Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Job 13 >> 

1চোৱা, মোৰ চকুৱে এই সকলোকে দেখিলে, আৰু নিজ কাণেৰে শুনি তাক বুজিলোঁ।

2তোমালোকে যি জানা, ময়ো তাক জানো; মই তোমালোকত্কৈ নিকৃষ্ট নহওঁ।

3কিন্তু মই সৰ্ব্বশক্তিমান জনাকহে কথা কম, আৰু মই ঈশ্বৰৰ লগতহে বাদ-বিচাৰ কৰিব খুজিছোঁ।

4কেন্তু তোমালোক হলে মিছা কথা সাজোঁতা, আৰু তোমালোক সকলোৱেই অকামিলা বেজ।

5অস, তোমালোক একেবাৰে নিমাত হৈ থকা হলে, কেনে ভাল আছিল! সেয়ে তোমালোকৰ পক্ষে জ্ঞানৰ কাৰ্য্য বুলি গণিত হলহেঁতেন।

6এতিয়া মোৰ তিৰস্কাৰ শুনা, আৰু মোৰ মুখৰ অনুযোগ-বাক্যলৈ কাণ পাতা।

7তোমালোকে ঈশ্বৰৰ পক্ষ হৈ অন্যায়ৰ কথা কবা নে? আৰু তেওঁৰ পক্ষ হৈ প্ৰবঞ্চনা-বাক্য বুলিবা নে?

8তোমালোকে তেওঁৰেই পক্ষপাত কৰিবা নে? তোমালোকে ঈশ্বৰৰেই পক্ষ হৈ প্ৰতিবাদ কৰিবা নে?

9তেওঁ বিচাৰি বিচাৰি তোমালোকৰ তত্ত্ব উলিয়ালে তোমালোকৰ মঙ্গল হব নে? বা মানুহক ফাঁকি দিয়াৰ দৰে জানো তোমালোকে তেওঁক ফাঁকি দিব পাৰা?

10তোমালোকে যদি গুপুতে পক্ষপাতি কৰা, তেন্তে তেওঁ অৱশ্যে তোমালোকক দণ্ড দিব।

11তেওঁৰ প্ৰতাপে তোমালোকক ত্ৰাসযুক্ত নকৰিব নে? তেওঁৰ ভয়ানকতাত জানো তোমালোকে ভয় নকৰিবা?

12তোমালোকৰ সোঁৱৰণীয় বচনমালা ভস্মস্বৰূপ দৃষ্টান্ত মাথোন, তোমালোকৰ হেতুবাদ ধুলিৰ গড়স্বৰূপ।

13তোমালোকে মনে মনে থাকা, মোকেই কথা কবলৈ এৰি দিয়া; মোলৈ যি ঘটি, ঘটক।

14মই কিয় মোৰ মাংস দাঁতত লৈ থাকিম? মোৰ প্ৰাণ মোৰ হাততেই ৰাখিম।

15চোৱা, তেওঁ মোক বধ কৰিব, মই তেওঁলৈ অপেক্ষা কৰি থাকিম; তথাপি তেওঁৰ আগত মোৰ আচৰণৰ নিৰ্দ্দোষীতা প্ৰমাণ কৰিম।

16এয়েই মোৰ পৰিত্ৰাণৰ উপায়ো হব, যে, অধৰ্ম্মী লোক তেওঁৰ আগত থিয় হব নোৱাৰিব।

17মনোযোগ কৰি মোৰ কথা শুনা; মোৰ বাক্য তোমালোকৰ কণত সোমাওক।

18চোৱা, মোৰ গোচৰ মই ঠিক্ঠাক কৰি থৈছোঁ; মই যে নিৰ্দ্দোষী হওঁ, তাক মই জানো।

19মোৰ লগত প্ৰতিবাদ কৰিব পৰা কোন আছে? যদি আছি, তেন্তে মই নিমাত হৈ প্ৰাণত্যাগ কৰিম।

20তুমি কেৱল দুটা কাৰ্য্য মোলৈ নকৰিবা; তাতে মই তোমাৰ সম্মুখৰ পৰা নিজকে নুলুকুৱাম।

21মোৰ ওপৰৰ পৰা তোমাৰ হাত আঁতৰাই নিয়া, আৰু তোমাৰ ভয়ানকতাই মোক ভয় নলগাওক।

22তেতিয়া তুমি মোক মাতিবা, মই উত্তৰ দিম, বা মই কম, তুমি উত্তৰ দিবা।

23মোৰ অপৰাধ আৰু পাপ কিমান? মোৰ অধৰ্ম্ম আৰু পাপ মোক দনোৱা।

24তোমাৰ মুখ কায় লুকুৱাইছা, আৰু মোক তোমাৰ শত্ৰূ যেন মানিছা?

25উডুৱাই নিয়া পাতক তুমি জানো ত্ৰাসযোক্ত কৰিবা? আৰু শুকান ঘুলাক জানো খেদি যাবা?

26কিয়নো তুমি মোৰ বিৰুদ্ধে তিতা লগা কথা লিখি থৈছা, আৰু মোক যৌবন-কালৰ অপৰাধৰ ফল ভোগ কৰাইছা।

27যদিও মই ক্ষয়নীয় পচা বস্তুৰ নিচিনা, আৰু পোকে খোৱা বস্ত্ৰৰ সদৃশ,

28তথাপি তুমি মোৰ ভৰি কুন্দত বন্ধ কৰিছা, মোৰ সকলো পথ চিনি ৰাখিছা, আৰু মোৰ ভৰিৰ চাৰিওফালে সীমাৰ আঁক টানিছা।



 <<  Job 13 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran