Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Job 38 >> 

1তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ কৰি ক’লে,

2যিজনে এই জ্ঞানশূণ্য বাক্যেৰে ঈশ্বৰৰ মন্ত্ৰণা আন্ধাৰ কৰিছে, এইটো কোন ?

3তুমি এতিয়া বীৰৰ দৰে কঁকাল বান্ধা; কিয়নো মই তোমাক সোঁধো, তুমি মোক কোৱা।

4যি সময়ত মই পৃথিবীৰ মুল স্থাপন কৰিলোঁ, তেতিয়া তুমি ক’ত আছিলা? যদি তোমাৰ বোধ আছে, তেন্তে কোৱা।

5কোনে তাৰ পৰিমাণ নিৰূপণ কৰিলে? বা কোনে তাৰ ওপৰত পৰিমাণ-জৰী পাৰিলে? যদি জানা তেন্তে কোৱা।

6যি কালত প্ৰভাতীয় তৰাবোৰে একেলগে গান কৰিছিল, আৰু ঈশ্বৰৰ সকলো সন্তানবিলাকে জয়ধ্বনি কৰিছিল,

7সেই কালত তাৰ মুলবোৰ কিহৰ ওপৰত বহুওৱা হল? বা কোনে তাৰ চুকৰ শিল স্থাপন কৰিলে?

8গৰ্ভৰ পৰা বাহিৰ হোৱাৰ দৰে সমুদ্ৰ যেতিয়া বাহিৰ হৈছিল,

9যেতিয়া মই মেঘত তাৰ বস্ত্ৰস্বৰূপ কৰিছিলো, আৰু ঘোৰ অন্ধকাৰক, তাক মেৰিওৱা পটী স্বৰূপ কৰিছিলো,

10আৰু যেতিয়া মই তাৰ নিমিত্তে মোৰ বিধি নিৰূপণ কৰিছিলোঁ, ডাং আৰু দুৱাৰ লগাই কৈছিলো,

11তুমি ইয়ালৈকে আহিব পাৰা, ইয়াতকৈ বেছি নহয়, ইয়াতে তোমাৰ গৰ্ব্বী ঢৌবোৰ মাৰ যাব, তেতিয়া দুৱাৰেৰে সমুদ্ৰ কোনো বন্ধ কৰিলে?

12পৃথিবীৰ চাৰিও চুক ধৰি তাৰ পৰা দুষ্টবোৰক জোকাৰি পেলাবলৈ,

13তোমাৰ জীৱনৰ কালত কেতিয়াবা তুমি প্ৰভাতক আজ্ঞা দিছিলা নে? আৰু অৰুণক তাৰ উদয় স্থান জনাইছিলা নে?

14ছাব মৰা মাটিৰ দৰে পৃথিবীৰ ৰূপ পৰিৱৰ্ত্তন হয়, আৰু সকলো বস্তু এনেকৈ প্ৰকাশ পায় যেন এখন চিত্ৰ-বিচিত্ৰ বস্ত্ৰহে;

15আৰু দুষ্টবোৰৰ পোহৰ সিহঁতৰ পৰা গুচোৱা হয়, আৰু উৰ্ধবাহু ভগ্ন হয়।

16তুমি জানো সমুদ্ৰৰ উৎপন্ন ঠাইলৈ গৈছিলা ? বা অগাধ জলৰ গুপ্তস্থানত জানো ফুৰিছিলা ?

17মৃত্যুপুৰীৰ দুৱাৰ তোমালৈ অনাবৃত আছিল নে? বা মৃত্যু ছায়াৰ দুৱাৰ দেখিছিলা নে ?

18তুমি পৃথিবীৰ প্ৰস্থৰ বুজ পালা নে? এই সকলো যদি জানা, তেন্তে কোৱা।

19পোহৰ থকা ঠাইলৈ যোৱা বাট, আৰু আন্ধাৰৰেই ঠাই ক’ত, যে,

20তুমি তাৰ বাট ধৰি তাৰ সীমালৈ যাব পাৰা, বা তাৰ ঘৰৰ বাট চিনিব পাৰা?

21তুমি জানিছা হবলা, কিয়নো তেতিয়া তুমি উপজিছিলা, আৰু তোমাৰ দিনৰ সংখ্যা অধিক।

22সঙ্কটৰ কালৰ নিমিত্তে আৰু ৰণ বা যুদ্ধ দিনৰ নিমিত্তে, মই যি হিম আৰু শিলা বৃষ্টি সাঁচি থৈছিলোঁ,

23সেই হিমৰ ভঁৰালত তুমি সোমাইছিলা নে? তুমি সেই শিলৰ ভঁৰাল দেখিছিলা নে?

24কি নিয়মেৰে পোহৰ ভাগবতা হৈছে, আৰু কি নিয়মেৰে পুবৰ বায়ু পৃথিবীত ব্যপ্ত হৈছে?

25নিৰ্জ্জন দেশত বৰষাবলৈ, আৰু মানুহ নথকা অৰণ্যত বৰষুণ দিবলৈ,

26পতিত আৰু উচ্ছন্ন ভুমিক তৃপ্ত কৰিবলৈ, আৰু কুমলীয়া ঘাঁহবোৰ গঁজাবলৈ,

27পানী ঢলৰ নিমিত্তে নলা, বা মেঘ-গৰ্জ্জনৰ লগৰ বিজুলীৰ নিমিত্তে বাট কোনে কাটিলে?

28বৃষ্টিৰ জানো পিতৃ আছে?বা নিয়ৰৰ বিন্দু সমুহ জানো কোনোবাই প্ৰসৱ কৰিলে?

29কাৰ গৰ্ভৰ পৰা বৰফ বাহিৰ হ’ল? আৰু আকাশৰ গোট বন্ধা নিয়ঁৰ কাৰ ঔৰসত জন্ম পালে?

30জলসমুহ জমি শিলৰ নিচিনা হয়, আৰু অগাধ জলৰ ওপৰ ভাগ গোট বান্ধে;

31তুমি জানো কৃত্তিকা নক্ষত্ৰৰ হাৰ গাঁথিব পাৰা ? বা মৃগশীৰ্ষ নক্ষত্ৰৰ বান্ধ জানো সোলোকাব পাৰা ?

32আৰু ৰাশিবোৰক জানো নিজ নিজ ঋতুত উলিয়াব পাৰা ? বা তুমি সপ্তশীৰ্ষক জানো তাৰ অনুচৰ বোৰে সৈতে বাট দেখুৱাই নিব পাৰা ?

33তুমি আকাশ-মণ্ডলৰ নিয়মবোৰ জানা নে ? পৃথিবীৰ ওপৰত তুমি সেইবোৰৰ অধিকাৰ স্থাপন কৰিব পাৰা নে ?

34ঢল পানীৰে তোমাক ঢাকিবৰ নিমিত্তে তুমি মেঘলৈকে তোমাৰ মাত নিয়াব পাৰা নে?

35তুমি বিজুলীবোৰক যা বুলি পঠাব পাৰা নে? সেইবোৰে জানো তোমাক ক’ব, যে, এইয়া আমি?

36ঘন মেঘক কোনে জ্ঞান দিলে? পপীয়া তৰা কোনে বুদ্ধি দিলে?

37কোনে মেঘ সমুহক গণনা কৰিব পাৰে ?

38যেতিয়া ধুলিবোৰ বৈ গৈ গোট খায়, আৰু চপৰাবোৰ টানকৈ লগ লাগে, সেই সময়ত কোনে আকাশৰ জলৰ মোটবোৰ বাকি দিয়ে?

39তুমি সিংহীনীৰ নিমিত্তে মৃগয়া কৰিবা নে?

40যেতিয়া ডেকা সিংহবোৰে নিজ নিজ চোঙত চোপ লৈ থাকে, আৰু আঁৰত খাপ দি থাকে তেতিয়া তুমি সেইবোৰৰ হেপাঁহ পলুৱাব পাৰা নে?

41যেতিয়া ঢোঁৰা কাউৰীৰ পোৱালি বোৰে ঈশ্বৰৰ গুৰিত চিঞঁৰে, আৰু আহাৰৰ অভাৱত ফুৰে তেতিয়া সেইবোৰৰ নিমিত্তে কোনো আহাৰ যোগায়?



 <<  Job 38 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran