Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Job 17 >> 

1মোৰ উশাহ বিকৃত হৈছে, মোৰ দিন ওৰ পৰিছে, মোলৈ মৈদাম যুগুত আছে।

2নিশ্চয়ে ঠাট্টা কৰোঁতাবোৰ মোৰ ওচৰত আছে, আৰু সিহঁতে দিয়া বিৰক্তিবোৰ মোৰ চকুৰ আগত আছে।

3বিনয় কৰোঁ, তুমি মোৰ নিৰ্দ্দোষীতা প্ৰকাশ কৰাৰ এটা চিন থোৱা; নিজৰ আগত নিজেই মোৰ জামিন হোৱা; আন কোনেও মোৰ জামিন হ’বলৈ স্বীকাৰ কৰিব?

4কিয়নো তুমি ইবিলাকৰ চিত্ত জ্ঞানৰ পৰা আঁৰ কৰিছা; এই হেতুকে তুমি ইবিলাকক মোক জয় কৰিবলৈ নিদিবা।

5যিকোনোৱে নিজ বন্ধুবিলাকক লুটদ্ৰব্য স্বৰূপে সমৰ্পণ কৰে, তাৰ সন্তানবিলাকৰ চকু অন্ধ হ’ব।

6তেওঁ মোক সোকবিলাকৰ আগত দৃষ্টান্ত কৰিলে; যাৰ মুখত লোকে থু পেলায়, মই তেনে মানুহ হ’লোঁ।

7মনৰ বেজাৰত মোৰ চকু নিস্তেজ হ’ল, আৰু মোৰ সকলো অঙ্গ-প্ৰত্যঙ্গ ছাঁৰ তুল্য হ’ল।

8ইয়াতে সৰল আচৰণ কৰোঁতা বিলাকে আচৰিত মানিব, আৰু অধৰ্ম্মীৰ বিৰুদ্ধে নিৰ্দ্দোষী জঁকি উঠিব।

9তথাপি ধাৰ্ম্মিকে নিজ পথত চলি থাকিব; যাৰ হাত শুচি, তাৰ বল ক্ৰমে ক্ৰমে বাঢ়ি থাকিব।

10কিন্তু আহাঁ,তোমালোক সকলোৱে পুনৰায় আৰাম্ভ কৰা; আৰু মই তোমালোকৰ মাজত কাকো জ্ঞানী নাপাম।

11মোৰ দিন কেইটা গ’ল, মোৰ অভিপ্ৰায় আপি মনৰ কামনাবোৰ অনৰ্থক হ’ল।

12সিহঁতে ৰাতিকে দিন কৰে, আন্ধাৰ পৰিলে পোহৰ ওচৰ চাপে বুলি কয়।

13যদি চিয়োলেই মোৰ ঘৰ হ’ব বুলি মই অপেক্ষা কৰিছোঁ, যদি আন্ধাৰত মোৰ শয্যা পাৰিছোঁ,

14যদি মই গাঁতক মোৰ পিতৃ, আৰু পোকক, তুমি মোৰ মাতৃ আৰু ভনী বুলি কৈছোঁ,

15তেনেহ’লে মোৰ আশা ক’ত? আৰু মোৰ আশাক নো কোনে দেখা পাব?

16ধূলিত জিৰণী পোৱামাত্ৰকেই, সেয়ে নামি চিয়োলৰ দুৱাৰ মুখ পামগৈ।



 <<  Job 17 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran