–শক্তিমান জনাৰ লগত বিবাদ কৰিব ? ঈশ্বৰৰ লগত বাদানুবাদ কৰোঁতাই তাৰ উত্তৰ দিয়ক।

3তাতে ইয়োবে যিহোৱাক উত্তৰ কৰি ক’লে,

4চোৱা, মই নীহ, তোমাক কি উত্তৰ দিম ? মই মোৰ মুখত হাত দিওঁ।

5মই এবেলি ক’লোঁ, আৰু উত্তৰ নিদিওঁ; এনে কি, দুবেলি ক’লো, কিন্তু পুনৰায় নকওঁ।

6তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ দি ক’লে,

7তুমি বীৰৰ দৰে কঁকাল বান্ধা; মই তোমাক সোধোঁ, তুমি মোক কোৱা।

8তুমি সঁচাই ন্যায় নুই কৰিবা নে ? বা নিজকে ধাৰ্ম্মিক কৰিবৰ অৰ্থে মোক দোষী কৰিবা নে ?

9তোমাৰ জানো ঈশ্বৰৰ তুল্য বাহু আছে ? তুমি জানো তেওঁৰ দৰে শব্দেৰে মেঘ-গৰ্জ্জন কৰিব পাৰা ?

10তেন্তে তুমি প্ৰতাপ আৰু মহিমাৰে বিভুষিত হোৱা, আৰু প্ৰভাব ও গৌৰৱৰূপ বস্ত্ৰ পৰিধান কৰা;

11তুমি নিজ ক্ৰোধৰূপ বৃষ্টি বৰষোৱা, আৰু প্ৰত্যেক অহঙ্কাৰীলৈ চাই তাক নত কৰা;

12প্ৰত্যেক অহঙ্কাৰীলৈ চাই তাক নীহ অৱস্থালৈ পেলোৱা, দুষ্টবোৰক সিহঁতৰ নিজ নিজ ঠাইত গচকি পেলোৱা;

13সিহঁতক একেবাৰে ধুলিত ঢাকি থোৱা, গুপুত ঠাইতখনত সিহঁতৰ মুখ বান্ধি ৰাখা।

14তেতিয়া, তোমাৰ সোঁ হাতে তোমাক ৰক্ষা কৰিব পাৰে বুলি, মইও তোমাৰ বিষয়ে স্বীকাৰ কৰিম।

15ই তোমাৰ লগত বহেমোৎ নামেৰে যি জন্তু স্ৰজিলোঁ, তাক চোৱা; সি গৰুৰ দৰে ঘাঁহহে খায়।

16চোৱা, তাৰ বল তাৰ কঁকালত আছে, আৰু তাৰ শক্তি তাৰ পেটৰ সিৰত আছে।

17সি নিজৰ নেজ এৰচ গছৰ ঠালৰ দৰে লৰায়; আৰু তপিনাৰ সিৰবোৰ জালৰ দৰে গঁথা।

18তাৰ হাড়বোৰ পিতলৰ নলীৰ নিচিনা, আৰু তাৰ অস্থিবোৰ লোহাৰ ডাঙৰ সদৃশ।

19ঈশ্বৰৰ সৃষ্টিৰ মাজত সি প্ৰধান; যি তৰোৱাল আছে, সেই তৰোৱাল তাৰ সৃষ্টিকৰ্ত্তাই তাক দিলে।

20য’ত আটাই বনৰীয়া জন্তুৱে ধেমালি কৰে, অৱশ্যে এনে পৰ্ব্বতবোৰে তাৰ নিমিত্তে আহাৰ উৎপন্ন কৰে।

21সি নলনি আৰু পিটনিৰ আঁৰত, পদুমনিৰ তলত শোৱে,

22পদুম গছবোৰে তাক ছাঁ দি ধৰে; নদীৰ বাইচি গছবোৰ তাৰ চাৰিওফালে থাকে।

23চোৱা, নৈ বাঢ়ি বাগৰি গলেও সি ত্ৰাস নাপায়; যৰ্দ্দন ওফন্দি তাৰ মুখৰ ওচৰ পালেও, সি নিশ্চিন্ত হৈ থাকে।

24সি চাই থাকোঁতে জানো কোনোবাই তাক ধৰিব পাৰে? কোনো ফান্দেৰে লগাই তাৰ নাক জানো বিন্ধিব পাৰে ?



 <<  Job 40 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran