Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Job 3 >> 

1পাছে ইয়োবে মুখ মেলি তেওঁৰ জন্ম-দিনক শাও দিলে।

2ইয়োবে মাত লগাই কলে,

3যি দিনা মোৰ জন্ম হৈছিল সেই দিন বিনষ্ট হওক, আৰু পুত্ৰ-সন্তান গৰ্ভত স্থিতি হল বুলি কোৱা ৰাতি বিনষ্ট হওক।

4সেই দিন অন্ধকাৰময় হওক; ঈশ্বৰে ওপৰৰ পৰা তললৈ দৃষ্টি নকৰক, আৰু দীপ্তি তাৰ ওপৰত প্ৰকাশিত নহওক

5অন্ধকাৰ আৰু মৃত্যুচ্ছায়াই তাক নিজৰ বুলি গ্ৰহণ কৰক; মেঘে তাক ঢাকি ধৰক; দিনক আন্ধাৰ কৰোতা সকলোৱে তাৰ ভয় জন্মাওক।

6সেই ৰাতিক ঘোৰ অন্ধকাৰে ধৰক। বছৰৰ দিনবোৰৰ মাজত সি আনন্দ নকৰক, আৰু মাহৰ লেখতো নপৰক।

7চোৱা, সেই ৰাতি সন্ধ্যা হওক, তাত কোনো আনন্দ-ধ্বনি নহওক।

8দিনক শাও দিওঁতাবোৰ তাক শাও দিয়ক; বাহুক উচটাবলৈ নিপুণ লোকবিলাকে তাক শাও দিয়ক।

9তাৰ প্ৰভাতৰ তৰাবোৰ আন্ধাৰময় হওক; সি দীপ্তিলৈ আশা কৰক, কিন্তু নাপাওক; আৰু অৰুণৰ পিৰঠি নাচাওক।

10কিয়নো সি মোৰ মাতৃৰ গৰ্ভৰ দুৱাৰ বন্ধ নকৰিলে, আৰু মোৰ চকুৰ পৰা ক্লেশ ঢাকি নথলে।

11মই কিয় গৰ্ভতে নমৰিলোঁ? উদৰৰ পৰা বাহিৰ হোৱামাত্ৰে মই কিয় প্ৰাণত্যাগ নকৰিলোঁ?

12কোলাই মোক কিয় ললে? আৰু মই পিয়াহ খাবলৈ স্তনে বা মোক কিয় গ্ৰহণ কৰিলে?

13কিয়নো সেয়ে নোহোৱা হলে, মই শুই শান্তি পালোহেঁতেন, সেয়ে নোহোৱা হলে, মই নিদ্ৰিত হলোহেঁতেন।

14তেতিয়া, যিবিলাকে নিজৰ নিমিত্তে ধ্বস-স্তান নিৰ্ম্মাণ কৰিছিল এনে ৰজাবিলাকৰ আৰু পৃথিৱীৰ মন্ত্ৰীবিলাকৰ লগত,

15বা যিবিলাকৰ সুন আছিল, আৰু যিবিলাকে নিজ নিজ ঘৰ ৰূপেৰে পৰিপুৰ্ণ কৰিছিল, এনে অধিপতিবিলাকৰ লগত থাকি মই বিশ্ৰাম পালোঁহেঁতেন,

16বা গুপ্ত গৰ্ভস্ৰাবৰ দৰে মই একো নহলোঁহেঁতেন, পোহৰ দেখিবলৈ নোপোৱা সন্তানৰ দৰে হলোঁহেঁতেন।

17সেই ঠাইত দুষ্টবোৰে আৰু উপদ্ৰৱ নকৰে; ভাগৰুৱাই তাত জিৰণি পায়।

18কাক বন্ধীয়াবিলাক একেলগে নিৰাপদে থাকে; তেওবিলাকে কাৰ্য্যাধ্যক্ষবিলাকৰ ডাবি-হুকি আৰু নুশুনে।

19তাত সৰু কি বৰ সকলো একে; আৰু বন্ধী তেওঁৰ গৰাকীৰ পৰা মুক্ত হয়।

20দুৰ্ভগীয়াক কিয় পোহৰ দিয়া যায়? মনত বিষাদ পোৱাবিলাকক কিয় জীয়াই থাকিবলৈ দিয়া হয়?

21তেওঁবিলাকে মৃত্যুলে অপেক্ষা কৰে, কিন্তু সেয়ে নাহে, আৰু গুপ্ত ধনতকৈয়ো তাক বৰকে বিচাৰে;

22তেওঁবিলাকে মৈদাম পাব পাৰিলে, আনন্দৰে উল্লাসিত হয়, আৰু হৰ্ষ কৰে।

23যাৰ পথ গুপ্ত থাকে, আৰু ঈশ্বৰে যাৰ চাৰিওফালে বেৰা দিলে, এনে মানুহক কিয় পোহৰ দিয়া যায়?

24কিয়নো মই খাবলৈ নৌ পাওঁতেই মোৰ হুমুনিয়াহ .আহে, আৰু মোৰ কেঁতনি পানীৰ ধাৰৰ দৰে ওলাই থাকে।

25কিয়নো মই যিহকে ভয় কৰোঁ, সেয়ে মোলৈ ঘটে, আৰু যিহলৈ আশঙ্কা কৰোঁ, সেয়ে মোলৈ আহে।

26মোৰ সুখ নাই, শান্তি নাই, বিশ্ৰামো নাই, কিন্তু দুখহে আহি থাকে।



 <<  Job 3 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran